টকা বিহু, হুঁচৰিৰে আৰম্ভ ঐতিহ্যমণ্ডিত ফাটবিহু, উদুলি-মুদুলি ম'হঘুলি চাপৰি

dainik janambhumi May 09, 2026

ডিজিটেল ডেস্ক: লুইত আৰু সোৱণশিৰিৰ মাজৰ ভূখণ্ডৰ হাবুং অঞ্চল অর্থাৎ তাহানিৰ ঢকুৱাখনাৰ ৰাইজে চাৰিকড়ীয়া নৈৰ পাৰৰ পানী ফাটত উলহ-মালহেৰে বিহু উদযাপন কৰিছিল। সেই বিহুৱেই ভিন্ন সময়ৰ বিৱৰ্তনৰ মাজেদি আহি আজিৰ ফাটবিহুৰ ৰূপ ল'লেহি। 'এই মন্তব্য ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ। 

জাতি, বর্ণ, ভাষা, ধৰ্মৰ পৰিধি অতিক্রমি ঢকুৱাখনাৰ সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰাণৰ উৎসৱ ৰূপে পৰিগণিত ঢকুৱাখনাৰ ম'হঘুলি চাপৰিৰ ফাটবিহুৰ কালি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰি শইকীয়াই আৰু কয়- 'আহোম ৰাজত্বৰ সময়ছোৱাত এই 'ফাটবিহু'খন হার্হি দেৱালয়ৰ সমীপত আয়োজিত হৈছিল; পৰৱৰ্তী সময়লৈ ক্রমে ঠাই সলনি কৰি কৰি বৰ্তমানৰ স্থায়ী ঠাই ম'হঘুলি চাপৰিত ১৯৯৬ চনৰ পৰা ধাৰাবাহিকভাৱে অতীজৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি পালন কৰি অহা হৈছে। 

উল্লেখযোগ্য যে কালিৰ পৰা তিনি দিনীয়াকৈ ঢকুৱাখনাত আৰম্ভ হৈছে ঐতিহাসিক ফাটবিহু। প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পাছতে স্মৃতি তর্পণ কৰে ফাটবিহু-২০২৬ উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈয়ে। দিনৰ ১২ বজাত ফাটবিহুৰ মূল তোৰণৰ পৰা বিহু দলবোৰক আদৰি অনা হয়। ইয়াৰ পাছতে ফাটবিহুৰ মঞ্চ উদ্বোধন কৰে ঢকুৱাখনাৰ প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। 

মহিলাসকলৰ টকা বিহু প্রতিযোগিতা উদ্বোধন কৰে তেজপুৰৰ জ্যেষ্ঠ কৃতী বিহুৱতী অৰূপা বৰুৱাই আৰু বিয়লিলৈ চেমনীয়া হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰে ফাটবিহুৰ শ্ৰেষ্ঠ বিহুৱা কলকাতাৰ জিতেন দত্তই। আনহাতে, আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা কপৌফুল আৰু গছপুলি ৰোপণৰ পাছত অনুষ্ঠিত হ'ব গামোচা প্রতিযোগিতা। প্রতিযোগিতা উদ্বোধন কৰিব আদর্শ শিপিনী মৌচুমী শইকীয়া মহন্তই। ১১-৩০ বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূর্তি উন্মোচন কৰিব জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জ্যোতিপ্রসাদ শইকীয়াই আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূর্তি উন্মোচন কৰিব জুবিন গাৰ্গৰ বন্ধু বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। 

ইফালে দুপৰীয়ালৈ ফাটবিহুৰ মূল মঞ্চত অনুষ্ঠিত হ'ব পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি থকা পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক ড° পবিত্ৰ কুমাৰ পেগুৱে। বিয়লি ১ বজাত ফাটবিহুৰ বছৰেকীয়া মুখপত্র 'বিহুৱান' উন্মোচন কৰা হ'ব। লেখক, সাংবাদিক ৰাজীৱ বৰুৱাৰ সম্পাদনাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিশেষ সংখ্যা ৰূপে প্রকাশিত 'বিহুৱান'ৰ পঞ্চত্রিংশ সংখ্যাটো উন্মোচন কৰিব বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে। 

তৃতীয় তথা অন্তিম দিনা পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্রা। সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব জনপ্রিয় কণ্ঠশিল্পী তথা অভিনেত্রী দীপলিনা ডেকাই। দুপৰীয়া ১২ বজাত ফাটবিহুৰ মুখ্য আকর্ষণ মুকলি বিহু প্রতিযোগিতা অনুষ্ঠিত হ'ব। শতাধিক বিহু দলে অংশগ্রহণ কৰিবলগীয়া মুকলি বিহু প্রতিযোগিতাখন উদ্বোধন কৰিব জ্যেষ্ঠ কৃতী বিহুৱা নিৰঞ্জন গগৈয়ে। বিয়লি ২ বজাৰ পৰা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুকলি সভাত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ড, লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে বিশিষ্ট অতিথি হিছাপে অংশগ্রহণ কৰিব। লোক-সংস্কৃতিৰ গৱেষক ড° পুষ্প গগৈ নির্দিষ্ট বক্তা ৰূপে 

উপস্থিত থাকিবলগীয়া মুকলি সভাখনত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচার্য ড° কন্দর্প দাস, অসম বিধানসভাৰ সচিব দুলাল পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে ধৰি আন কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব। এই একবিংশ শতিকাৰ চকু চাট মৰা জাকজমকতায়ো ম্লান কৰিব নোৱাৰা ঢকুৱাখনাবাসীৰ স্বাভিমান ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্যসূচীত ৰাজ্যবাসীৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰিবলৈ বিহুপ্রেমীক আহ্বান জনাইছে ফাটবিহু-২০২৬ উদযাপন সমিতিৰ সম্পাদক চন্দ্রজিৎ শইকীয়াই।

Share This