চকুযুৰি সুস্থ ৰাখিবলৈ খাব পাৰে এইকেইবিধ খাদ্য

Jyoti Borah August 17, 2023

ডিজিটেল ডেস্ক: চকুকেইটা মানুহৰ অমূল্য সম্পদ। পিছে চকু ভাল ৰাখিবলৈ আপুনি কি খাব? ইয়াত উল্লেখ কৰা হৈছে চকু ভালে ৰাখিবলৈ আপুনি খাব পৰা কেইবিধমান খাদ্য।

১. বাদামজাতীয় খাদ্য:বাদামজাতীয় খাদ্যসমূহ চকুৰ ৰেটিনাৰ কাৰণে ভাল। এইসমূহে চকু ভালে ৰাখে আৰু অস্পষ্ট দৃষ্টি দূৰ কৰে। বাদামজাতীয় খাদ্যসমূহ ভিটামিনেৰে ভৰপূৰ। কাঠ বাদাম, আমণ্ড আৰু ৱালনাট আটাইবোৰেই স্বাস্থ্যৰ পক্ষে ভাল।দিনে এমুঠিমান বাদামজাতীয় শুকান ফল খালেই ই আপোনাৰ চকুৰ লগতে সম্পূৰ্ণ স্বাস্থ্য ভালে ৰাখিব।

২. মাছ: তেলীয়া মাছত অমেগা ৩ আৰু ৬ ফেটি এচিড থাকে। দেহৰ বাবে প্ৰয়োজনীয় প্ৰ'টিনৰ লগতে আন প্রয়োজনীয়তাও মাছে পুৰণ কৰে। চকু ভালে থাকিবলৈ চকুত পানী থকাৰ প্ৰয়োজন। ফেটি এচিডে চকুৰ পানী উৎপন্ন হোৱাত সহায় কৰে।চকুৰ পানীয়ে চকু পৰিষ্কাৰ কৰি ৰখাৰ লগতে চকুৰ অৱসাদ দূৰ কৰে আৰু ইয়াক সুস্থ ৰাখে৷ সৰু মাছ খালেও চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়।

৩. গাজৰ:গাজৰ ভিটামিন এ-ৰে সমৃদ্ধ। ভিটামিন-এ চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্রয়োজনীয়।সাজৰে চকুৰ সামগ্রিক স্বাস্থ্য ঠিক ৰখাৰ লগতে কুকুৰীকণা আদি সমস্যাৰ ক্ষেত্ৰত ধনাত্মক প্রভাৱ পেলায়।

৪. সেউজীয়া শাক-পাচলি: সেউজীয়া শাক-পাচলিত চকুৰ বাবে প্ৰয়োজনীয় খনিজ পদার্থ আৰু ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। সেয়ে বতৰৰ সকলো ধৰণৰ পাচলি, বিশেষকৈ শাক খাব লাগে। কটা খুতুৰা শাক খাব পাৰিলে অধিক সুফল লাভ কৰিব পাৰি।
 

Share This