বৰষুণৰ মাজতে মুখ্যমন্ত্ৰীৰ জন আশীর্বাদ যাত্রা, জনসমুদ্ৰত পৰিণত ৰাজপথ

dainik janambhumi March 24, 2026

ডিজিটেল ডেস্ক: বৰষুণৰ মাজতো পাৰভঙা জনতাৰ স্রোতে কালি গুৱাহাটীৰ ৰাজপথত সৃষ্টি কৰিলে এক অনন্য পৰিৱেশৰ। জালুকবাৰীৰ পৰা গোটানগৰলৈকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত 'জন আশীর্বাদ যাত্রা' একপ্ৰকাৰ জনসমুদ্ৰলৈ পৰিণত হ'ল। 

মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহি বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনিৰে চৌদিশ মুখৰিত কৰি তোলে। এখন খোলা গাড়ীত উঠি সমদলত অংশ লোৱা মুখ্যমন্ত্ৰীগৰাকীক জাতি-ধর্ম নির্বিশেষে সকলো স্তৰৰ জনসাধাৰণে শুভাশিস প্রদান কৰে। জালুকবাৰী বিধানসভা সমষ্টিৰ অটল উদ্যানৰ পৰা আৰম্ভ কৰা এই 'জন আশীর্বাদ যাত্রা'ত অংশ লোৱা ৰাইজে তেওঁক শৰাই, গামোচা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে। 

আদাবাৰী তিনিআলি, পাণ্ডু বন্দৰ পথ, পাণ্ডু বৰবজাৰ, মালিগাঁও চাৰিআলি, ৰে'লৱে হস্পিটেল হৈ গোটানগৰ বাসন্তী পূজা মণ্ডপলৈ নিশা পর্যন্ত চলা জন আশীর্বাদ যাত্রাত পথৰ দুয়োকাষে সমবেত অগণন জনতাই বৰষুণকো নেওচি মুখ্যমন্ত্ৰীক আদৰণি জনাবলৈ অপেক্ষা কৰি থকা পৰিলক্ষিত হয়। ক'বলৈ গ'লে শিশুৰ পৰা বৃদ্ধলৈ স্বতঃস্ফূর্তভাৱে ওলাই অহা পাৰভঙা জনতাৰ উপস্থিতিয়ে কালি জালুকবাৰী সমষ্টিত এক নজিৰ সৃষ্টি কৰে। ৰাইজৰ এনে অভূতপূর্ব আগমনত উৎফুল্লিত হৈ ড° শর্মাই কয়- 'জনতাৰ স্বতঃস্ফূর্ত অংশগ্রহণে নামানে বৰষুণ কিম্বা প্রতিকূল বতৰ। কৃতজ্ঞতা প্রকাশ কৰিবলৈও এই সময়ত শব্দৰ অভাৱ।' 

আনহাতে ফটকা, আটচবাজী ফুটোৱাৰ লগতে বৰষুণ অহাক লৈ তেওঁ কয়, 'শুভ মুহূর্তত দিয়া বৰষুণজাক পুষ্পবৃষ্টিৰ দৰে। বৰষুণৰ মাজতো আকাশত সেয়া আতচবাজী নহয় যেন, জালুকবাৰী ৰাইজৰ অত্যন্ত মৰমৰ ৰঙীন ধ্বজাহে।' 

উল্লেখযোগ্য যে অসমৰ সুৰক্ষা, বিকাশৰ প্ৰতিজ্ঞাৰে যোৱা ২৮ ফেব্ৰুৱাৰীত ঢেকীয়াজুলি সমষ্টিৰ পৰা আৰম্ভ হোৱা এই জন আশীর্বাদ যাত্রাই সফলতাৰে ইতিমধ্যে অসমৰ প্ৰায়বোৰ সমষ্টি সামৰি লোৱাৰ পিছত কালি জালুকবাৰী সমষ্টিতো ৰাইজৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়।

Share This