ন্যায়াধীশ শর্মিলা ভূঞাক দায়িত্ব দি ফাষ্টট্রেক আদালত গঠন, এবছৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য জুবিন গাৰ্গৰ হত্যা গোচৰৰ বিচাৰ

dainik janambhumi March 25, 2026

ডিজিটেল ডেস্ক: জুবিন গাৰ্গ হত্যা গোচৰক ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে অসম চৰকাৰে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এবছৰৰ ভিতৰত জুবিন হত্যা গোচৰ সমাপ্ত কৰাৰ লক্ষ্যৰে গোচৰৰ দৈনিক শুনানিৰ বাবে এখন একচেটিয়া ফাষ্টট্রেক সত্ৰ আদালত গঠন কৰা হ'ব। 

ফাষ্টট্রেক আদালতৰ কাৰ্য পৰিচালনাৰ বাবে এটা নতুন পদবীৰো সৃষ্টি কৰা হৈছে। জিলা আৰু সত্ৰ ন্যায়াধীশৰ পদমর্যাদাৰ supernumerary হিচাপে বাক্সাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ শর্মিলা ভূঞাক দায়িত্ব অর্পণ কৰা হৈছে। এবছৰৰ ভিতৰত গোচৰটোৰ শুনানি সম্পূৰ্ণ কৰিব লাগিব। প্রয়োজনত সম্প্ৰসাৰণ কৰা হ'ব বিচাৰপীঠৰ সময়সীমা। এই সন্দৰ্ভত অসম চৰকাৰৰ ন্যায়িক বিভাগৰ ন্যায়িক শাখাই জাৰি কৰা জাননীত উল্লেখ কৰা অনুসৰি ২৬ ফেব্ৰুৱাৰীত গৃহীত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত আৰু গৌহাটী উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ পৰা পোৱা পত্ৰ অনুসৰি অসমৰ ৰাজ্যপালে কামৰূপ মহানগৰ জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩-ৰ ধাৰা ৩৪৬ (১)ৰ অধীনত আৰু অন্যান্য প্ৰাসংগিক বিধান অনুসৰি চি আই ডি থানাৰ গোচৰ নং ১৮/২০২৫ৰ পৰা উদ্ভৱ হোৱা সত্ৰ ন্যায়াধীশৰ গোচৰ নং ২৫৬/২০২৫ (অসম চৰকাৰ বনাম শ্যামকানু মহন্ত আৰু আন ৬জন)ৰ দৈনিক বিচাৰৰ বাবে এখন একচেটিয়া ফাষ্টট্রেক সত্র আদালত গঠন কৰিবলৈ পাই সন্তুষ্ট হৈছে। এই আদালতখন বর্তমান বাক্সা জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশ পদত কৰ্মৰত শর্মিলা ভূঞাৰ সভাপতিত্বত চলিব। 

উক্ত গোচৰৰ কাৰ্যধাৰা আদালতৰ প্ৰথম বৈঠকৰ তাৰিখৰ পৰা এটা বছৰৰ ভিতৰত সমাপ্ত কৰাৰ বাবে প্রচেষ্টা গ্ৰহণ কৰিব। যদি প্রয়োজন হয় গৌহাটী উচ্চ ন্যায়ালয়ে ম্যাদ বৃদ্ধি কৰিব পাৰিব। আনহাতে, শর্মিলা ভূঞাক উক্ত ফাষ্টট্রেক সত্র আদালতখনত নিয়োগ কৰিবলৈ, বিত্ত (কৰ্মচাৰী পৰিদৰ্শন) বিভাগত প্ৰদান কৰা অনুমোদন অনুসৰি জিলা আৰু সত্ৰ ন্যায়াধীশ পদমর্যাদাৰ এটা supernumerary পদ সৃষ্টি কৰা হৈছে। এই পদটো বর্তমান পদাধিকাৰীৰ ব্যক্তিগত হ'ব আৰু ইয়াৰ কাৰ্যকাল ফাষ্টট্রেক সত্ৰ আদালতৰ কাৰ্যকালৰ সৈতে সমাপ্ত হ'ব। আনহাতে, বিষয়াগৰাকীয়ে নিজৰ বৰ্তমান পদত লাভ কৰি থকা বেতনমান অনুসৰিয়েই বেতন গ্রহণ কৰিব বুলিও জাননীত উল্লেখ কৰা হৈছে।

Share This