ৰাজ্যত অনিশ্চয়তাৰ মাজতে ভাৰতীয় তেল নিগমৰ ঘোষণা, অসমত পেট্রল-ডিজেল, ৰন্ধন গেছৰ সংকট নাই

dainik janambhumi April 18, 2026

ডিজিটেল ডেস্ক: অসমত ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু পেট্রল - ডিজেলৰ যোগানত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই। ৰাজ্যখনত পর্যাপ্ত পৰিমাণৰ ৰন্ধন গেছৰ লগতে পেট্রলিয়াম সামগ্রী মজুত আছে। কালি এই কথা স্পষ্ট কৰি দিছে ভাৰতীয় তেল নিগম কর্তৃপক্ষই। 

গুৱাহাটীত আয়োজিত এখন সংবাদমেলত ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক নীতিন ভাটনাগাৰে কয় যে ৰাজ্যৰ চাৰিওটা শোধনাগাৰতেই সম্প্ৰতি নিয়মীয়াকৈ উৎপাদন তথা যোগান অব্যাহত আছে। সেয়েহে অসমত পেট্রল-ডিজেল বা ৰন্ধন গেছৰ নাটনি হোৱা নাই। ৰাইজ শংকিত হোৱাৰো কোনো প্রয়োজন নাই। আনহাতে নতুনকৈ প্ৰৱৰ্তন কৰা ই-কেৱাইচি পদ্ধতিৰ জৰিয়তে ৰাজ্যখনৰ ৮৪ শতাংশ গ্রাহকে চিলিণ্ডাৰ বুক কৰাৰ তথ্য প্রকাশ কৰি প্রতিষ্ঠানটোৰ ৰাজ্যিক মুৰব্বী ভাটনাগৰে কয় যে সম্প্ৰতি ৰাজ্যৰ ৯৩ লাখ গ্রাহকক নিয়মীয়াকৈ ইন্ধন যোগান ধৰি থকা হৈছে। তদুপৰি নির্ধাৰিত মূল্যতকৈ অধিক দৰত চিলিণ্ডাৰ বিক্ৰীৰ অভিযোগ সন্দৰ্ভত কর্তৃপক্ষই জাননী জাৰি কৰিছে বুলি উল্লেখ কৰি তেওঁ জনায় যে এনে অভিযোগক কেন্দ্ৰ কৰি ইতিমধ্যে ৮৮গৰাকী বিতৰকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাৰ লগতে ৬টা বিতৰকক নিলম্বন কৰা হৈছে। আনহাতে অধিক দৰত চিলিণ্ডাৰ বিক্ৰী কৰাৰ অভিযোগত ৩ জন লোকক গ্ৰেপ্তাৰ হৈছে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। 

ভাটনাগৰে লগতে প্রকাশ কৰা মতে বর্তমান, অসমত মুঠ ১,৭৩৭টা খুচুৰা বিক্ৰী কেন্দ্ৰ আছে, যাৰ ভিতৰত ১,৪৬১টা তেল বিপণন কোম্পানী (অ' এম চি) ৰ দ্বাৰা পৰিচালিত আৰু ২৭৬টা ব্যক্তিগত কোম্পানীৰ দ্বাৰা পৰিচালিত। এই খুচুৰা আউটলেটসমূহৰ জৰিয়তে দৈনিক প্রায় ২,৯৩৫ কে এল পেট্র'ল (এম এছ) আৰু ৩,৬৭০ কে এল ডিজেল (এইচ এছ ডি) যোগান ধৰা হয়। প্রায় ২১দিনৰ পেট্ৰ'লৰ চাহিদা আৰু ৪৬দিনৰ ডিজেলৰ চাহিদা পূৰণ কৰিব পৰাকৈ বৰ্তমান পর্যাপ্ত পৰিমাণ সামগ্রী অসমত মজুত আছে। 

ৱআনহাতে গড়ে, দৈনিক প্রায় ১,৩৯,০০০ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্রাহকক যোগান ধৰা হয়। সেই অনুপাতে ৰাজ্যত গেছৰো কোনো নাটনি হোৱা নাই। উল্লেখযোগ্য যে মধ্যপ্রাচ্যৰ যুদ্ধ আৰু হৰমুজ প্রণালী বন্ধ হোৱাৰ ফলত দেশজুৰি ৰন্ধন গেছৰ নাটনি হোৱা দেখা গৈছে। ৰন্ধন গেছৰ বাবে গ্রাহকে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশ্যে চৰকাৰে ৰাজ্যত ৰন্ধন গেছৰ নাটনি হোৱা নাই বুলি ঘোষণা কৰি আহিছে।

Share This