ডিজিটেল ডেস্কঃ ২০০৮ চনত "চান্দ কে পাৰ চলো" ধাৰাবাহিকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল। ২০২২ চনত, তেওঁ "খতৰো কে খিলাড়ী ১২" ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছিল আৰু চতুৰ্থ স্থান লাভ কৰিছিল। ইনষ্টাগ্ৰামত তেওঁৰ আছে ৪৯.৭ নিযুত অনুসৰণকাৰী। যি বহুতো বলিউড তাৰকাতকৈ অধিক। এই নায়িকাগৰাকীয়ে মাত্ৰ ২৩ বছৰ বয়সতে কঁপাই তুলিছে চিনেমা উদ্যোগক । এই মুহূৰ্তত তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৫০ কোটি! তেওঁ অভিনয় কৰি থকা ধাৰাবাহিকখনৰ প্ৰতিটো খণ্ডত লয় ১৮ লাখ টকা।
অভিনেত্ৰীগৰাকীক দূৰদৰ্শন উদ্যোগত সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰী বুলি গণ্য কৰা হয়। মাত্ৰ ২৩ বছৰ বয়সত তেওঁ নিজৰ বাবে এক বিশাল অনুৰাগীৰ আধাৰ গঢ়ি তুলিছে আৰু সম্পদৰ ক্ষেত্ৰত বিখ্যাত তাৰকাসকলকো পিছ পেলাইছে। এই অভিনেত্ৰীগৰাকীৰ নাম জান্নাত জুবেইৰ।জান্নাত জুবেইৰৰ জন্ম ২০০১ চনৰ ২৯ আগষ্টত মুম্বাইত হৈছিল। তেওঁ শিশু শিল্পী হিচাপে দূৰদৰ্শনত কাম কৰা আৰম্ভ কৰিছিল আৰু এতিয়া চলচ্চিত্ৰ উদ্যোগত এটা ডাঙৰ নাম জান্নাত। 'দিল মিল কে', 'কাশী: আপ না ৰাহে তেৰা কাকা কোৰে', 'ফুলৱা', 'মহাৰাণা প্ৰতাপ', 'তু আশিকী', 'প্যাৰ ফাইলছ' আদিত অভিনয় কৰি জান্নাত হৈ পৰিছিল জনপ্ৰিয়।
ইয়াৰ উপৰিও, তেওঁ ৰাণী মুখাৰ্জী অভিনীত ছবি 'হিচ্চি'ত অভিনয় কৰিছিল। বিভিন্ন ৰিয়েলিটি শ্ব'টো অংশগ্ৰহণ কৰিছে জান্নাতে। তাৰ মাজত 'ফিয়াৰ ফেক্টৰ: খতৰো কে খিলাড়ী ১২' আৰু চিৰিপু চেফ'। বহুতো সংগীত এলবামতো কাম কৰিছে। "খতৰো কে খিলাড়ী ১২" ত তেওঁ প্ৰতিটো খণ্ডত ১৮ লাখকৈ টকা লাভ কৰিছিল বুলি জনা যায়। কেৱল সেয়াই নহয় ইনষ্টাগ্ৰামত প্ৰতিটো পোষ্টৰ বাবে একৰ পৰা ডেৰ লাখ টকা উপাৰ্জন কৰে।