বিশ্বক উদ্বিগ্ন কৰি খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি, যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়

dainik janambhumi July 09, 2026

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰান যুদ্ধক লৈ দিয়া এটা মন্তব্যই কালি ভাৰতৰ শ্বেয়াৰ বজাৰত ধুমুহাৰ সৃষ্টি কৰে। ইয়াৰ ফলত বিনিয়োগকাৰীৰ প্ৰায় ১০ লাখ কোটি টকা লোকচান হয়। 

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ সৈতে যুদ্ধ-বিৰতি অন্ত পৰা আৰু দেশখনৰ সৈতে শান্তি আলোচনা কৰাটো সময়ৰ অপচয় বুলি কৰা মন্তব্যৰ পাছতে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ মাজত হাহাকাৰ লগাৰ লগতে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দামো প্রায় ৬% বৃদ্ধি পায়। বম্বে ষ্টক এক্সছেঞ্জৰ সূচকাংক ছেনছেক্স কালি এটা সময়ত প্রায় ১৯০০ পইণ্ট অৱনমিত হয়। ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জতো একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে শ্বেয়াৰ বজাৰৰ লেনদেন বন্ধ হোৱাৰ সময়ত ছেনছেক্স ১৬৭৭.১২ পইন্ট অর্থাৎ ২.১৫% অৱনমিত হৈ ৭৬,৫০৩.৬০ পইন্ট হয়গৈ। 

আনহাতে ৰাষ্ট্ৰীয় ষ্টক এক্সছেঞ্জৰ সূচকাংক ৫১৬.৬৫ পইণ্ট অর্থাৎ ২.১২% অৱনমিত হৈ ২৩,৮৮২.০৫ পইন্ট হয়। কালি ছেনছেক্সৰ বৃহৎ হাৰত পতন ঘটাৰ ফলত বম্বে ষ্টক এক্সছেঞ্জৰ তালিকাভুক্ত কোম্পানীবোৰৰ বজাৰ মূলধন প্রায় ১০ লাখ কোটি টকা হ্রাস পাই ৪৭০ লাখ কোটি টকা হয়গৈ। ইণ্ডিগ'ৰ শ্বেয়াৰৰ মূল্য সর্বাধিক ৫.০৮% হ্রাস পায়। নিফটিৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ৪৬টাৰ মূল্য কালি হ্রাস পায়। কালি সর্বাধিক ৪৭,১৬০.৯ কোটি টকা লোকচানৰ সন্মুখীন হয় ৰিলায়েন্স ইণ্ডাষ্ট্ৰী। ইয়াৰ পাছতে এইচ ডি এফ চি বেংকৰ লোকচান হয় প্রায় ৩৪,৭৩৭ কোটি টকা।

Share This