শ্ৰীশ্ৰী ঘাৰমৰা ৰজাদিনীয়া সত্ৰত বহু আপুৰুগীয়া সমলৰ সমাহাৰ

dainik janambhumi July 03, 2026

ডিজিটেল ডেস্ক : লখিমপুৰৰ শ্ৰীশ্ৰী ঘাৰমৰা সত্ৰত আজিও সংৰক্ষিত হৈ আছে আহোম ৰজা আৰু চুতীয়া ৰজা দিনৰ বহু আপুৰুগীয়া সম্পদ। সত্ৰখনৰ সত্ৰাধিকাৰসকলে শ শ বছৰ ধৰি এই ঐতিহাসিক সম্পদসমূহ অতি সযতনে সংৰক্ষণ কৰি ৰাখিছে। 

১৬৩৬ খ্রীষ্টাব্দত স্থাপিত হোৱা এই সত্ৰখনত কেৱল আহোম ৰজা দিনৰে নহয় কেইবাজনো চুতীয়া ৰজা দিনৰ বহু আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰি ৰখা হৈছে। সম্প্ৰতি শ্ৰীশ্ৰী ঘাৰমৰা সত্ৰত চুতীয়া ৰজা দিনৰ প্ৰায় ১৮ কিল'গ্রাম ওজনৰ এটা জয়ঘণ্টা, এটা প্রকাণ্ড পিতলৰ বৰ দবাকে ধৰি আহোম ৰজা দিনৰ খাটোলা, দোলা, তামৰ খৰম, পিতলৰ বৃহৎ দৌল শৰাই, বেৰা কাঁহী, হাতীখুজীয়া বাটি, ১৪৪খন সাঁচিপাতৰ পুথি, পেৰা, চন্দুক, পহুৰ শিং, হাতী দাঁতৰ অস্ত্ৰ, ৰূপৰ বাটি, অষ্টধাতুৰ সঁফুৰা, আহোম ৰজাদিনীয়া কাঠৰ ঠগাকে ধৰি বহু মূল্যৱান সা-সম্পদ আছে। 

উল্লেখযোগ্য যে অসমৰ সত্ৰসমূহৰ ভিতৰত লখিমপুৰৰ ঘাৰমৰা সত্ৰৰ এক সুকীয়া ঐতিহ্য আৰু পৰিচয় আছে। শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ আন্দোলনৰ অন্যতম সৃষ্টি নামঘৰো এই ঘাৰমৰা সত্ৰত সংপৃক্ত হৈ আছে। অর্থাৎ প্রাচীন অসমৰ পুৰাতনীয়া সত্ৰ আৰু শংকৰদেৱৰ সৃষ্ট সত্ৰৰ এক অপূর্ব মিলনতীৰ্থ হৈছে এই ঘাৰমৰা সত্ৰ। সত্ৰখনত চুতীয়া ৰজা আৰু আহোম ৰজাৰ ৰাজত্ব কালৰ সম্পদসমূহে ঘাৰমৰা সত্ৰৰ ঐতিহ্য এতিয়াও জিলিকাই ৰাখিছে।

Share This