বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ

Nikimoni Kachari July 11, 2026

ডিজিটেল ডেস্ক : বৰপেটা জিলাৰ দক্ষিণপাৰৰ খোলাবান্ধা চৰৰ এজন যুৱক বহিঃৰাজ্যত সন্ধানহীন হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কৰ্মসূত্ৰে অন্ধ্ৰ প্ৰদেশত থকা নিছান আলী নামৰ যুৱকজন বিগত চাৰিদিন ধৰি নিৰুদ্দেশ হৈ আছে। বহু বিচাৰ-খোঁচাৰ কৰাৰ পিছতো বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই।

পুত্ৰৰ এই অন্তৰ্ধানৰ খবৰ পোৱাৰ পিছৰে পৰা মাতৃ তথা পৰিয়ালৰ লোক শোকত ভাঙি পৰিছে। উপায়হীন হৈ পৰিয়ালে ইতিমধ্যে এই সন্দৰ্ভত কাছুমাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

নিৰুদ্দিষ্ট নিছান আলীৰ সন্ধান উলিয়াবলৈ পৰিয়ালে ৰাইজৰ সহায়-প্ৰাৰ্থনা বিচাৰিছে। কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সম্ভেদ পালে তলত দিয়া মাধ্যমৰ জৰিয়তে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে :

যোগাযোগ নম্বৰ : 6900036379 (পৰিয়ালৰ লোক) অথবা ওচৰৰ আৰক্ষী থানা। সঠিক সন্ধান দিওঁতাক পৰিয়ালৰ তৰফৰ পৰা ২০ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

 

 

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This