এই কেইটা নিয়মেৰে হনুমানক পূজা কৰিলে বিচৰা দৰে ফলাফল পাব! 

Kakali Deka August 15, 2023

ডিজিটেল ডেস্কঃ হনুমানক সঠিক নিয়ম,ভক্তিৰে পূজা আৰু ধ্যান কৰিলে ভক্তৰ কষ্ট হয় দূৰ! মঙলবাৰে উপবাস আৰু পূজাৰ নিয়ম জানো আহক


মঙলবাৰৰ নিয়ম সমুহ: হিন্দু ধৰ্মৰ পঞ্জিকা অনুসৰি মঙলবাৰৰ দিনটো বজৰংবলীলৈ উৎসৰ্গা কৰা হয়। বজৰংবলী সৰ্বশক্তিমান। ভক্তৰ দুখ-কষ্ট কেৱল তেওঁৰ নাম-মন্ত্ৰ জপ কৰিয়েই নাইকিয়া হয়। কোৱা হয় যে মঙলবাৰে হনুমানক সঁচা ভক্তি আৰু নিয়মেৰে পূজা কৰিলে তেওঁ সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলক বিচৰা ধৰণে ভাল ফলাফল দিয়ে, লগতে ভক্তসকলৰ সকলো ভয় আৰু সমস্যা দূৰ কৰে।

পূজাৰ সময়ত কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰি দেৱতাসকলক সোনকালে সন্তুষ্ট কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। যাৰ বাবে ভক্তসকলে দেৱতাসকলৰ বিশেষ আশীৰ্বাদ পায়। মঙলবাৰৰ পূজাৰ নিয়ম আৰু উপবাসৰ বিষয়ে জানো আহক, জানিলে আপোনাৰো উপকাৰ হ’ব।

১) যদি আপুনি মঙলবাৰে উপবাস ৰখাৰ কথা ভাবিছে তেন্তে যিকোনো মাহৰ শুক্ল পক্ষৰ প্ৰথম মঙলবাৰৰ পৰাই উপবাস আৰম্ভ কৰিব পাৰে।
২) ২১ টা বা ৪৫ টা মঙলবাৰ উপবাসে ৰখাটো শুভ সংখ্যা বুলি গণ্য কৰা হয়।
৩) মঙলবাৰৰ উপবাসৰ দিনটোত বহ্মচৰ্য ব্ৰত পালন কৰিব লাগে।
৪) মঙলবাৰে হনুমান মন্দিৰত ঘূৰি ফুৰা বান্দৰবোৰক কিবা এটা খুৱাব।
৫) মঙলবাৰে উপবাসৰ সময়ত এবাৰহে খাদ্য খোৱাটো প্ৰয়োজনীয় বুলি বিবেচিত হয়। ইয়াক অনুসৰণ কৰক।
৬) মঙলবাৰৰ উপবাসৰ দিনটোত ক’লা বা বগা ৰঙৰ কাপোৰ পৰিধান নকৰিব।
৭) মঙলবাৰৰ উপবাসৰ সময়ত হনুমান চলিছা পাঠ কৰি হনুমানক ভোগ আগবঢ়াওক।
৮) পূজাৰ সময়ত কমলা ৰঙৰ কাপোৰ পৰিধান কৰি হনুমানক কমলা ৰঙৰ ফুল আগবঢ়াব আৰু লগতে পূজাৰ বস্তুত কমলা ৰং অধিক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব।

গতিকে মঙলবাৰৰ উপবাস ৰখাৰ আগতে আপুনিও ইয়াত উল্লেখ কৰা সকলো নিয়মৰ যত্ন ল’ব লাগে আৰু সেইবোৰ মানি চলিব লাগে তেতিয়াহে আপোনাৰ উপবাস ফলপ্ৰসূ হ’ব আৰু আপুনিও হনুমানৰ ভাল আশীৰ্বাদ পাব।

বি: দ্ৰ: ইয়াত দিয়া তথ্যসমূহ কেৱল বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ইয়াক কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লওক।

Share This