শিক্ষকৰ বদলিক লৈ শিক্ষা বিভাগৰ হেতালি,এজনো নিয়মীয়া শিক্ষকে নাপালে বদলি
Dainik Janambhumi
August 02, 2024
শিক্ষকৰ বদলিক লৈ শিক্ষা বিভাগৰ হেতালি,এজনো নিয়মীয়া শিক্ষকে নাপালে বদলি
একক বদলি বিচৰা আৰু মেডিকেল ব’ৰ্ডৰ অনুমোদিত ২০ হাজাৰ আৱেদনো ফাইলতে আবদ্ধ
গৰমৰ বন্ধত বিষয়টো নিষ্পত্তি কৰিব বুলি কথা দিও কথা নাৰাখিলে শিক্ষা মন্ত্ৰীয়ে
ডিজিটেল ডেস্কঃ চৰকাৰী শিক্ষানুষ্ঠানৰ এমাহজোৰা গৰম বন্ধ শেষ হ’ল৷ একক বদলি বিচৰা আৰু চিকিৎসাজনিত কাৰণত মেডিকেল ব’ৰ্ডৰ অনুমোদন থকা প্ৰায় ২০ হাজাৰ শিক্ষকৰ আৱেদনৰ ফাইল পৰি ৰ’ল বিদ্যালয় শিক্ষা বিভাগৰ টেবুলত৷ বদলিৰ অপেক্ষাত থকাসকলৰ মাজত ১০ বছৰৰো অধিক কাল একেখন বিদ্যালয়তে কাম কৰা শিক্ষকো আছে৷
উল্লেখযোগ্য যে শিক্ষা বিভাগে বদলি বিচৰা শিক্ষকসকলক আৱেদন জনাবলৈ এটা পৰ্টেল মুকলি কৰিছিল৷ শিক্ষা মন্ত্ৰীয়ে গৰমৰ বন্ধৰ সময়ছোৱাত বদলিৰ বাবে পৰ্টেলত জনোৱা আৱেদনসমূহ নিষ্পত্তি কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ পৰ্টেলত আৱেদন জেনাৱাসকলৰ মাজৰ পৰা পাৰস্পৰিক বুজাবুজিৰে বদলি বিচৰা সামান্যসংখ্যক শিক্ষকৰ আৱেদন নিষ্পত্তি কৰা হ’ল যদিও আন প্ৰায় ২০ হাজাৰ বদলিৰ ফাইল পৰি ৰোৱাত হাহাকাৰ লাগিছে শিক্ষক আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত৷ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে গৰম বন্ধ, পূজা বন্ধ আদিতহে শিক্ষকৰ বদলিৰ আৱেদনসমূহ অনুমোদন জনায়৷ কিন্তু এইবাৰ গৰম বন্ধত প্ৰাথমিক শিক্ষা সঞ্চালকালয় , সমগ্ৰ শিক্ষা অভিযান আৰু মাধ্যমিক শিক্ষা বিভাগে কেইজনমান পাৰস্পৰিক বুজাবুজিৰে বদলিৰ আৱেদন জনোৱা শিক্ষকৰ বদলিত অনুমোদন জনোৱাৰ বাদে আন আৱেদনসমূহৰ কোনো কাৰ্যব্যৱস্থাই গ্ৰহণ নকৰিলে৷
শিক্ষকৰ বদলিৰ আইন মতে চাকৰিৰ ১০ বছৰ সম্পূৰ্ণ হোৱা বা চিকিৎসাজনিত কাৰণত আৱেদন জনোৱা আৰু গুৱাহাটী মেডিকেল কলেজে গঠন কৰা মেডিকেল ব’ৰ্ডৰ পৰা ভেৰিফিকেশ্যন হৈ অহা শিক্ষকসকলৰো একক বদলিৰ নিৰ্দেশ নোলাল৷ আনহাতে যোৱা ১৪ মাৰ্চত শিক্ষা বিভাগে মেডিকেল গ্ৰাউণ্ডত বদলি বিচৰা শিক্ষকৰ বাবে বিশেষ নিৰ্দেশনা প্ৰকাশ কৰিছিল যদিও গৰম বন্ধত প্ৰাথমিক শিক্ষা বিভাগ, সমগ্ৰ শিক্ষা অভিযান আৰু মাধ্যমিক শিক্ষা বিভাগে গুৰুতৰ ৰোগত আক্ৰান্ত শিক্ষকক একক বদলিৰ কোনো নিৰ্দেশ নিদিলে৷
Share This