ডিজিটেল ডেস্কঃ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঁহজানীত যোৱা নিশা কংগ্ৰেছ দলৰ পতাকা, বেনাৰ, পোষ্টাৰ কোনো দুর্বৃত্তৰ দলে ফালি কার্যালয় লণ্ডভণ্ড কৰাৰ ঘটনাই অঞ্চলটোত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
প্রাপ্ত বাতৰি মতে, বাঁহজানী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্রার্থী নাৰায়ণ তালুকদাৰৰ সমৰ্থনত মিলন বজাৰৰ সমীপত চাৰিওফালে আঁৰি দিয়া কংগ্ৰেছ দলৰ দলীয় পতাকা, বেনাৰ, পোষ্টাৰসমূহ যোৱা নিশা অচিনাক্ত দুর্বৃত্তৰ দলে ফালি পেলোৱাৰ লগতে ওচৰতে থকা নির্বাচনী
কাৰ্যালয়টোৰ সন্মুখত থকা কলপুলি দুটা কাটি কার্যালয় লণ্ডভণ্ড কৰে।
উল্লেখযোগ্য যে বাঁহজানী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাৰায়ণ তালুকদাৰৰ ঘৰৰ সমীপতে ক্ষুদ্ৰশংকৰাত যোৱা ১৮ এপ্ৰিলত কংগ্ৰেছ দলৰ মুখ্য নির্বাচনী কর্যালয় নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা অসম প্রদেশ কংগ্ৰেছৰ ৰাজ্যিক কার্যনির্বাহক অশোক শর্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিছিল।
ইফালে বাঁহজানী জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নাৰায়ণ তালুকদাৰ আৰু অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ, দুয়োগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই ঘটনাক প্রানির্বাচনী হিংসা বুলি আখ্যা দি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।