ৰাজ্যজুৰি শংকা-অনিশ্চয়তাৰ মাজতে ৰাজ্য চৰকাৰৰ ঘোষণা, অসমত ইন্ধনৰ নাটনিৰ প্ৰশ্নই নুঠে

dainik janambhumi March 27, 2026

ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধই ব্যাপক প্ৰভাৱ পেলাইছে অসমতো। প্রথমে ৰন্ধন গেছৰ নাটনি আৰু শেহতীয়াভাৱে পেট্রল-ডিজেলৰ নাটনিৰ খবৰে শংকিত কৰি তুলিছে সাধাৰণ জনতাক। 

ৰন্ধন গেছ বিচাৰি এজেন্সিসমূহত আৰু পেট্রল-ডিজেল বিচাৰি ৰাজ্যৰ ডিপ'ৱে ডিপ'ৱে জনতাৰ লানি লাগিছে। বহুকেইটা ডিপ'ত মজুত থকা তেল শেষ হৈ যোৱাত ডিপ' বন্ধ কৰিবলৈ বাধ্য হৈছে কর্তৃপক্ষ। এনে পৰিস্থিতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্য সচিবসহ জিলা প্রশাসনে পেট্রল-ডিজেলৰ নাটনিৰ খবৰ এক উৰাবাতৰি বুলি প্ৰকাশ কৰি ৰাইজক এনে খবৰত ভোল নাযাবলৈ আহ্বান জনাইছে যদিও এনে আশ্বাসেও আশ্বস্ত কৰিব পৰা নাই জনতাক। খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত পর্যাপ্ত পেট্রল- ডিজেল মজুত থকা বুলি উল্লেখ কৰি ৰাইজক ভয় নাখাবলৈ আহ্বান জনোৱাৰ সময়তে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই পেট্রল, ডিজেল, এল পি জিক লৈ ৰাইজ চিন্তিত হোৱাৰ কোনো প্রয়োজন নাই বুলি প্রকাশ কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্র্যালয়ে অসমত ইন্ধনৰ নাটনি হোৱাৰ কোনো আশংকা নাই বুলি জানিবলৈ দিছে। অসমৰ চাৰিটা তেল শোধনাগাৰ নুমলীগড়, নুনমাটি (গুৱাহাটী), ডিগবৈ আৰু বঙাইগাঁৱৰ সন্মিলিত উৎপাদন ৰাজ্যৰ স্থানীয় চাহিদাতকৈ বহু বেছি। গতিকে ইন্ধনৰ অভাৱ হোৱাৰ কোনো সম্ভাৱনা নাই। 

আনহাতে, শোধনাগাৰৰ পৰা পেট্রল পাম্পসমূহলৈ তেল পৰিবহণৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা বা সমস্যাৰ সৃষ্টি হোৱা নাই। যোগান ব্যৱস্থা সম্পূৰ্ণৰূপে স্বাভাৱিক হৈ আছে। গতিকে গ্রাহকসকল আতংকিত হোৱাৰ কোনো প্রয়োজন নাই। ইফালে, কালি গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মেট্ৰ'ৰ জিলা আয়ুক্ত স্বপ্নীল পালে কয় যে গুৱাহাটীত মজুত আছে পর্যাপ্ত পেট্রল-ডিজেল। পেট্রল-ডিজেলৰ নাটনি সন্দৰ্ভত যি খবৰ প্ৰচাৰ হৈ আছে, সেয়া সম্পূর্ণ ভুৱা। বর্তমান এল অ' চি এলৰ ওচৰত ৪৫ লাখ লিটাৰ পেট্রল আৰু ৫৫ লাখ লিটাৰ ডিজেল মজুত আছে বুলি জনাই তেওঁ লগতে কয় যে এইচ পি চি এলৰ ৪ লাখ লিটাৰ পেট্রল আৰু ১৮ লাখ লিটাৰ ডিজেল, আৰু বি পি চি এলৰ ৩৫ লাখ লিটাৰ পেট্রলৰ লগতে ১ কোটি ৬ লাখ লিটাৰ ডিজেল মজুত আছে। জিলা আয়ুক্তগৰাকীৰ মতে, গুৱাহাটীত কোনো পেট্রল পাম্প বন্ধ হোৱা নাই আৰু গেছ চিলিণ্ডাৰৰো কোনো নাটনি হোৱা নাই। ইফালে, জিলা প্রশাসনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুবিধাৰ বাবে এটা হেল্পলাইন (১০৭৭ নম্বৰ) মুকলি কৰিছে। ইন্ধন সম্পর্কীয় কোনো সমস্যা থাকিলে এই নম্বৰত যোগাযোগ কৰিবলৈ প্রশাসনে আহ্বান জনাইছে। 

প্রণিধানযোগ্য যে বুধবাৰে বিয়লিৰে পৰাই পেট্রল-ডিজেলৰ নাটনি হ'ব বুলি এক বাতৰি চৌদিশে বিয়পি পৰাৰ পাছৰে পৰাই ডিপ'সমূহত ৰাইজে ভিৰ কৰে। ইয়াৰ ফলত গড় ব্যৱসায়তকৈ কমেও ৩০ শতাংশ বেছি ইন্ধন বিক্রী হৈছে। ইফালে, বুধবাৰে নিশা গুৱাহাটীৰ বহুকেইটা পেট্রল পাম্প সোনকালে বন্ধ কৰি দিয়াত সমস্যাত পৰে সাধাৰণ জনতা। আনকি মহানগৰীৰ দুটামান তেল ডিপ'ত 'ন' পেট্রল' প্লে'কার্ড লগোৱা হৈছে। মহানগৰীৰ এটা ডিপ'ৰ মেনেজাৰে কয় যে এই আতংক সম্পূর্ণ ভিত্তিহীন নহয়। যোগানৰ তীব্র নাটনি হোৱা নাই যদিও যোৱা এসপ্তাহমানৰ পৰা পূৰ্বৰ দৰে ইন্ধন লাভকৰা নাই। ইয়াৰ উপৰি কোম্পানীসমূহে আগতীয়াকৈ ধন বিচাৰিছে, যিটো আগতে হোৱা নাছিল। যাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে।

Share This