ডিজিটেল ডেস্ক: মধ্যপ্রাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ পাছত ৰাজ্যৰ নগাঁও জিলাতো ডিজেল-পেট্রলৰ মূল্যবৃদ্ধিৰ উৰাবাতৰিৰ পাছতে একাংশ অসাধু লোকে সুবিধা ল'বলৈ উঠিপৰি লাগিছে। জিলাখনৰ বিভিন্ন স্থানত গেলামালৰ দোকান, সৰু-বৰ পাণ দোকানত বটলত ইন্ধন মজুত কৰি বৰ্ধিত হাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে।
নগাঁৱৰ মাজৰআটি গৌশালা এলেকা, জুৰীয়াৰ একাংশ ভিতৰুৱা অঞ্চল, ৰূপহীৰ ভিতৰুৱা অঞ্চল, ৰৌমাৰী হাতীপাৰা আদিৰ উপৰি বিভিন্ন স্থানত এই ক'লা বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ একাংশ স্থানত পেট্রল পাম্পত বাহনৰ দীঘলীয়া শাৰীৰ বাতৰি প্ৰচাৰৰ পাছতে বহু এলেকাত এইদৰে সৰু-বৰ দোকানত বটলত পেট্রল ভৰাই ১২০ টকালৈকে বিক্ৰী কৰাৰ অভিযোগ উঠিছে। উৰাবাতৰি আৰু সামাজিক মাধ্যমত প্ৰচাৰিত বাতৰিৰ প্ৰভাৱতে একাংশ লোকে দোকানত পেট্রল মজুত কৰি চ'ৰা দামত বিক্ৰীৰে সাধাৰণ গ্রাহকক মাধমাৰ শোধাইছে।
জিলা প্রশাসনে ভিতৰুৱা অঞ্চলবিলাকৰ তেনে ব্যাৱসায়িক প্রতিষ্ঠানত অভিযান চলালে এই অনিয়ম ধৰা পৰাৰ সম্ভাৱনা আছে। অন্যথা সুবিধাবাদী চক্ৰটোৱে পেট্রল পাম্পৰ পৰা ৯৯ টকাত ক্ৰয় কৰি গাঁৱলীয়া লোকক ১২০-১২৫ টকালৈকে বিক্ৰীৰ জৰিয়তে লুণ্ঠন চলাই থাকিব, তাত সন্দেহ নাই।