আজি নিশা অম্বুবাচীৰ প্ৰবৃত্তি, প্রাণচঞ্চল সমাগম কামাখ্যাধামত ঘটিব ৮ লাখ ভক্তৰ

dainik janambhumi June 22, 2026

ডিজিটেল ডেস্ক : শক্তিপীঠ মা কামাখ্যা ধামত আজিৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মহাযোগ। ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি ঘটিব। তাৰ পাছতে পূৰ্বৰ পৰম্পৰাগত নিয়ম অনুসৰি পৰৱৰ্তী তিনি দিন অর্থাৎ ২৩ জুনৰ পৰা ২৫ জুনলৈ মন্দিৰৰ মূল দ্বাৰ বন্ধ ৰখা হ'ব। অহা ২৬ জুনৰ পুৱা কামাখ্যা মন্দিৰৰ পৰম্পৰা অনুসৰি নিত্য-নৈমিত্তিক পূজা-অৰ্চনাৰ পাছত ভক্তৰ দৰ্শনৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ খুলি দিয়া হ'ব। 

অম্বুবাচী মহাযোগ উপলক্ষে আজিৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ সমাগমত প্রাণচঞ্চল হৈ পৰিব নীলাচলৰ বুকু। মায়ময় হৈ পৰিব শক্তিপীঠৰ চৌপাশ। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত আৰু সাধু-সন্ন্যাসীয়ে আহি ইতিমধ্যে নীলাচল পাহাৰৰ পৱিত্ৰ ভূমিত ভিৰ কৰিছেহি। উৎকট গৰমকো নেওচি মা কামাখ্যাৰ আশিস লাভৰ আশাত নিজৰ মনোবাঞ্ছা পূৰণৰ কামনাৰে ভক্তসকল আহিছে। অম্বুবাচীলৈ অহা সাধুসকলৰ বিশ্বাস অনুসৰি, ১২ বছৰ নিৰ্দিষ্ট এক স্থানত বহি সাধনা, তপ-জপ কৰাৰ ফলত যি সিদ্ধি লাভ হয়, তাৰ বিপৰীতে মা কামাখ্যাৰ ওচৰত অম্বুবাচী মেলাৰ সময়ত সাধনা কৰিলে মাৰ শক্তিৰ পৰা সেয়া ১ বছৰতে লাভ কৰিব পাৰি। সেয়ে এই সময়ছোৱাত কামাখ্যা ধামলৈ বহু সাধু-সন্তৰ আগমন ঘটে। ভক্ত, সাধু-সন্তই চাৰিদিন ধৰি মন্দিৰৰ চৌপাশে থাকি ধ্যানত নিমগ্ন হোৱাৰ লগতে নাম-কীৰ্তন কৰি নীলাচল পাহাৰত একপ্ৰকাৰ অলৌকিক পৰিৱেশৰ সৃষ্টি হ'ব। মা কামাখ্যাৰ পৱিত্ৰভূমিত হোৱা এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ দেশ-বিদেশৰ পৰা অহা প্রায় আঠ লাখ ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। সেয়ে ভক্তসকলৰ সুবিধা তথা নিৰাপত্তাৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰৰ তৰফৰ পৰা সকলো যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰা হৈছে। 

ভক্তসকলৰ বাবে কামাখ্যা ৰে'লৱে ষ্টেছন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত তিনিটা শিবিৰ স্থাপন কৰা হৈছে। শিবিৰসমূহত হাজাৰ হাজাৰ ভক্তৰ বাবে থকা-খোৱাৰ সু-ব্যৱস্থা কৰা হৈছে। সকলো শিবিৰত জৰুৰীকালীন চিকিৎসা ব্যৱস্থা ৰখাৰ লগতে পেৰা মেডিকেল কৰ্মচাৰী নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে। কামাখ্যালৈ উঠি অহা পথৰ ১০০ মিটাৰ দূৰে দূৰে স্থাপন কৰা হৈছে শিবিৰ। পথত পর্যাপ্ত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলৰ সুবিধাৰ বাবে পথ নির্দেশনাৰ সংকেতৰ ব্যৱস্থা, ৰাজহুৱা ঘোষণা আদিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ষ্ট্ৰেচাৰ আৰু হুইল চেয়াৰৰো ব্যৱস্থা কৰা হৈছে। এই সময়ত বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহে যোগান ধৰা খাদ্য-সামগ্ৰীসমূহৰ গুণগত মান বিচাৰ কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক দায়িত্ব দিয়া হৈছে। অম্বুবাচী মেলাৰ সময়ত জনতাৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে ভক্ত বা সাধাৰণ লোক কামাখ্যা মন্দিৰলৈ যাব পাৰিব। সন্ধিয়া ৬ বজাৰ পাছত কোনো লোক ওপৰলৈ যাব নোৱাৰিব। কোনো লোকে মাদক দ্রব্য সেৱন কৰিলে বা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিলে আৰক্ষী, প্রশাসনে যথাবিহিত কঠোৰ ব্যৱস্থা গ্রহণ কৰিব। মন্দিৰৰ নামনিৰ প্ৰৱেশ পথৰ পৰা ছেণ্ডেল, জোতা আদি পৰিধান কৰি যাব নোৱাৰিব। মন্দিৰ চৌহদত কোনো জোতা, ছেণ্ডেল ৰখাৰ ব্যৱস্থা নাই। গতিকে ভক্তসকলৰ বাবে প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিয়ে নামনিতে জোতা, ছেণ্ডেল আদি ৰখাৰ ব্যৱস্থা কৰিব। সেইদৰে অম্বুবাচী মহাযোগৰ সময়ত নাৰ্ছাৰী পইণ্টৰ পৰা মন্দিৰলৈকে কোনো যান-বাহনৰ চলাচল কৰিব নোৱাৰিব। একমাত্র এম্বুলেন্স, পানীৰ গাড়ী, গুৱাহাটী পৌৰ নিগমৰ বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনহে চলাচল কৰিব পাৰিব। পাণ্ডু প'ৰ্টৰ পৰা নাহৰবাৰীৰ পথেৰে প্রশাসনে ব্যৱস্থা কৰা ফেৰী গাড়ী চলাচল কৰিব। অম্বুবাচীৰ বিভিন্ন দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ বাবে সোণাৰাম হাইস্কুলৰ খেলপথাৰৰ পৰা ফেৰী গাড়ীৰ ব্যৱস্থা থাকিব। সেইদৰে ভক্তসকলৰ যান-বাহন ৰখাৰ বাবে প্রশাসনে কেইবাটাও স্থান নির্ধাৰণ কৰিছে। মাছখোৱাৰ পৰা আদাবাৰী পৰ্যন্ত পথৰ দুয়োকাষে ন' পার্কিং জ'ন ঘোষণা কৰা হৈছে। 

ইফালে, ভক্তসকলৰ সুৰক্ষাৰ বাবে নীলাচল পাহাৰৰ বিভিন্ন স্থানত জিলা প্রশাসন, লোকনির্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী, পৰ্যটন, স্বাস্থ্য বিভাগ আদিৰ হেল্প ডেস্ক থাকিব। মেলাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হ'লে ভক্তসকলে বা আন যিকোনো লোকে এই হেল্প ডেস্কৰ সহায় ল'ব পাৰিব। আনহাতে, অম্বুবাচী মহাযোগ উপলক্ষে ভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত আৰু তীর্থযাত্রীসকল ইতিমধ্যে গুৱাহাটীত সমৱেত হৈছে। একে সময়তে জনসাধাৰণৰ সুবিধাৰ্থে তথা যান-বাহনৰ চলাচল অধিক সুশৃংখল কৰাৰ উদ্দেশ্যে মহানগৰৰ বিভিন্ন স্থানত মেৰামতি আৰু সৌন্দর্যবর্ধনমূলক কাম-কাজ চলি আছে। এই পৰিস্থিতিত কিছুসংখ্যক পথত সাময়িকভাৱে যান-জঁট বৃদ্ধি পাব পাৰে আৰু যাত্ৰাৰ বাবে সাধাৰণতকৈ অধিক সময় লাগিব পাৰে। সেয়েহে নাগৰিকসকলক নিজৰ যাত্রাসমূহ আগতীয়াকৈ পৰিকল্পনা কৰিবলৈ আৰু কোনো বৈঠক, সাক্ষাৎ, অনুষ্ঠান অথবা অন্যান্য গুৰুত্বপূৰ্ণ কামত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত কিছু অতিৰিক্ত সময় হাতত ৰাখিবলৈ জিলা প্রশাসনে অনুৰোধ জনাইছে। তদুপৰি, গুৱাহাটী যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচল সুচাৰুৰূপে পৰিচালনা কৰা আৰু সাধাৰণ জনতাৰ অসুবিধাসমূহ যথাসম্ভৱ হ্রাস কৰাৰ বাবে সকলোধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে। এই সময়ছোৱাত সকলো নাগৰিকৰ সহযোগিতা আৰু বুজাবুজি কামনা কৰাৰ লগতে সময়ে সময়ে জাৰি কৰা যান-বাহন সম্পৰ্কীয় পৰামৰ্শ আৰু নির্দেশনাসমূহ মানি চলিবলৈ জনসাধাৰণলৈ আহ্বান জনোৱা হৈছে। 

উল্লেখযোগ্য যে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে অম্বুবাচীৰ প্ৰাক্‌মুহূৰ্তত কালি গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত ঐতিহাসিক শক্তিপীঠ মা কামাখ্যা ধামত উপস্থিত হৈ পূজা-অর্চনা কৰে। মন্ত্ৰীগৰাকীয়ে পুৱাৰ ভাগত উজানবজাৰত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতেই কামাখ্যা মন্দিৰলৈ গৈ মাৰ আশীর্বাদ গ্রহণ কৰে। এই পৱিত্ৰ দৰ্শনৰ সময়ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীক অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে সংগ দিয়ে।

Share This