শ্ৰমিকৰ শক্তি

Dainik Janambhumi September 09, 2024

ডিজিটেল ডেস্কঃ পৰিস্থিতিৰ আৰম্ভণি হৈছিল শিৱসাগৰত আৰু এতিয়া ই, বিশেষকৈ উজনি অসমৰ বাবে এক প্ৰত্যাহ্বানত পৰিণত হৈছে৷ শিৱসাগৰৰ ঘটনাটো আছিল এগৰাকী কিশোৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক মাৰোৱাৰী সম্প্ৰদায়ৰ কেইজনমান লোকে প্ৰহাৰ কৰা আৰু এয়াই ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহৰ দৰে পৰিস্থিতিলৈ ৰূপান্তৰিত হৈ বহিৰাগত বিৰোধী এক গণক্ষোভলৈ ৰূপান্তৰিত হৈছিল৷ সেই নিৰ্দিষ্ট ঘটনাটোৰ কেনেকৈ তামোল-পাণ আগবঢ়াই মাৰোৱাৰী সমাজে আঁঠু লৈ ক্ষমা বিচৰাৰ পাছত নিষ্পত্তি হৈছিল তাক দোহৰাৰ প্ৰয়োজন নাই; কিন্তু এই ঘটনাটোৰ পৰাই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে নতুনকৈ যিটো ‘জাতীয় চেতনা’ৰ জন্ম হ’ল তাৰ উত্তাপ এতিয়াও অব্যাহত আছে আৰু সিয়েই কিছুমান নতুন নতুন প্ৰশ্নৰ জন্ম দিছে৷

ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ হৈছে যে অনুপ্ৰৱেশ-বিৰোধী এই জনচেতনাৰ উদ্‌গিৰণৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ বিভিন্ন স্থানত কাম কৰি থকা পূৰ্ববংগীয় বা পূব পাকিস্তানী বা বাংলাদেশীমূলৰ শ্ৰমিকসকলে জাকে জাকে সেই ঠাই এৰি মধ্য আৰু নামনি অসমৰ নিজৰ নিজৰ ঠাইলৈ গুচি গৈছে৷ শিৱসাগৰৰ গণক্ষোভৰ নেতৃত্ব দিয়া ৩০টা সংগঠনৰ নেতৃত্বই নহয়, বিভিন্ন পক্ষই হুংকাৰ দিছিল যে ‘এসপ্তাহ’ৰ ভিতৰত ‘পমুৱা বহিৰাগত’সকলে উজনি অসম ত্যাগ নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ তেতিয়াৰ পৰাই সংঘাতৰ যি পৰিৱেশ ৰচনা হৈছিল তাৰ পৰিপ্ৰেক্ষিতৰ উজনি অসমৰ বিভিন্ন স্থানত কাম কৰি থকা অনুপ্ৰৱেশকাৰীমূলৰ লোকসকলৰ উজনি অসম এৰাৰ গত্যন্তৰ নোহোৱা হৈ পৰিছিল এইবাবেই যে উজনি অসমৰ সেই গণক্ষোভ যুক্তিসংগত বুলি খোদ ৰাজ্য চৰকাৰখনেই মান্যতা প্ৰদান কৰিছিল আৰু ৰাজ্যৰ অন্য অংশৰ লোককো তেনেকুৱা পথ গ্ৰহণ কৰিবলৈ আহ্বানহে জনাইছিল৷

তেনে এক অৱস্থাত প্ৰব্ৰজিতমূলৰ শ্ৰমিকসকলে সংঘাতত লিপ্ত হৈ উজনি অসমত থকাটো সম্ভৱ নাছিল৷ সেইবাবেই তেওঁলোকে জাকে জাকে এৰিছিল উজনি অসম৷ এনে পৰিস্থিতিক লৈ নামনি আৰু মধ্য অসমত কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাৰ পুনৰুল্লেখৰ প্ৰয়োজন নাই৷ মধ্য অসমৰ একাংশ মাছ ব্যৱসায়ীয়ে উজনিলৈ মাছৰ যোগান বন্ধৰ হুংকাৰ দিছিল৷ দুজনমান মুছলমান বিধায়কে ‘মিঞা খেদা’ আন্দোলনৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছিল৷ এজন মুছলমান বিধায়কে মিঞাসকলক উজনি অসম ত্যাগ কৰিবলৈ আহ্বান জনাই কৈছিল– অন্য ঠাইত কাম কৰক, দক্ষিণ ভাৰতলৈ যাওক, শ্ৰমৰ মূল্য সকলোতে পাব৷ এনেধৰণৰ সকলোবোৰ বিষয় মিলি প্ৰব্ৰজিতমূলৰ লোকসকলৰ উজনি অসম এৰি বিকল্প স্থানৰ সন্ধান কৰাৰ বিকল্প নোহোৱা হৈ পৰে৷ এইখিনিলৈকে ঘটনাপ্ৰৱাহ উজনিৰ গণক্ষোভৰ সমৰ্থকসকলৰ বাবে হয়তো প্ৰত্যাশিত আছিল, কিন্তু তাৰ পাছত উজনিৰ ঠায়ে ঠায়ে বৰ্তমান যি পৰিৱেশ বিৰাজ কৰাৰ খবৰ পোৱা গৈছে সেয়াহে উজনি অসমবাসীৰ বাবে নতুন এক প্ৰত্যাহ্বানৰ বিষয়৷

বিভিন্ন মাধ্যমত প্ৰকাশিত বাতৰি মতে, প্ৰব্ৰজিতমূলৰ শ্ৰমিকৰ অভাৱত উজনিৰ বহু ইটাভাতী বন্ধ হৈ পৰিছে, নুমলীগড় শোধনাগাৰৰ ঠিকাদাৰৰ কিছুমান কাম স্থবিৰ হৈ পৰিছে, যোৰহাট-মাজুলী সংযোগী বহুচৰ্চিত দলংখনৰ কাম বন্ধ হৈ গৈছে, ইত্যাদি ইত্যাদি৷ এনেকুৱা ক্ষুদ্ৰ উদ্যোগ বা অন্যান্য নিৰ্মাণক্ষেত্ৰত কাম স্তব্ধ হোৱাটো অৱধাৰিত এইবাবেই যে নামনি-মধ্য অসমৰ প্ৰব্ৰজিতমূলৰ লোকসকলে উজনিৰ কৰ্মক্ষেত্ৰৰ বহুবোৰ কামেই নিজৰ নিয়ন্ত্ৰণলৈ নিবলৈ সক্ষম হৈছিল৷ ৩০-৪০ বছৰৰ আগতে উজনিত সেই পৰিৱেশ নাছিল৷ ৰাজপথ নিৰ্মাণ অথবা পকীকৰণৰ কামৰ শ্ৰমিকসকল প্ৰব্ৰজিতমূলৰ নাছিল, খেতিপথাৰৰ ৰোৱনী-দাৱনি প্ৰব্ৰজিতমূলৰ নাছিল, কেঁচা-পকা ঘৰ সজা মিস্ত্ৰি-যোগালি প্ৰব্ৰজিতমূলৰ নাছিল৷

আনহাতে ইটাভাতী, মাটি কটা, চুলি কটা, মুচিয়াৰৰ কাম কৰা মানুহবোৰ আছিল বিহাৰৰ৷ আলফাই অনা-অসমীয়াৰ বিৰুদ্ধে চলোৱা কেইবাটাও ভয়াৱহ আক্ৰমণৰ পাছত সেই বিহাৰী শ্ৰমিক প্ৰায়সকল গুচি গ’ল৷ সেই ঠাইবোৰ দখল কৰিলে অনুপ্ৰৱেশকাৰীমূলৰ লোকসকলে৷ আনহাতে খিলঞ্জীয়াৰ নিয়ন্ত্ৰণত থকা কামবোৰো লাহে লাহে এই লোকসকলৰ নিয়ন্ত্ৰণলৈ যাবলৈ লৈছে৷ সুযোগ পালে চাহ বাগিচাৰ পাত তোলা কামটোও তেওঁলোকে দখল কৰিব খোজে৷ এতিয়া নামনি-মধ্য অসমৰ এই লোকসকলে উজনি অসম এৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত উজনিত শ্ৰমিকৰ শূন্যতাৰ যি পৰিৱেশ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে, সি দিন যোৱাৰ লগে লগে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰাৰ আশংকা আছে৷

আগতেও বহুবাৰ এই স্তম্ভতে প্ৰশ্ন তোলা হৈছে যে প্ৰব্ৰজিত লোক নোহোৱাৰ ফলত উজনিত শ্ৰমিক শক্তিৰ শূন্যতাৰ যি পৰিৱেশ সৃষ্টি হ’ব বা ইতিমধ্যে হ’বলৈ আৰম্ভ কৰিছে, সেয়া কেনেদৰে পূৰণ কৰা হ’ব? পথ এটাই আছে, সেয়া হৈছে খিলঞ্জীয়া সকলো জাতি-জনগোষ্ঠীৰ লোকসকল পুনৰ নিজৰ নিজৰ কৰ্মক্ষেত্ৰবোৰলৈ ওলাই আহিব লাগিব৷ চাহ বাগিচাত পূৰ্ণকালীন কাম নকৰা শ্ৰমিকসকল আগতে ৰাস্তা নিৰ্মাণকে ধৰি বিভিন্ন কামত জড়িত হৈছিল৷ বাগিচাবোৰৰ অৱস্থা ভাল নহয়৷ সেই শ্ৰমিকসকলক এইবোৰ ক্ষেত্ৰত পুনৰ ব্যৱহাৰৰ চিন্তা কৰিব লাগিব আৰু সেই অনুসৰি ফলপ্ৰসূ আঁচনি প্ৰস্তুত কৰি উলিয়াব লাগিব৷ পূৰ্বতে এই স্তম্ভতে সেই ৩০টা সংগঠনৰ প্ৰতিও আহ্বান জনোৱা হৈছিল– ‘বহিৰাগত’ খেদাৰ হুংকাৰ দিলেই নহ’ব, সেই ‘বহিৰাগত’সকলে কৰা কামবোৰ কৰিব পৰা শ্ৰমিকৰ শক্তি এটাৰ সৃষ্টি কৰাৰ দায়িত্বলৈ তেওঁলোকে পিঠি দিলে নহ’ব৷ অন্যথা উজনি অসমবাসী পুনৰ সেইসকলৰে শৰণাপন্ন হ’ব লাগিব৷

Share This