কাজিৰঙাৰ কথা আৰু ব্যথা

Dainik Janambhumi August 03, 2024

দৈনিক জনমভূমিঃ অসমৰ মধ্যযুগীয় সাহিত্য আৰু অষ্টাদশ-ঊনবিংশ শতিকাৰ সাহিত্য বা আন লেখাতো কাজিৰঙাৰ বিশেষ উল্লেখ নাই৷ বেজবৰুৱাৰ কৃপাবৰ বৰুৱাৰ উইলত অসমৰ সাতাম পুৰুষীয়া সামাজিক-সাংস্কৃতিক-প্ৰাকৃতিক আদি সম্পদৰ যি তালিকা দিয়া হৈছে তাতো অনুপস্থিত কাজিৰঙাৰ কথা৷ ইয়াৰ কাৰণ হ’ল কাজিৰঙা নামৰ অঞ্চলটো, ইয়াৰ হাবি-বননি আগৰে পৰাই থাকিলেও বনাঞ্চল আৰু বন্যপ্ৰাণীৰ বাবে বিশেষভাৱে সংৰক্ষিত অঞ্চল ৰূপে কাজিৰঙাৰ স্বীকৃতি আৰু প্ৰসিদ্ধিৰ ইতিহাস বৰ পুৰণি নহয়৷

মধ্যযুগৰ অসমত উজনি-নামনিৰ মাজত যোগাযোগ জলপথেৰে, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰেই হৈছিল৷ সামৰিক আৰু আন কাৰণত অৱশ্যে গাঁও অঞ্চলৰ মাজেৰে স্থলপথৰো ব্যৱহাৰ হৈছিল৷ কিন্তু আজিকালিৰ দৰে নিৰ্দিষ্ট আৰু নিৰ্ধাৰিত কোনো পথে কাজিৰঙাক চুই যোৱা নাছিল৷ একালত অসমৰ হাবি-বননি ভাঙি ব্ৰিটিছ বণিকে চাহ বাগিচা খুলিছিল৷ কাজিৰঙা অঞ্চলৰো অৰণ্য ধবংস কৰি ব্ৰিটিছ মালিকে চাহ বাগিচা খোলাৰ কাম চলাই আছিল৷ সেয়া ১৯০৫ চনৰ কথা৷ তেতিয়া ভাৰতৰ শাসনকৰ্তা বা বৰলাট আছিল লৰ্ড কাৰ্জন৷ লৰ্ড কাৰ্জনৰ পত্নীৰ কোনো পৰিচিত লোকেও সেই সময়ত চাহ খেতিৰ বাবে কাজিৰঙা অঞ্চলত হাবি ভাঙি মাটি উলিয়াইছিল৷ সেই অঞ্চললৈ অসম ভ্ৰমণত অহা লেডী কাৰ্জনো ফুৰিবলৈ গৈছিল৷ তাত গৈ তেওঁ যি দেখিলে সেই দৃশ্যই তেওঁৰ মনত অপাৰ বিস্ময় আৰু কৌতূহলৰ সৃষ্টি কৰিলে৷ বিভিন্ন প্ৰজাতিৰ হৰিণ, নানাবিধ চৰাই, বাঘ, হাতী আৰু সবাতোকৈ আ(ৰ্যৰ বস্তু এক খৰ্গযুক্ত গঁড়ক্ক সেই বনাঞ্চলৰ বাসিন্দা এই জীৱ- জন্তুবোৰ৷ লেডী কাৰ্জনৰ নাৰী মন উথলি উঠিল৷

তেওঁৰ প্ৰতাপী আৰু ক্ষমতাশালী স্বামী লৰ্ড কাৰ্জনক খাটনি ধৰিলে সেই বনাঞ্চলৰ আৰু ক্ষতি নকৰিবলৈ, জীৱ-জন্তুবোৰক ৰক্ষণাবেক্ষণ দিবলৈ৷ লৰ্ড কাৰ্জনে পত্নীৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰিলে৷ তেওঁ বণিকসকলক সেই অঞ্চলৰ বনাঞ্চল আৰু ধবংস নকৰিবলৈ নিৰ্দেশ দিলে৷ পাছত অৱশিষ্ট অঞ্চলক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হ’ল৷ এয়াই কাজিৰঙা বনাঞ্চল, বন্যপ্ৰাণী উদ্যান, ৰাষ্ট্ৰীয় উদ্যান আৰু আজিৰ বিশ্ব ঐতিহ্য কেন্দ্ৰ কাজিৰঙাৰ ইতিহাসৰ আৰম্ভণি৷ এফালে কাৰ্বি পাহাৰৰ নামনি, আনফালে ব্ৰহ্মপুত্ৰ নদীৰ সুবিস্তৃত উপত্যকা; এই এলেকাক সামৰি গঢ় লৈ উঠিছে আজিৰ কাজিৰঙা অঞ্চল৷

গোলাঘাট জিলাৰ পশ্চিম প্ৰান্ত, নগাঁও জিলাৰ পূব অংশ আৰু কাৰ্বি আংলং জিলাৰ উত্তৰৰ নামনিৰ অঞ্চললৈ কাজিৰঙা বিস্তৃত৷ পৰৱত¹ কালত কাজিৰঙাৰ পৰিচয় আৰু প্ৰসিদ্ধি বাঢ়ে৷ ইয়াৰ প্ৰকৃতি, গছ-গছনি, জীৱন-জন্তুৰ বাবে বিশ্বৰ প্ৰধান বনাঞ্চলৰ তালিকাৰ অন্তৰ্ভুক্ত হয়৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত আমাৰ দেশীয় চৰকাৰে কাজিৰঙাৰ এটা জৰীপ কৰি ইয়াৰ বিভিন্ন তথ্য-পাতি সংগ্ৰহ কৰাৰ লগতে এটা পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ ভাৰতীয় বন সেৱাৰ প্ৰথম অসমীয়া বিষয়া মহীচন্দ্ৰ মিৰিৰ নেতৃত্বত কাজিৰঙা অঞ্চলৰ বিভিন্ন দিশ সামৰি জৰীপ কৰা হয়৷ আচলতে কাজিৰঙাৰ প্ৰকৃত ছবিখন বিশ্ববাসীৰ আগত দাঙি ধৰাৰ ক্ষেত্ৰত মহীচন্দ্ৰ মিৰিৰ অৱদান একক আৰু অতুলনীয়৷ এই কাম কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰা বন বিষয়া মহী মিৰিৰ অকাল বিয়োগ হয়৷
ইয়াৰ পাছৰ ইতিহাস সম্পূৰ্ণ বেলেগ৷ ৰাষ্ট্ৰীয় ঘাইপথে কাজিৰঙা চুই যায়৷ গতিকে অহা-যোৱা সকলো লোকেই কাজিৰঙাৰ শোভা, জীৱ-জন্তু, প্ৰাকৃতিক পৰিৱেশৰ এটা ধাৰণা কৰিব পাৰে৷ কাজিৰঙাৰ আকৰ্ষণ বাঢ়ে৷ লাহে লাহে হোটেল, অতিথিশালা, দোকান-বজাৰ গঢ়ি উঠে৷ ইতিমধ্যে অসম আৰু বাহিৰৰো বিত্তৱান শ্ৰেণীয়ে কাজিৰঙাৰ মাটি ক্ৰয় কৰি ব্যৱসায়-বাণিজ্য আৰম্ভ কৰে৷ শেহতীয়াকৈ এনে ব্যৱসায়ে নতুন অভিলেখ সৃষ্টি কৰিছে৷ কাজিৰঙা আৰম্ভণি কালৰ যি এলেকা আছিল– পৰৱত¹ সময়ত তাৰ লগত পাশ্বৰ্ৱত¹ আন কিছু এলেকাও সংযোগ কৰা হৈছিল৷ তেনে এলেকাত বসবাস কৰা একাংশ লোকক উচ্ছেদো কৰা হৈছিল৷

এইবাৰ কিন্তু কাজিৰঙা এলেকাত ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে সুপ্ৰিতিষ্ঠিত একাংশ নেতাই হোটেল-লজ আদি পাতিবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াকৈ কাজিৰঙাত এটা বণিক গোষ্ঠীক এখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ অনুমতি দিয়া হৈছে বুলি বাতৰি ওলাইছে৷ কেৱল সিমানেই নহয় আৰু আন বহু সৰু-বৰ তেনে প্ৰকল্প কাজিৰঙাত পতাৰ তলে তলে পৰিকল্পনা চলিছে৷ উল্লেখযোগ্য যে কাজিৰঙা ‘মহানগৰ’ নহয়৷ ই এক সুবিশাল অৰণ্য অঞ্চল, য’ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে পৰিৱেশ সুৰক্ষাৰ প্ৰসংগই প্ৰাথমিক গুৰুত্ব পোৱাটো এটা পূৰ্বচৰ্ত৷ এই অৰণ্য অঞ্চলক ইউনেস্ক’ই বিশ্ব ঐতিহ্য কেন্দ্ৰৰ স্বীকৃতি দিছে৷ সেই স্বীকৃতি লাভ কৰিবলৈ হ’লে অৱধাৰিতভাৱে কেতবোৰ নিৰ্দিষ্ট  চৰ্ত পূৰণ কৰিব লাগিব৷ কিন্তু বৰ্তমানৰ অসম চৰকাৰে কাজিৰঙাক লৈ যেনেধৰণে কাৰ্য আঁচনি লৈছে, তাৰ দ্বাৰা বিশ্ব ঐতিহ্য কেন্দ্ৰৰ স্বীকৃতিৰ বাবে পূৰণ কৰিব লগা একাধিক চৰ্তই লংঘন কৰা হ’ব৷ এয়া অত্যন্ত দুঃচিন্তাৰ বিষয়৷ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ নিৰ্ণয় সম্পক¹য় পৰামৰ্শদাতা সংগঠন ICOMOত্ৰৰ তৰফৰ পৰা কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণ সম্পৰ্কীয় বিষয়ক কেন্দ্ৰ কৰি অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে, যাৰ যথাযথ উত্তৰ যোৱা জুন মাহতে অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগে দিব লগা আছিল৷

কাজিৰঙাৰ পৰা একাংশ লোকক ‘কাজিৰঙাৰ সুৰক্ষা’ৰ নামত উচ্ছেদ কৰা চৰকাৰে এতিয়া নিজেই কাজিৰঙাৰ চৰম ক্ষতি সাধন কৰিবলৈ গৈছে৷ কাজিৰঙাৰ নিকটৱত¹ চাহ বাগিচাৰ চাহ খেতি ধবংস কৰি সেই ভূমিত নিৰ্মাণকাৰ্য চলোৱাৰ বিৰোধিতা কৰিছে বিভিন্ন সংগঠনে৷ আনন্দৰ কথা যে সংখ্যাত কম হ’লেও দুই-এক নাগৰিক সংগঠনে কাজিৰঙা সম্পৰ্কত চৰকাৰৰ হঠকাৰী কাৰ্যৰ প্ৰতিবাদ কৰিছে৷ কাজিৰঙা অসমৰ গৰ্ব, অসমৰ পৰিচয়৷ কাজিৰঙাক লৈ অসমৰ ক্ষমতাশালীসকলে ৰাজনীতি নকৰাই ভাল৷ প্ৰকৃতি অতি সংবেদনশীল৷ কাজিৰঙাৰ প্ৰাকৃতিক স্বকীয়তাত হস্তক্ষেপ কৰিবলৈ কাৰো অধিকাৰ নাই৷ কোনো চৰকাৰ বা ব্যক্তি; লাগিলে যিমানেই শক্তিশালী নহওক প্ৰকৃতি-বিৰোধী, জনবিৰোধী কাৰ্যত লিপ্ত হ’লে প্ৰতিবাদ হ’বই৷

Share This