অন্তিম দিনা সমর্থকক লৈ শক্তি প্ৰদৰ্শনৰ বাবে সাজু ৰথী-মহাৰথী, আজি মনোনয়ন দিব গৌৰৱ গগৈ, কেশৱ মহন্ত, হাগ্রামা, বদৰুদ্দিন আজমলে

dainik janambhumi March 23, 2026

ডিজিটেল ডেস্ক: আজি জিলা সদৰসমূহত বিৰদি বাট নোপোৱা পৰিবেশৰ সৃষ্টি হ'ব। নির্বাচনত অৱতীৰ্ণ হ'বলগীয়া শাসক-বিৰোধী দলসমূহে নিজৰ সমৰ্থকৰ সংখ্যাৰে থকা শক্তি প্রদর্শন কৰিবলৈ সমদল উলিয়াই দাখিল কৰিব মনোনয়ন-পত্র। 

আজি মনোনয়ন দাখিলৰ অন্তিম দিন। এই শেষ দিনটোৰ বাবে প্ৰাৰ্থীসকলে অপেক্ষাত আছিল। ৰাজনৈতিক দলসমূহৰ বাকী থকা ৰথী-মহাৰৰ্থীসকলে আজি দিনটোৰ ভিতৰতে মনোনয়ন দাখিল কৰিব। 

উল্লেখযোগ্য যে ৰাজ্যৰ ১২৬টা সমষ্টিৰ ভিতৰত ইতিমধ্যে ৮১টা সমষ্টিত মাত্র ১০৯ গৰাকী প্রার্থীয়েহে মনোনয়ন দাখিল কৰিছে যদিও ৪৫টা বিধানসভা সমষ্টিত এগৰাকী প্রার্থীয়েও মনোনয়ন দাখিল কৰা নাই। দুই-এখন জিলাৰ সমষ্টিসমূহৰ বাবে এখন বা দুখনহে মনোনয়ন পৰিছে যদিও নলবাৰী, হোজাই জিলাত এজনো প্রার্থীয়ে মনোনয়ন দাখিল কৰা নাই। দিন-বাৰ চাই শুভক্ষণৰ অপেক্ষাৰ অন্তত আজি মনোনয়ন দাখিলৰ অন্তিম দিনটোত বাকী থকা প্রার্থীসকলে নিজৰ নিজৰ মনোনয়নসমূহ দাখিল কৰিব। 

ৰাজ্যৰ প্ৰভাৱশালী নেতাসকলৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি অতুল বৰা, কেশৱ মহন্ত, এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, মন্ত্ৰী ডাঃ ৰণোজ পেগু, কংগ্ৰেছ ত্যাগ কৰি দিছপুৰত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা সাংসদ প্রদ্যুৎ বৰদলৈ, মীৰা বৰঠাকুৰ, বি টি চিৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰী আদি হাই প্রফাইল নেতাসকলেও আজিৰ ভিতৰতে মনোনয়নসমূহ দাখিল কৰিব লাগিব। 

২৪ মার্চত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ২৬ মার্চ নির্বাচন আয়োগে নির্ধাৰণ কৰিছে। ইতিমধ্যে হাই প্রফাইল নেতা ৰূপে পৰিচিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, মন্ত্রী পীয়ূষ হাজৰিকা, প্রশান্ত ফুকন, অশোক সিংহল, অজন্তা নেওগ, বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ভৱেশ কলিতা, বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰী, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক মনোৰঞ্জন তালুকদাৰকে ধৰি আন বহু বিধায়ক আৰু আন আন নেতাই মনোনয়ন দাখিল কৰিছে।

Share This