ডিজিটেল ডেস্ক: চৰণ বড়োৰ মাজবাট সমষ্টিত জে এম এমৰ ৰণডংকা। ক্ষমতালৈ আহিলে বৃদ্ধি কৰিব চাহ শ্ৰমিকৰ মজুৰি- এই মন্তব্য কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনে। কালি মাজবাট ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত জয় ভাৰত সমৰ্থিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ (জে এম এম) প্রার্থী প্রীতি ৰেখা বাৰ্লা নাগৰ হৈ বিশাল নির্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে কয় যে ঝাৰখণ্ড মুক্তি মর্চাই পোন প্ৰথমবাৰৰ বাবে অসম বিধানসভা নির্বাচনত অংশগ্রহণ কৰি অসমৰ ১৭টা সমষ্টিত জেবিপিৰ লগত লগ লাগি প্রার্থী থিয় কৰাইছে।
আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ হেমন্ত ছোৰেনে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। হেমন্ত ছোৰেনে কয় ভাৰত স্বাধীন হোৱাৰ ১৯৫১ চনৰ পৰাই অসমৰ কোনো চৰকাৰে আদিবাসী জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা নকৰা হেতুকে জনগোষ্ঠীটো সকলো দিশতে পিছপৰি আছে। সেই গতিকে অসমৰ আদিবাসী জনগোষ্ঠীৰ হৈ থিয় দিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্রীয়ে জনগোষ্ঠীটোক ২ আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ ৯ এপ্ৰিলৰ ভোটদানত ধনু-কাঁড় চিহ্নত ভোট দি প্রীতি ৰেখা বাৰ্লা নাগক জয়যুক্ত কৰি অসম বিধানসভালৈ পঠিয়াবলৈ আহ্বান জনায়।
কালিৰ নিৰ্বাচনী সভাত ঝাৰখণ্ডৰ সাংসদ বিজয় কুমাৰ হাছদা, ঝাৰখণ্ডৰ বিধায়কদ্বয় ভূচন তির্কী, তাজউদ্দিন ৰাজা, আছাৰ কেন্দ্রীয় উপ-সভাপতিদ্বয় ইছাক লাক্ৰা, ৰাজু তিকী, ওদালগুৰিৰ ইমাম ৰিকিব আহমেদ, গোলাপ গোড়, অর্জুন সিঙৰ নিজ নিজ ভাষণত ধনু কাঁড়ৰ চিহ্নত ভোট দি প্রীতি ৰেখা বাৰ্লা নাগক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। ভাষণৰ মাজে মাজে বাবলু ছোৰেন, ডি আৰ লাক্ৰা, বিশ্বজিত সৰকাৰৰ কণ্ঠত নিগৰি অহা গীতৰ লগতে গোর্খা, আদিবাসী, চাওঁতালী নৃত্যই উপস্থিত ৰাইজক মনোৰঞ্জন দিয়ে । দীপক নাগে আঁত ধৰা অনুষ্ঠানটোৰ বিয়লি ৪ বজাত সামৰণি পৰে।