চন্দ্ৰত আছে প্ৰচুৰ অক্সিজেন, ৮০০  কোটি  মানুহ ১লাখ বছৰ থাকিব পাৰিব চন্দ্ৰত 

Jyoti Borah October 04, 2023

ডিজিটেল ডেস্কঃ চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ সফল অভিযানৰ পাছত এতিয়া জোনবাই দেশত মানুহৰ বসতিস্থল স্থাপনক লৈ চৰ্চা আৰম্ভ হৈছে৷ কিন্তু ডাঙৰ প্ৰশ্নটো হ’ল চন্দ্ৰত মানুহে অক্সিজেন ক’ৰপৰা লাভ কৰিব? এই প্ৰশ্নৰ উত্তৰ দি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে চন্দ্ৰত ইমানেই অক্সিজেন মজুত আছে যে ৮০০ কোটি লোকে অনায়াসে ১ লাখ বছৰ বসবাস কৰিব পাৰিব৷ মহাকাশ অন্বেষণত লাভ কৰা প্ৰগতিৰ পাছত বিভিন্ন দেশে ইয়াৰ সৈতে জড়িত প্ৰযুক্তি কৌশলৰ বিকাশ সাধন কৰাত বৃহৎ পৰিমাণৰ ধন আৰু সময় ব্যয় কৰিছে৷ কেইবাখনো দেশে চন্দ্ৰত অক্সিজেন উৎপাদন কৰাৰ কথাও চিন্তা কৰিছে৷ 

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাই কৰা এখন চুক্তি সম্পাদন কৰিছে৷ এই চুক্তিৰ অধীনত নাছাৰ আৰ্টেমিছ অভিযানৰ অধীনত চন্দ্ৰলৈ এখন ৰ’ভাৰ প্ৰেৰণ কৰা হ’ব অক্টোবৰত৷ এই ৰ’ভাৰখনে চন্দ্ৰপৃষ্ঠৰ শিল গোটাব৷ এই শিলবোৰেই চন্দ্ৰত অক্সিজেন লাভ কৰাত সহায় কৰিব৷ চন্দ্ৰৰ বায়ুমণ্ডল অতি পাতল আৰু ইয়াত হাইড্ৰজেন, নিয়ন আৰু আৰ্গন গেছ আছে৷ এনেধৰণৰ বায়ুমণ্ডলত মানুহৰ দৰে জীৱ চন্দ্ৰত জীয়াই থাকিব নোৱাৰে৷ কিন্তু বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰত প্ৰচুৰ পৰিমাণে অক্সিজেন আছে৷ অৱশ্যে এই অক্সিজেন গেছীয় ৰূপত নাই৷ এই অক্সিজেন আছে ৰেজ’লিথত৷ মন কৰিবলগীয়া যে চন্দ্ৰৰ উপৰিভাগ এই ৰেজ’লিথেৰে গঠিত হৈছে৷ আচলতে ৰেজ’লিথ হ’ল ইয়াৰ পৃষ্ঠভাগত থকা শিল আৰু মসৃণ বালিৰ তৰপ৷ বিজ্ঞানীসকলৰ মতে, আমাৰ পৃথিৱীত থকা বিভিন্ন খনিজতো অক্সিজেন আছে৷ ঠিক একেদৰে চন্দ্ৰতো ৰেজ’লিথক অক্সিজেন সোমাই আছে৷ অৱশ্যে ৰেজ’লিথত উল্কাৰ জৰিয়তে সৰি পৰা সামগ্ৰীও আছে৷ মন কৰিবলগীয়া যে চন্দ্ৰপৃষ্ঠত ছিলিকা, এলুমিনিয়াম, আয়ৰন, মেগনেচিয়াম অক্সাইডৰ দৰে খনিজো প্ৰচুৰ মাত্ৰাত আছে৷ এই খনিজসমূহ চন্দ্ৰপৃষ্ঠত বিভিন্ন ৰূপত মজুত আছে আৰু নিজৰ মূল ৰূপতে আছে৷ চন্দ্ৰত থকা অক্সিজেন মানুহৰ ব্যৱহাৰযোগ্য কৰি তোলাৰ কাৰণে প্ৰছেছ কৰাৰ প্ৰয়োজন হ’ব৷ ৰেজ’লিথত প্ৰায় ৪৫% অক্সিজেন আছে৷ আৰু এই অক্সিজেন আছে বিভিন্ন খনিজত৷ ইয়াৰ পৰা অক্সিজেন উলিওৱাৰ কাৰণে শক্তি ব্যৱহাৰ কৰি এই খনিজসমূহৰ শক্তিশালী বন্ধন ভাঙিব লাগিব৷ 

চন্দ্ৰত থকা অক্সিজেন ব্যৱহাৰ কৰাৰ বাবে ইলেক্টªলিছিছ প্ৰছেছ ব্যৱহাৰ কৰিব লাগিব৷ বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে চন্দ্ৰত থকা অক্সিজেন মানুহৰ ব্যৱহাৰযোগ্য কৰি তোলাটো যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব আৰু ইয়াৰ বাবে বহুত বেছি শক্তিৰ প্ৰয়োজন হ’ব৷ বিজ্ঞানীসকলে লগতে কয় যে চন্দ্ৰৰ প্ৰতি এক ঘনমিটাৰ ৰজ’লিথত ৰ.চ্ছ্ৰ টন খনিজ থাকে৷ ইয়াৰ পৰা প্ৰায় ৬৩০ কিল’গ্ৰাম অক্সিজেন উলিয়াব পৰা যাব৷  এজন মানুহক জীয়াই থকাৰ কাৰণে এদিনত প্ৰয়োজন হয় প্ৰায় ৮০০ গ্ৰাম অক্সিজেনৰ৷ ইয়াৰ ভিত্তিত কোৱা হৈছে যে ৬৩০ কিল’গ্ৰাম অক্সিজেনেৰে এজন ব্যক্তি দুবছৰ বা তাতকৈ অধিক দিন জীয়াই থাকিব পাৰিব৷ ৰেজ’লিথৰ গভীৰতা ১০ মিটাৰ বুলি ধৰা হৈছে৷ যদি ইয়াৰ পৰা সম্পূৰ্ণ অক্সিজেন উলিয়াব পৰা যায়, তেতিয়া সিমানখিনি অক্সিজেনেৰে ৮০০ কোটি লোক ৰ লাখ বছৰ জীয়াই থাকিব পাৰিব৷
 

Share This