ডিজিটেল ডেস্ক: অসম বিধানসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যতিক্ৰমী প্রচাৰেৰে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈছে ৰাজ্যিক বিজেপি।
জনসভাসমূহত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে দলীয় কার্যকর্তা আৰু সমগ্ৰ অসমৰ জনসাধাৰণৰ সৈতেও মত বিনিময় কৰাৰ উদ্দেশ্যে অহা ৩০ মাৰ্চত দুপৰীয়া ১ বজাত ভার্চুৱেলী সংযুক্ত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। সেই উদ্দেশ্যে দলীয় কাৰ্যকৰ্তা আৰু ৰাজ্যৰ জনসাধাৰণক 'নমো এপ' ডাউনলোড কৰাৰ লগতে পঞ্জীয়ন কৰিবলৈ ৰাজ্যিক বিজেপিয়ে আহ্বান জনাইছে।
'নমো এপ'টো ডাউনলোড কৰিবলৈ ১৮০০২০৯০৯২০ নম্বৰটোত মিছ কল দিব পাৰিব। নমো (Namo App) এপ ডাউনলোড কৰি পঞ্জীয়ন কৰাসকলেহে প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ'ব পাৰিব।