ডিজিটেল ডেস্ক : অসমৰ মনোৰঞ্জন জগতখনক সামৰি এক বৃহৎ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰখনে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমীয়া চলচ্চিত্র, লোকসংগীত, তথ্যচিত্র, সাহিত্য আৰু অন্যান্য সাংস্কৃতিক সমলসমূহৰ বাবে এটা সুকীয়া অ' টি টি প্লেটফৰ্ম নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে।
কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয়, 'আপোনালোকৰ মাজলৈ শীঘ্রেই আহিব অসমৰ নিজা অ' টি টি প্লেটফর্ম। অসম বাজেটৰ জৰিয়তে এইবেলি আগবঢ়োৱা হ'ল এটি বিশেষ প্রস্তাৱ। এই প্রস্তাৱে অসমীয়া চিনেমা, লোকসংগীত, তথ্যচিত্র, সাহিত্য, নাট্য আৰু আমাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক উপস্থাপন কৰি গঢ়ি তুলিব এক সমর্পিত অ' টি টি প্লেটফর্ম। এতিয়াৰে পৰা অসমৰ লগতে বিশ্ব প্রেক্ষাপটত নিজৰ মাটিৰ কাহিনী, নিজৰ ভাষাৰ সৃষ্টিশীলতা আৰু অসমৰ সংস্কৃতি উপভোগ কৰাৰ বাবে মুকলি হ'ব এক নতুন ডিজিটেল দুৱাৰ।'
উল্লেখযোগ্য যে অসম চৰকাৰৰ উদ্যোগত আৰম্ভ হ'ব লগীয়া এই নতুন অসমীয়াকেন্দ্রিক অ' টি টি প্লেটফর্মে ৰাজ্যৰ সাংস্কৃতিক জগতখনক অধিক টনকিয়াল কৰি তুলিব বুলি সকলোৱে আশা প্রকাশ কৰিছে।