ডিজিটেল ডেস্ক: নাগৰিকত্ব প্ৰমাণৰ বাবে এন আৰ চিৰ তথ্য, ভোটাৰ পৰিচয়-পত্র, বিদ্যালয়ৰ প্ৰমাণ-পত্র, পেনকার্ড আদিকে ধৰি মুঠ ১৫খন নথি দাখিল কৰাৰ পাছতো ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে অসমৰ এজন লোকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত ব্যক্তিগৰাকীক বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰি দিয়া ৰায় বাহাল ৰাখি স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব প্ৰমাণৰ বাবে সঠিক বংশবৃক্ষ দাখিল কৰাটো অতি জৰুৰী।
ন্যায়ালয়ৰ স্পষ্ট মন্তব্য, 'কেৱল অধিক সংখ্যক নথি দাখিল কৰিলেই নাগৰিকত্ব প্রমাণ নহয়, নথিসমূহে আবেদনকাৰী আৰু তেওঁৰ পূৰ্বপুৰুষৰ সঠিক তথ্য তথা আইনগতভাৱে গ্রহণযোগ্য সম্পর্ক স্পষ্টভাৱে প্রতিষ্ঠা কৰিব লাগিব। উল্লেখযোগ্য যে ন্যায়াধীশ কল্যাণ ৰায় সুৰাণা আৰু ন্যায়াধীশ ছামিমা জাহানৰ খণ্ডপীঠে ৩০ জুনত দিয়া ৰায়দানত দিয়া এই ৰায়ত বিদেশী আইন, ১৯৪৬-ৰ ৯নং ধাৰাৰ উল্লেখ কৰি কয় যে বিদেশী ন্যায়াধিকৰণত নাগৰিকত্ব প্ৰমাণ কৰাৰ সম্পূৰ্ণ দায়িত্ব সংশ্লিষ্ট ব্যক্তিৰ ওপৰত থাকে। সেই অনুসৰি আৱেদনকাৰী আমিনুল হকে তেওঁৰ দাবীৰ সমৰ্থনত ১৯৫১ চনৰ এন আৰ চিৰ উদ্ধৃতি, বিভিন্ন সময়ৰ ভোটাৰ তালিকা, বিদ্যালয়ৰ প্ৰমাণ-পত্র, পেনকার্ড আদি মিলাই ১৫খন নথি দাখিল কৰাৰ লগতে তেওঁৰ পিতৃক সাক্ষী হিচাপে হাজিৰ কৰাইছিল। কিন্তু আদালতে লক্ষ্য কৰে যে নথিসমূহে আৱেদনকাৰী আৰু পুৰুষানুক্ৰম ব্যক্তিৰ মাজৰ সম্পৰ্ক ধাৰাবাহিকভাৱে প্রতিষ্ঠা কৰিব পৰা নাছিল। আদালতে স্পষ্ট কৰি কয় যে নাগৰিকত্বৰ দাবী কেৱল মৌখিক সাক্ষ্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব নোৱাৰে। আৱেদনকাৰীৰ পিতৃয়ে দিয়া সাক্ষ্যও নথি-পত্ৰৰ সৈতে প্রমাণিত হোৱা নাছিল। আদালতে লগতে উল্লেখ কৰে যে আৱেদনকাৰীৰ পেনকার্ডত জন্মবর্ষ ১৯৮৮ বুলি উল্লেখ থাকিলেও সেই তথ্য তেওঁৰ পিতৃয়ে নিশ্চিত কৰিব নোৱাৰিলে।
আনহাতে, জেৰা চলোৱাৰ সময়ত আৱেদনকাৰীৰ পিতৃ ২০১৫ চনৰ ভোটাৰ তালিকাত থকা একে নামৰ ব্যক্তিজন নহয় বুলিও ধৰা পৰে যদিও ১৯৭০ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম আছিল। আনহাতে, উচ্চ ন্যায়ালয়ে ৰায়টোত কয় যে কম্পিউটাৰ প্রিন্ট কৰা এন আৰ চি শ্লিপ বৈধ প্রমাণ হিচাপে গ্রহণযোগ্য হ'বলৈ ১৮৭২ চনৰ ভাৰতীয় সাক্ষ্য আইন (Indian Evidence Act)-ৰ ৬৫ বি ধাৰা অনুসৰি প্ৰয়োজনীয় প্রমাণ-পত্র (Cer-tificate) দাখিল কৰাটো বাধ্যতামূলক। এই ধাৰা অনুসৰি প্ৰমাণ-পত্র নথকা অৱস্থাত এনে নথিয়ে নাগৰিকত্ব প্রমাণ কৰিব নোৱাৰে। আদালতে আৰু স্পষ্ট কৰে যে পেনকার্ড বা ভোটাৰ পৰিচয়-পত্ৰ পৰিচয় বা অন্য প্রশাসনিক উদ্দেশ্যৰ নথি হ'ব পাৰে যদিও এইসমূহ নাগৰিকত্বৰ স্বতন্ত্র আইনী প্রমাণ-পত্র নহয়। উচ্চন্যায়ালয়ে নাগৰিকত্ব প্ৰমাণৰ ক্ষেত্ৰত সঠিক বংশবৃক্ষ (Fam-ily Tree) আৰু পূৰ্বপুৰুষৰ সৈতে আইনগত সম্পৰ্ক প্ৰমাণ কৰিব পৰা বিশ্বাসযোগ্য নথি দাখিলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। যদি বংশবৃক্ষত কোনো বিচ্ছিন্নতা বা অসামঞ্জস্য থাকে, তেন্তে সেই অসামঞ্জস্যৰো সন্তোষজনক আৰু নিৰ্ভৰযোগ্য ব্যাখ্যা তথা প্রমাণ আদালতৰ সন্মুখত দাখিল কৰিব লাগিব বুলি উল্লেখ কৰে। এই সকলো দিশ বিবেচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে মন্তব্য কৰে যে বিদেশী ন্যায়াধিকৰণৰ ৰায়ত কোনো ভুল নাই।
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত কামৰূপ জিলাৰ বিদেশী ন্যায়াধিকৰণে হকক বিদেশী বুলি ঘোষণা কৰাৰ পৰাই উচ্চ ন্যায়ালয়ত এই গোচৰ আৰম্ভহৈছিল। মন কৰিব লগীয়া যে ভাৰতীয় পাছপ'ৰ্ট ৰখাটো নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি বৈদেশিক পৰিক্ৰমা ম্যালয়ে স্পষ্ট কৰাৰ পাছত নাগৰিকত্ব সম্পৰ্কীয় প্রশ্নসমূহ পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰাৰ সময়তে উচ্চ ন্যায়ালয়ে দিয়া এই ৰায়ক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে উচ্চ ন্যায়ালয়ৰ এই ৰায়ে পুনৰ এবাৰ স্পষ্ট কৰিলে যে নাগৰিকত্ব-সংক্রান্ত গোচৰত নথিৰ সংখ্যা নহয়, বৰং নথিৰ বিশ্বাসযোগ্যতা, ধাৰাবাহিকতা আৰু আইনগত গ্রহণযোগ্যতাই হৈছে চূড়ান্ত।