একাংশ বন বিষয়া-কর্মচাৰীয়ে মিলি চলাইছে অবৈধ ব্যৱসায়, যোৰহাটত বালি-পলসৰৰ বৃহৎ ছিণ্ডিকেট

dainik janambhumi July 06, 2026

ডিজিটেল ডেস্ক : যোৰহাট বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে নীতি বহির্ভূতভাৱে বালি-পলসৰ ছিণ্ডিকেট চক্ৰৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে। অবৈধ বালি মহলৰ নামত বন বিষয়া-কর্মচাৰীয়ে মিলি ছিণ্ডিকেট চলাই আহিছে। আনহে নালাগে, ভোগদৈ নদীত জে চি বি নমাই বালি খনন কৰি অবৈধভাৱে ছিণ্ডিকেট চক্ৰটোৱে ধন ঘটি আহিছে যদিও যোৰহাটৰ বন বিভাগ নিমাতে-নিতালে থাকে। এন ধৰণে যোৰহাটৰ বন বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈ থকাৰ সময়তে ধন বিচাৰি ফ'নকল ভাইৰেল হৈ পৰে যোৰহাট বন বিষয়া কাৰ্যালয়ৰ ফৰেষ্টাৰ মন্টু হাজৰিকা। 

অৱসৰলৈ মাথোঁ কেইমাহমানহে থকা মন্টু হাজৰিকা নামৰ ফৰেষ্টাৰগৰাকীয়ে অনিয়মৰ আশ্ৰয় লৈ ধন বিচৰাৰ কথা পোহৰলৈ আহিছে। ইফালে ফৰেষ্টাৰগৰাকীৰ বিৰুদ্ধে উঠা ধন সংগ্ৰহৰ অভিযোগ আৰু ধন বিচৰাৰ ফ'নকল ভাইৰেল হৈ পৰাৰ পাছতে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত যোৰহাট জিলা বন বিষয়াই মন্টু হাজৰিকা নামৰ ফৰেষ্টাৰগৰাকীক নিলম্বন কৰে। 

লক্ষণীয় যে যোৰহাটৰ প্ৰতিম প্রাণ শইকীয়া নামৰ এজন যুৱকক গাড়ী চলোৱাৰ নামত ধন বিচাৰি অতিষ্ঠ কৰাত যুৱকজনে বন বিষয়াক অভিযোগ দাখিল কৰিছিল। আনহাতে, বালি কঢ়িওৱা গাড়ীৰ পৰা ধন বিচৰাৰ অভিযোগো আছে কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে। বিচৰাৰ ধন নিদিলেই ৰাজপথৰ পৰা গাড়ী ধৰি বন বিষয়া কার্যালয়লৈ আনি অতিষ্ঠ কৰাৰ অনেক অভিযোগ আছে ফৰেষ্টাৰগৰাকীৰ বিৰুদ্ধে। সেয়েহে এনে অভিযোগ লাভ কৰি বিভাগীয় তদন্ত কৰাৰ বাবে ফৰেষ্টাৰগৰাকীক নিলম্বিত কৰিছে। 

উল্লেখযোগ্য যে যোৰহাট বন সংমণ্ডলত শীর্ষ নেতৃত্বই তদন্ত কৰিলে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে। যিহেতু গাড়ীৰ অভাৰ ল'ডিঙৰ পৰা অবৈধ বালি সৰবৰাহলৈকে একাংশ বন বিষয়া-কর্মচাৰীয়ে মাহেকীয়া হিচাপত ছাণ্ডা সংগ্রহ কৰি অহাটো ইতিমধ্যে প্রমাণিত হৈছে।

Share This