মূল্য বৃদ্ধিয়ে মাধমাৰ শোধাইছে ৰাইজক

Kakali Deka August 11, 2023

ডিজিটেল ডেস্ক: বজাৰত বস্তুৰ জুই-ছাই দাম, দৈনন্দিন প্ৰয়োজনীয় বস্তুবোৰৰ দাম শুনিলেই চকু কপালত উঠে৷ বিদ্যুতৰ পৰা আৰম্ভ কৰি ভাত সাঁজলৈকে সকলোৰে চৰা দামে সাধাৰণ ৰাইজৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে৷ মূল্য বৃদ্ধিৰ ভৰত জীৱন জীয়াৰ আশাবোৰো যেন ক্ষীণ হৈ আহিছে৷ উপাৰ্জনৰ পৰিমাণ একেই আছে, কোনোমতে মাহটো চলাই নিয়া দৰমহাৰে অত্যধিক দামত সা-সামগ্ৰী ক্ৰয় কৰাটো জটিল হৈ পৰিছে৷ ইফালে শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰতে ইমানবোৰ টকাৰ প্ৰয়োজন৷  আৰ্থিকভাৱে টনকিয়াল নহ’লে সুন্দৰকৈ জীৱন যাপন কৰাটো কল্পনাই কৰিব নোৱাৰি৷ বৰ্তমান সময়ত দৰিদ্ৰ জনতাৰ বাবে অভাৱনীয় হাৰত বৃদ্ধি পোৱা মূল্য বৃদ্ধি অভিশাপ-সদৃশ হৈ পৰিছে৷ দিন হাজিৰা কৰা মানুহ এজনেহে হয়তো বুজি পায় ৰ কেজি চাউলৰ দাম ৫০ টকা হ’লে কেনেকুৱা অৱস্থাৰ সৃষ্টি হয়৷ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীবোৰ কিনিবলৈও যেন লাহে লাহে অসমৰ্থ হৈ পৰিব সাধাৰণ জনতা৷ এনে ক্ষেত্ৰত শাসনাধিস্থিত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত৷ এনে প্ৰেক্ষাপটত ব্যৱসায়ীসকলেও নিজৰ মুনাফা আদায়ৰ বাবে অধিক দামত সামগ্ৰী বিক্ৰী কৰাও পৰিলক্ষিত হয়৷ গতিকে উচিত সময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে সাধাৰণ ৰাইজৰ দুৰ্দশাই যে কুলাই পাচিয়ে নধৰা অৱস্থাৰ যে সৃষ্টি হ’ব সেয়া খাটাং৷

Share This