হাল বাবলৈ যোৱা মেইটেই কৃষকক বাধা কুকি দলৰ

dainik janambhumi June 16, 2025

ডিজিটেল ডেস্ক : মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ লোকৰ মাজত সংঘাতৰ ঘটনা পুনৰ সংঘটিত হৈছে ৰাজ্যখনৰ ইম্ফল ইষ্ট আৰু কাংপকপী জিলাৰ মাজৰ এখন গাঁৱত।

মেইটেই সম্প্ৰদায়ৰ এজন লোকে পথাৰত হাল বাবলৈ যাওঁতে কুকি জনগোষ্ঠীৰ লোকে বাধা দিয়ে। দেওবাৰে পুৱা নিজৰ মাটিত ট্রেক্টৰেৰে হাল বাবলৈ যোৱাৰ সময়ত কুকি জনগোষ্ঠীৰ এদল লোকে তেওঁক বাধা দিয়ে বুলি মেইটেই কৃষকজনে নিৰাপত্তা বাহিনীক অৱগত কৰে। লেইটানপকপী গাঁৱত থকা নিজৰ মাটিডৰাত হাল বাবলৈ যোৱাৰ সময়ত মেইটেই কৃষকজনক বাধা দি কুকি দলটোৱে মাটিডৰা তেওঁলোকৰ বুলি দাবী কৰে।

দুই জনগোষ্ঠীৰ মাজত চলি থকা সংঘৰ্ষৰ বাবে মেইটেই লোকজন মাটিডৰালৈ যাব পৰা নাছিল। কিন্তু দেওবাৰে তেওঁ মাটিডৰাত হাল বাবলৈ যাওঁতেই বিবাদৰ সূত্রপাত হয়। ইয়াৰ পাছতে দুয়োপক্ষৰ মাজত শিলগুটি দলিওৱাৰ ঘটনা সংঘটিত হয়। ইয়াৰ পাছতে নিৰাপত্তা বাহিনী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Share This