ডিজিটেল ডেস্ক : দ্রুত গতিত বৃদ্ধি পোৱা অভাৱনীয় উৎপাদন ব্যয়ৰ লগতে জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ সমান্তৰালকৈ আনুষংগিক ভিন্ন সমস্যাৰ বাবে অসমৰ চাহ উদ্যোগে বিগত কিছু বছৰৰ পৰা অনেক প্রত্যাহ্বানৰ সন্মুখীন হৈ আহিছে।
চাহ উদ্যোগে এনে সমস্যাৰ সন্মুখীন হৈ অহাৰ সময়তে সম্প্রতি আমেৰিকা,ইজৰাইলৰ ইৰান আক্রমণ তথা মধ্য প্রাচ্যৰ ভিন্ন দেশত যুদ্ধৰ বিভীষিকাই সৃষ্টি কৰা বিধ্বস্ত পৰিৱেশে অসমৰ চাহ উদ্যোগলৈ আন এক গভীৰ সংকট নমাই আনিছে। ইতিমধ্যে দুসপ্তাহ অতিক্রম কৰা মধ্যপ্রাচ্যৰ যুদ্ধৰ বিভীষিকা কেনেদৰে সমাপ্তি হ'ব বা উত্তেজনা শাম কাটিব, এতিয়াও নিশ্চয়তা নোহোৱাত সমগ্র বিশ্ববাসীয়েই উৎকণ্ঠিত হৈ আছে।
ইৰানৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণ অব্যাহত থকাৰ ফলত সমগ্ৰ বিশ্বৰ ভিতৰতে অসমৰ চাহৰ অন্যতম প্রধান বজাৰ ইৰানৰ বিধ্বস্ত অর্থনীতিয়ে এতিয়া অসমৰ চাহ উদ্যোগলৈও গভীৰ সংকট নমাই আনিছে। খাৰুৱা তেলৰ বাবে মধ্য প্রাচ্যৰ দেশসমূহৰ ওপৰত নিৰ্ভৰশীল ভাৰতত ইতিমধ্যে ৰন্ধন গেছকে ধৰি ইন্ধনৰ নাটনিত দেশবাসীৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি হৈছে। আনকি ভাৰতৰপৰা মধ্য প্রাচ্যৰ দেশলৈ ৰপ্তানি কৰা ধান, ঔষধ, অভিযান্ত্রিক সামগ্ৰীৰ ক্ষেত্ৰতো জটিলতাই দেখা দিছে। এনে সংঘাতপূর্ণ পৰিস্থিতিৰ মাজতে অসম আৰু পশ্চিম বংগৰ পৰা মধ্যপ্রাচ্যৰ দেশসমূহলৈ প্ৰেৰণ কৰা চাহপাত কঢ়িয়াই নিয়া জাহাজ সাগৰত আবদ্ধ হৈ থাকিব লগীয়া পৰিস্থিতি উদ্ভৱ হোৱাত নতুন নতুন ভিন্ন সমস্যাই অসমৰ চাহ উদ্যোগলৈ আন কেতবোৰ দুৰ্যোগ কঢ়িয়াই আনিছে। এই প্রসংগতে অসম চাহ খেতিয়ক সন্থা চমুকৈ এ টি পি এৰ অধ্যক্ষ সমুদ্র প্ৰসাদ বৰুৱাৰ সৈতে 'দৈনিক জনমভূমি'ৰ তৰফৰ পৰা যোগাযোগ কৰাত তেওঁ জানিবলৈ দিয়ে যে বছৰি ২৮০ মিলিয়ন কিঃ গ্রাঃ চাহপাত অসমৰ পৰা ইৰানৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰা হয়। ইয়াৰ ভিতৰত প্ৰায় ৪০ শতাংশ অসমৰ চাহ ইৰান হৈ মধ্যপ্রাচ্যৰ দেশসমূহলৈ যায়। কিন্তু সাম্প্রতিক যুদ্ধৰ ফলত সংশ্লিষ্ট দেশসমূহলৈ প্ৰেৰণ কৰা চাহ হঠাতে বন্দৰ আৰু সাগৰত আবদ্ধ হৈ পৰাত জটিল সমস্যাই দেখা দিছে। এনে হোৱাৰ ফলত পৰিবহণ ব্যয় বৃদ্ধিৰ লগতে সামগ্ৰীৰ বীমাৰ ব্যয়ো যথেষ্ট বৃদ্ধিয়ে সামগ্রিকভাৱে অসমৰ চাহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে বুলিও এ টি পি এৰ অধ্যক্ষ বৰুৱাই জানিবলৈ দিয়ে।
প্রসংগক্রমে বৰুৱাই জানিবলৈ দিয়ে যে বিগত তিনি-চাৰি বছৰৰ ভিতৰত অৰ্থডক্স চাহৰ উৎপাদনো বৃদ্ধি হৈছে আৰু তেনেদৰে অৰ্থডক্স চাহৰ অন্যতম প্রধান বজাৰ ইৰানতো চাহিদা বাঢ়িছে। কিন্তু সাম্প্ৰতিক পৰিস্থিতিত অর্থডক্স আৰু চি টি চি চাহৰ বাবেও গভীৰ সংকট আহিছে বুলিও তেওঁ উল্লেখ কৰে। এই প্ৰসংগতে তেওঁ বিদেশত অর্থডক্স চাহৰ চাহিদা বৃদ্ধিৰ প্ৰতি গুৰুত্ব দি অসম চৰকাৰে অৰ্থডক্স চাহ উৎপাদনৰ ক্ষেত্ৰত আগবঢ়োৱা পূৰ্বৰ ১০শতাংশ ৰাজসাহায্য বৃদ্ধি কৰি ১৫ শতাংশ কৰাৰ কথা উল্লেখেৰে এই দিশত বহু চাহ উদ্যোগীক উৎসাহ দিয়াৰ কথাও উল্লেখ কৰে। আনকি অসমৰ বৃহৎ পৰিমাণৰ চাহ ডুবাইৰ যোগেদি ৰি-পেকিং হৈ ইউৰোপৰ বিভিন্ন দেশলৈও গৈ আছিল যদিও সাম্প্ৰতিক যুদ্ধৰ প্ৰভাৱে ডুবাইকো চুই যোৱাত এই বিষয়টোও অতিশয় উদ্বেগজনক হৈ পৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইফালে সাম্প্রতিক যুদ্ধই ইৰানৰ অৰ্থনীতি যি গতিত বিধ্বস্ত কৰি গৈছে, সেই পৰিস্থিতিলৈ চালে অনাগত কিমান দিনৰ পাছত অসমৰ চাহ পুনৰ ইৰানৰ লগতে মধ্যপ্রাচ্যৰ দেশলৈ পঠাবলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিব, সেয়াও অনিশ্চিত হৈ পৰিছে।
বৰ্তমানৰ যুদ্ধখন চাহৰ অফ ছিজনত হোৱাৰ বাবে অসমৰ চাহৰ বহু লোকচান হৈছে যদিও এনে অচলাৱস্থা দীর্ঘদিনলৈ অব্যাহত থাকিলে আহিব লগা চাহৰ নতুন ছিজনতো ইয়াৰ প্ৰভাৱ চাহ উদ্যোগৰ সৈতে জড়িত দিশবোৰৰ ওপৰত বহু দিনলৈ পৰিব বুলিও বৰুৱাই মন্তব্য কৰে। সাম্প্ৰতিক যুদ্ধৰ ফলত চাহ ৰপ্তানিৰ ক্ষেত্ৰত হোৱা লোকচানে কেৱল চাহ উদ্যোগকেই নহয়, অসমৰ দৰে অর্থনৈতিকভাৱে দুৰ্বল ৰাজ্যখনক আনুষংগিক ভিন্ন দিশত নেতিবাচক প্ৰভাৱ পেলাব।