১৮৯টালৈ বৃদ্ধি হ'ব বিধানসভাৰ সমষ্টি

dainik janambhumi April 05, 2026

ডিজিটেল ডেস্ক: আগন্তুক বিধানসভা নির্বাচন উপলক্ষে কালি নাজিৰা সমষ্টিৰ নামতি কৰুণাকান্ত গগৈ স্কুল খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্রার্থী ময়ূৰ বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কয় যে এইবাৰ নাজিৰা সমষ্টিৰ পৰা ময়ূৰ বৰগোহাঁই জয়ী হোৱাটো এশ শতাংশই নিশ্চিত। 

তেওঁ কয় যে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই কেৱল মুখ্যমন্ত্রীলৈ চিঠিহে লিখে। কেৱল চিঠি লিখিলেই উন্নয়ন নহয়। বিৰোধীৰ দখলত থকাৰ বাবেই নাজিৰা সমষ্টিটো বহু পিছ পৰি গ'ল। নাজিৰা সমষ্টিৰ ৰাইজে এইবাৰ সেই ভুল নকৰে মোৰ দৃঢ়বিশ্বাস। বিজেপিয়ে প্রস্তুত কৰা বিভিন্ন আঁচনিৰ কথা ব্যাখ্যা কৰি কয় যে বিজেপি বিধায়ক হ'লে তেওঁ নাজিৰা সমষ্টিৰ ৭০০ কিঃমিঃ পকীপথ নিৰ্মাণ কৰিব বুলি প্রতিশ্রুতি দিয়ে। পূৰ্বৰ আমগুৰি সমষ্টিৰ ৰাইজক অসন্তুষ্ট নহ'বৰ বাবে আহ্বান জনাই তেওঁ কয় যে ২০২৯ চনত অসমত ৬৩খন বিধানসভা আসন বৃদ্ধি হ'ব আৰু তেতিয়া আমগুৰি সমষ্টিটো পুনৰ ঘূৰি আহিব বুলি মন্তব্য কৰে। 

কালিৰ সভাতে মুখ্যমন্ত্রীয়ে আগন্তুক পূজা আৰু বিহুত মুঠ দুটা চিলিণ্ডাৰ বিনামূলীয়াকৈ দিয়াৰ প্রতিশ্রুতি প্ৰদান কৰাৰ লগতে নাজিৰাত ব্যৱসায় কৰিব বিচৰা নিবনুৱাসকলক ২ লাখকৈ দিয়াৰ কথা অৱগত কৰে। শিৱসাগৰ সমষ্টি সন্দৰ্ভত তেওঁ কয় যে অখিল গগৈ জিকিলে শিৱসাগৰ সমষ্টি উন্নয়নৰ যিমান সম্ভাৱনা আছে, একো উন্নয়ন নহ'ব। কাৰণ চৰকাৰে কিবা আঁচনি গ্রহণ কৰিলেও বিৰোধীয়ে চৰকাৰৰ বদনাম কৰে তেতিয়া আঁচনি দিয়াত অসুবিধা হয়। তাতকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী অথবা বিজেপি প্রার্থী জয়ী হ'লে ৰাইজৰ উন্নয়ন ত্বৰান্বিত হ'ব। 

কালিৰ সভাতে ঘোষণা কৰে যে আমগুৰি সমষ্টিৰ পৰা এটা কার্যালয়ো স্থানান্তৰ নহয় বৰঞ্চ নতুন কার্যালয় সংযোগহে কৰা হ'ব। কাৰণ আমগুৰি সমষ্টি ঘূৰি অহাটো নিশ্চিত আৰু ঘূৰি নহালৈকে ময়ূৰ বৰগোহাঁয়ে সকলো কাম কৰিব। নাজিৰা সমষ্টিৰ অন্তৰ্গত বন্ধ হৈ থকা চৰাইদেউ চাহ বাগিচা শীঘ্ৰে খোলাৰ ব্যৱস্থা কৰা হ'ব বুলিও কথা দিয়ে। দহ সহস্রাধিক দৰ্শকৰ সন্মুখত আগবঢ়াই তেওঁ কয় যে এইবাৰ চৰকাৰ গঠন হোৱাৰ পাছত নাজিৰা আৰু আমগুৰিত দুটা ক'চিং চেণ্টাৰ খুলি সকলো প্রতিযোগিতামূলক পৰীক্ষাৰ্থীক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ব। ধোদৰ আলি সন্দৰ্ভত কয় যে কাম চলি আছে কিন্তু লেহেমীয়া হৈছে। সোনকালে সম্পূর্ণ হ'ব। ভাষণত তেওঁ কয় যে কংগ্ৰেছ দলে এইবাৰ আঁঠুৱা, কম্বল আৰু লুঙিৰ লগতে পায়জামা বিতৰণ কৰিব। 

কালিৰ সভাত বিজেপি প্রার্থী ময়ূৰ বৰগোহাঁই, জিলা সভাপতি বিতোপন ৰায়দঙীয়া, প্রহ্লাদ গোৱালা, অগপৰ সভাপতি ঘন গগৈ, অংকিতা দত্ত আদি উপস্থিত আছিল।

Share This