ডিজিটেল ডেস্ক : অসমীয়া জাতিৰ হৃদস্পন্দন তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে 'সংগীত-সুধাকৰ' অভিধা প্ৰদান কৰিব অসম সাহিত্য সভাই। কালি অসম সাহিত্য সভাৰ ভগৱতীপ্রসাদ বৰুৱা ভৱনৰ ড° মহেন্দ্ৰনাথ বৰা সোঁৱৰণী সভাকক্ষত আয়োজিত এখন সংবাদমেলত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে।
দেৱজিৎ বৰাই জানিবলৈ দিয়া মতে, অসম সাহিত্য সভাৰ পঞ্চৰত্ন-গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পূৰ্বতে কাৰ্যনিৰ্বাহক অধিৱেশন আৰু কৰ্ণধাৰ সমিতিৰ সভাই দিয়া অনুমোদনৰ ভিত্তিত অহা ৩০ জুলাইৰ বিয়লি ৪ বজাৰ পৰা অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হ'ব লগা এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত জুবিন গাৰ্গক মৰণোত্তৰভাৱে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে এই অভিধা প্রদান কৰিব। সভাৰ উপ- সভাপতি পদুম ৰাজখোৱা উপস্থিত থাকিবলগীয়া অভিধা প্রদান অনুষ্ঠানটোত জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ, সহধর্মিণী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী ড° পামী বৰঠাকুৰকে ধৰি পৰিয়ালৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। এই অভিধা প্রদান অনুষ্ঠানত জুবিন গাৰ্গৰ কেইবাগৰাকী ন-পুৰণি শিল্পী শিষ্যই সাংস্কৃতিক সন্ধিয়াত গীত-নৃত্য-নাটক আদি পৰিৱেশন কৰিব।
আনহাতে জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱিক অনুভৱ, অনুভূতিক লৈ এখন ৰাষ্ট্ৰীয় আলোচনা-সত্রও আয়োজন কৰা হ'ব। আলোচনা-সত্ৰত উত্তৰ-পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা মানসম্পন্ন গৱেষণা-পত্ৰসমূহ গ্রন্থাকাৰে প্ৰকাশ কৰা হ'ব। প্রথমাৱস্থাত জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী, হিন্দী, বঙালী আদি ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰা হ'ব।
উল্লেখযোগ্য যে যোৱা ৭ জুলাইত অসম সাহিত্য সভাৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নেতৃত্বত যোৱা এটা প্রতিনিধি দলে জুবিন গাৰ্গৰ জোনালীস্থিত ষ্টুডিঅ'ত পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগত এক আলোচনাত মিলিত হৈ জুবিন গাৰ্গক মৰণোত্তৰভাৱে এই অভিধা প্ৰদান কৰিব বুলি অৱগত কৰাত সভাৰ এই সিদ্ধান্তক পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনাইছে বুলিও সংবাদমেলত প্রধান সম্পাদক দেৱজিৎ বৰাই উল্লেখ কৰে।