এই ৭বিধ বস্তু গাখীৰৰ লগত কেতিয়াও নাখাব, খালে বিপদ অনিবাৰ্য

Kakali Deka August 16, 2023

ডিজিটেল ডেস্কঃ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ পুষ্টিকৰ উপাদানৰ প্ৰচুৰ পৰিমাণে আমাক প্ৰয়োজন হয় আৰু পুষ্টিকৰ উপাদানৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে। পুষ্টিকৰ খাদ্যৰ ভিতৰত গাখীৰো অন্তৰ্ভুক্ত হয়। প্ৰায়ভাগ মানুহে ৰাতি গাখীৰ খাই ভাল পায়। আনহাতে ব্ৰেকফাষ্টতো গাখীৰ খোৱা মানুহ বহুত আছে। গাখীৰত কেলচিয়াম, প্ৰটিন, ভিটামিন এ, বি ৬, ডি, মেগনেছিয়াম, ফছফৰাছ আৰু আয়’ডিন আদি পুষ্টিকৰ উপাদান পোৱা যায়। গাখীৰক পুষ্টিৰ উত্তম উৎস বুলি গণ্য কৰা হয় যদিও কিছুমান বিশেষ খাদ্যৰ লগত ইয়াক সেৱন কৰিব নালাগে। ইয়াত আমি সেই ৭টা বস্তুৰ বিষয়ে ক’ম যাৰ সৈতে আপুনি গাখীৰ সেৱন কৰিব নালাগে।

১) দৈঃ  আয়ুৰ্বেদৰ মতে দৈ কেতিয়াও গাখীৰৰ লগত খাব নালাগে। গাখীৰ খোৱাৰ পিছতো দৈ সেৱন কৰিব নালাগে। কাৰণ ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ বাবে পেটৰ সমস্যা আৰু পেটৰ বিষ হ’ব পাৰে।

২) টেঙা ফল: গাখীৰৰ লগত টেঙা ফল সেৱন কৰাটোও পৰিহাৰ কৰিব লাগে। গাখীৰ আৰু টেঙা ফল একেলগে খালে পেটৰ বিষ আৰু বমি হ’ব পাৰে। টেঙা ফল খোৱাৰ দুঘণ্টাৰ পিছতহে গাখীৰ খাব লাগে।

৩) গুড়ঃ মিঠা হ'বৰ বাবে বহুতে গাখীৰত গুড় মিহলাই দিয়ে। স্বাস্থ্যৰ বাবে গুড় বহু দিশত অতি উপকাৰী যদিও আয়ুৰ্বেদত গাখীৰ আৰু গুৰ একেলগে সেৱন কৰাটো ক্ষতিকাৰক বুলি গণ্য কৰা হৈছে। ইয়াৰ ফলত আপোনাৰ পেটৰ বেমাৰ হ'ব পাৰে।

৪) মাছঃ স্বাস্থ্যৰ বাবে মাছ অতি উপকাৰী বুলি আমি সকলোৱে জানো। অৱশ্যে গাখীৰৰ লগত সেৱন কৰিব নালাগে। ইয়াৰ বাবে আপোনাৰ হজম শক্তিৰ লগত জড়িত সমস্যা যেনে পেটৰ বিষ আৰু খাদ্য বিষক্ৰিয়া আদি হ’ব পাৰে। কেৱল এয়াই নহয়, ছালৰ সমস্যাৰো সন্মুখীন হ’ব পাৰে আপুনি ।

৫) টেঙা খাদ্য: যদি আপুনি সদায় গাখীৰৰ সৈতে টেঙা খাদ্য গ্ৰহণ কৰে, তেন্তে এতিয়াৰ পৰা তেনে নকৰিব। কাৰণ ইয়াৰ ফলত এচিড ৰিফ্লাক্স হোৱাৰ লগতে বদহজম হোৱাৰ আশংকাও হ’ব পাৰে।

৬) নিমখযুক্ত : চিপচৰ দৰে নিমখযুক্ত খাদ্যৰ লগত গাখীৰ খাব নালাগে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে নিমখ যোগ কৰা হয়, যাৰ ফলত শৰীৰৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে।

৭) প্ৰটিন সমৃদ্ধ বস্তুঃ গাখীৰত প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। এনে পৰিস্থিতিত যদি আপুনি ইয়াৰ লগত প্ৰটিনসমৃদ্ধ খাদ্য খাবলৈ আৰম্ভ কৰে, তেন্তে হঠাতে আপোনাৰ পাচনতন্ত্ৰৰ ওপৰত বোজা বাঢ়িব পাৰে আৰু হজম শক্তিৰ সমস্যা হ'ব পাৰে।

Share This