ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাস বিলুপ্তি ঘটোৱাৰ ষড়যন্ত্ৰ কৰ্তৃপক্ষৰ..

Dainik Janambhumi August 01, 2024

ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাস বিলুপ্তি ঘটোৱাৰ ষড়যন্ত্ৰ কৰ্তৃপক্ষৰ
ছাত্ৰ সমাজৰ প্ৰতিবাদত উত্তাল ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিজিটেল ডেস্কঃ নাহৰৰ দেশত পুনৰ উত্তাল প্ৰতিবাদ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ PNGB ছাত্রাৱাসৰ আৱাসী সকলৰ।

ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাস বিলুপ্তি ঘটোৱাৰ ষড়যন্ত্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ। বিশ্ববিদ্যালয় প্ৰশাসনৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ PNGBৰ আৱাসীসকল। গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ গৰকা PNGB ছাত্ৰাৱাসত জ্যেষ্ঠ ছাত্ৰসকলক আন ছাত্ৰাৱাসলৈ স্থানান্তৰ আৰু কনিষ্ঠ ছাত্ৰসকলকহে ছাত্ৰাৱাসটোত ৰখাৰ বাবে বিশ্ববিদ্যালয় প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে। 
আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত PNGBৰ আৱাসীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জ্যেষ্ঠ ছাত্ৰসকলক ছাত্ৰাৱাসটোৰ পৰা আঁতৰাই একপ্ৰকাৰ ইউজিচিয়ে ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ সকলো নীতি-নিৰ্দেশনা অমান্য কৰি বিশ্ববিদ্যালয় প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাক অবৈধ আখ্যা দিছে। এটা বিশেষ ছাত্র সংগঠনক ৰাজনৈতিকভাৱে সুৰক্ষা দিয়াৰ স্বাৰ্থতে কেৱল PNGB ছাত্ৰাৱাসৰ ওপৰতে এনে নিৰ্দেশনা জাৰি কৰা বুলি অভিযোগ তুলিছে। 

যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেল নিয়ম ২০১৫ অনুসৰি এটা ছাত্ৰাৱাসত থাকি এবছৰ পাঠ্যক্ৰম কৰাৰ পিছত আন ছাত্ৰাৱাসলৈ স্থানান্তৰ কৰাৰ বিধান নাই। এবছৰৰ পাছত ছাত্র-ছাত্ৰীৰ হোষ্টেল স্থানান্তৰৰ সিদ্ধান্তটো প্ৰতিষ্ঠিত নিয়মৰ লগত অসংগতি আৰু কোনো নিয়ম তথা সাংবিধানিক ভিত্তি নাই বুলি উল্লেখ কৰিছে। একেদৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত ৰেগিঙৰ দৰে কুপ্ৰথা ৰোধ কৰিবলৈ ইউজিচিৰ ৰেগুলেশ্যন ২০০৯ অনুসৰি, বিশেষকৈ ধাৰা ৬.২ উপ-বিন্দু (e) অনুসৰি প্ৰতিষ্ঠানে নতুন আৰু জ্যেষ্ঠ ছাত্র-ছাত্ৰীসকলৰ লগত যৌথ কাৰ্যকলাপৰ সম্ভাৱনা নষ্ট কৰে, যাৰ ফলত ইউজিচিৰ আইন সম্পূৰ্ণৰূপে অমান্য কৰা হৈছে বিশ্ববিদ্যালয় প্ৰশাসনে।
প্ৰেৰকঃ হোমেন ফুকন

Share This