চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপণৰ অন্তৰালত থকা দুই কৃতবিদ্য অসমীয়া চয়ন দত্ত আৰু নিধি শৰ্মা

Jyoti Borah August 23, 2023

ডিজিটেল ডেস্কঃ আজি চন্দ্ৰপৃষ্ঠত সন্ধিয়া ৬বাজি ৪ মিনিটত চন্দ্ৰযান-৩য়ে পদাৰ্পণ কৰিব৷ইছৰ’ৰ বিজ্ঞানীসকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলাফলস্বৰূপে ভাৰতৰ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ স্বপ্ন সফল হোৱাৰ দিশত আগবাঢ়িছে৷কিন্তু এই সফলতাৰ বাটত ইছৰ’ৰ বৈজ্ঞানিক দলৰ লগত আগবাঢ়িছে দুই কৃতবিদ্য অসমীয়া৷


এই দুই কৃতি অসমীয়া ক্ৰমে লখিমপুৰৰ সন্তান চয়ন দত্ত আৰু তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা৷উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী সমাপন কৰাৰ পাছত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা সাং কৰে৷বৰ্তমান তেওঁ ইউ আৰ ৰাও ছেটেলাইট চেন্টাৰত বিজ্ঞানী হিচাপে কৰ্মৰত৷

ইপিনে নিধি শৰ্মাৰ পিতৃ গৃহ বৰাক উপত্যকাত যদিও তিনিচুকীয়াৰ দিবাকৰ দেবৰ লগত তেওঁৰ বিবাহ সম্পন্ন হৈছে৷নিধিৰ শহুৰেক দীপক দেব আৰু শাহুৱেক শিখা দেব৷উল্লেখ্য যে এই দুয়োজন অসমীয়া বিজ্ঞানী পূৰ্বতে চন্দ্ৰযান-২ৰ সৈতেও জড়িত আছিল৷
 

Share This