লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, আৰম্ভ হ'ল নতুন টার্মিনেলৰ বাণিজ্যিক সেৱা

dainik janambhumi February 23, 2026

ডিজিটেল ডেস্ক: লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ (এল জি বি আই এ) নতুন টার্মিনেলটোত কালি সন্ধিয়াৰ পৰা বাণিজ্যিক কাম-কাজ আৰম্ভ হয়। ফলত বিমান বন্দৰটোৰ বাৰ্ষিক যাত্রী ধাৰণ ক্ষমতা ১৩.১ নিযুতলৈ বৃদ্ধি পায় আৰু দক্ষিণ তথা দক্ষিণ-পূব এছিয়াৰ বাবে ভাৰতৰ অত্যাধুনিক উত্তৰ-পূবৰ বিমান পৰিবহণৰ মুখ্য প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ স্থিতি আৰু অধিক সুদৃঢ় হৈ পৰিছে। 

পূর্ণ পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ পূৰ্বে, এই টার্মিনেলটো সম্পূৰ্ণৰূপে মুকলি কৰি নিদি পর্যায়ক্রমিক নিৰীক্ষণ আৰু বাস্তৱিক কাম-কাজ পৰিচালনাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সক্ৰিয় কৰি তোলা হৈছে। ইয়াৰ অংশস্বৰূপে চেক-ইন, বেগ হেগুলিং, নিৰাপত্তা আৰু এয়াৰক্ৰাফট টার্ন এৰাউণ্ড আদিৰ লাইভ ট্রায়েল কৰা হৈছে। 

উল্লেখযোগ্য যে যোৱা বছৰ ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টার্মিনেলটো উদ্বোধন কৰিছিল। কালি টার্মিনেলৰ বাণিজ্যিক কাৰ্যকলাপৰ আৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বিমান বন্দৰ পৰিচালনাকাৰী প্রতিষ্ঠান আদানী এয়াৰপ'ৰ্ট হ'ল্ডিংছ লিমিটেডৰ (এ এ এইচ এল) সঞ্চালক জিৎ আদানী উপস্থিত থাকে। প্রথমগৰাকী যাত্রীক আনুষ্ঠানিক ব'র্ডিং পাছ প্ৰদান আৰু মুম্বাইৰ পৰা অহা আকাশা এয়াৰৰ এখন বিমান নতুন টার্মিনেলটোত অৱতৰণ কৰাৰ জৰিয়তে এই অনুষ্ঠানটো শুভাৰম্ভ কৰা হয়। 


বিমান বন্দৰৰ এৰাইভেল ফ'ৰক'ৰ্টত পৰম্পৰাগত বন্তি প্রজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আন্তঃগাঁথনি সম্প্ৰসাৰণৰ সমান্তৰালকৈ অঞ্চলটোৰ সাংস্কৃতিক পৰিচয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অনুষ্ঠানত শিল্পী সমাজ, চাহ বাগানৰ শ্রমিক, ফ্রন্টলাইন কৰ্মচাৰী আৰু কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ (চি আই এছ এফ) জোৱানসকলে অংশগ্রহণ কৰে। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, যোৱা বছৰ এডভাল্টেজ আছাম ২.০ৰ সময়ত দিয়া ৫০,০০০ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্রুতি ৰক্ষা কৰাৰ বাবে মই গৌতম আদানীক কৃতজ্ঞতা জনাইছোঁ আৰু আমি তেওঁৰ ওচৰত কৃতজ্ঞ। মোৰ বিশ্বাস এই নতুন টার্মিনেলটোৱে সম্পূৰ্ণৰূপে কাম কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে অসমৰ পৰ্যটন উদ্যোগলৈ জোৱাৰ আনিব আৰু এয়া অসমৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব। এই নতুন বিমান বন্দৰ টার্মিনেলটো নিৰ্মাণৰ ক্ষেত্ৰত অসমৰ সংস্কৃতিক যিধৰণে সন্মান জনোৱা হৈছে, তাৰ বাবে এগৰাকী অসমীয়া হিচাপে আমি গৌৰৱান্বিত।' 

জিৎ আদানীয়ে কয়, 'এই সম্প্ৰসাৰণে অঞ্চলটোৰ ক্রমবর্ধমান চাহিদা আৰু দীর্ঘম্যাদী বিকাশৰ ধাৰা প্ৰতিফলিত কৰিছে। আজিৰ এই দিনটোৰ সাফল্য কেৱল এটা বাণিজ্যিক সাফল্য নহয়। এয়া অসম তথা উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে এক গৌৰৱৰ ক্ষণ। এই সাফল্য সেই অগণনজনৰ অদম্য পৰিশ্ৰম আৰু আৱেগিক নিষ্ঠাৰ এক যুটীয়া সাফল্য, যিয়ে এটা সপোনক বাস্তৱত পৰিণত কৰিছে। এই সাফল্য প্ৰধানমন্ত্ৰীৰ ভবিষ্যৎ-উপযোগী আন্তঃগাঁথনিৰ দৃষ্টিভংগী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অসমক উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক চালিকা শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পৰেই এক বাস্তৱ প্রতিফলন।' 

উল্লেখযোগ্য যে যোৱা এটা দশকত ধাৰাবাহিক যাতায়াত সম্প্ৰসাৰণৰ জৰিয়তে গুৱাহাটী ভাৰতৰ দ্রুততম গতিত বৃদ্ধি পোৱা নন-মেট্র' বিমান বন্দৰসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে। শেহতীয়া বছৰবোৰত যাত্ৰীৰ সংখ্যাই ৯ নিযুতৰ সীমা অতিক্ৰম কৰাৰ লগে লগে যাত্ৰীৰ পৰিমাণৰ দিশৰ পৰা এই বিমান বন্দৰটোৱে দেশৰ শীর্ষ ১০টাৰ পৰা ১২টা ব্যস্ততম বিমান বন্দৰৰ তালিকাত স্থান লাভ কৰিছে। ১৩.১ নিযুতলৈ বৃদ্ধি পোৱা এই ধাৰণ ক্ষমতাই নতুন বিমান পথ সংযোগ, বিমানৰ সঘন চলাচল আৰু আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে এক অতিৰিক্ত সুযোগ প্রদান কৰিছে। বর্তমান এই বিমান বন্দৰটোৱে বেংকক, পাৰো আৰু ছিংগাপুৰকে ধৰি ২১টা ঘৰুৱা গন্তব্যস্থান আৰু ৩টা আন্তঃৰাষ্ট্ৰীয় পথৰ সৈতে সংযোগ স্থাপন কৰিছে আৰু দৈনিক ১৩০টাতকৈও অধিক বিমানৰ উৰণ আৰু অৱতৰণ পৰিচালনা কৰি আছে। এই বিমান বন্দৰটোৰ অতিৰিক্ত ধাৰণ ক্ষমতাই উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ড আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰা এক আঞ্চলিক কেন্দ্র হিচাপে গুৱাহাটীৰ ভূমিকাক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। 

ছিষ্টেমৰ বৈধতা নিৰীক্ষণৰ অনুশীলনসমূহত বিমান প্রতিষ্ঠানসমূহৰ সৈতে যোগাযোগ, গ্রাউণ্ড হেগুলিং, জৰুৰীকালীন নিয়মাৱলী আৰু ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ অন্তৰ্ভূক্ত কৰা হৈছে। ডিজি য়াত্রা সমর্থিত প্ৰক্ৰিয়াকৰণ, একত্ৰিত পথ-নির্দেশক ব্যৱস্থা আৰু কেন্দ্ৰীভূত যোগাযোগ ব্যৱস্থা বর্তমান কার্যক্ষম হৈ উঠিছে। খুচুৰা দোকান আৰু খাদ্য সেৱাসমূহ পর্যায়ক্রমে মুকলি কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ভাৰতীয় স্থপতিবিদ নুৰু কৰিমে ডিজাইন কৰা এই টার্মিনেলটো ১৪০ মেট্রিকটনতকৈও অধিক বাঁহ ব্যৱহাৰ কৰা হৈছে। অসমৰ ভলুকা বাঁহৰ হস্তশিল্প আৰু অৰুণাচল প্ৰদেশৰ আপাতানি জনজাতিৰ বাঁহ-ভিত্তিক নির্মাণ পৰম্পৰাৰ স্থাপত্যশৈলীয়ে উত্তৰ-পূবৰ বিশাল সাংস্কৃতিক পৰিচয়ক প্রতিফলিত কৰিছে। আদানী এয়াৰপ'ৰ্ট হ'ল্ডিংছ লিমিটেডৰ (এ এ এইচ এল) সহযোগী প্রতিষ্ঠান গুৱাহাটী ইণ্টাৰনেশ্বনেল এয়াৰপ'ৰ্ট লিমিটেডে (জি আই এ এল) বিমান বন্দৰটোৰ কাৰ্যকলাপ পৰিচালনা কৰে। এ এ এইচ এলে তিৰুৱনন্তপুৰম, মুম্বাই, নবী মুম্বাই, লক্ষ্ণৌ, জয়পুৰ, আহমেদাবাদ আৰু বেংগালুৰু বিমান বন্দৰো পৰিচালনা কৰে।

Share This