এইবিধ ৰঙীণ ফুলে নিয়ন্ত্ৰণ কৰে ডায়েবেটিছ, কেনেদৰে ব্যৱহাৰ কৰা উচিত... জানো আহক

Jyoti Borah September 30, 2023

ডিজিটেল ডেস্ক : ডায়েবেটিছ হ’ল এনে এক ৰোগ, য’ত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন নকৰে বা ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। ইনচুলিন হৈছে এনে এবিধ হৰম’ন যিয়ে শৰীৰে খাদ্যৰ পৰা গ্লুক’জক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। ডায়েবেটিছ ৰোগৰ কোনো স্থায়ী নিৰাময়ৰ উপায় নাই যদিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰি এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি। নয়নতৰা ফুলে ডায়েবেটিছ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে এই বিষয়ে জানো আহক।
স্মৰ্তব্য যে ভাৰতত যুগ যুগ ধৰি পৰম্পৰাগত চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰি অহা এবিধ ফুল হৈছে নয়নতৰা ফুল। ইয়াৰ বৈজ্ঞানিক নাম Catharanthus roseus। ইয়াক নয়নতৰা বা চিৰসেউজ ফুল নামেৰেও জনা যায়। ঔষধি গুণেৰে সমৃদ্ধ নয়নতৰা ফুল ডায়েবেটিছ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ফুলত এনে এবিধ যৌগ থাকে যিবোৰে আয়ুৰ্বেদৰ মতে ডায়েবেটিছ নিয়ন্ত্ৰণত ইতিবাচক প্ৰভাৱ পেলাব পাৰে, এই দীৰ্ঘদিনীয়া অৱস্থাৰ সৈতে যুঁজি থকা লাখ লাখ লোকক আশা আৰু সাম্ভাৱ্য উপকাৰ প্ৰদান কৰে। ডায়েবেটিছ নিয়ন্ত্ৰণত নয়নতৰা ফুলৰ অন্যতম প্ৰধান উপকাৰ হ’ল-এই ফুলৰ ইনচুলিন উৎপাদনক উদ্দীপিত কৰাৰ ক্ষমতা আছে।
কেনেকৈ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে-
ডায়েবেটিছ নিয়ন্ত্ৰণত নয়নতৰা ফুলৰ ভূমিকা বুজিবলৈ হ’লে আমি ইয়াৰ জৈৱ-ৰাসায়নিক যৌগসমূহৰ গভীৰতালৈ যাব লাগিব। এই উদ্ভিদত এলকেলয়ড (বিশেষকৈ ভিনকামাইন আৰু ভিনব্লাষ্টিন) থাকে, যিয়ে হাইপ’গ্লাইচেমিক গুণেৰে সমৃদ্ধ। এই যৌগবোৰে তেজত ছুগাৰৰ মাত্ৰা হ্ৰাস কৰি ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি হকে কাম কৰে।
কেনেকৈ ব্যৱহাৰ কৰিব পাৰি-
এই ফুলৰ পাত শুকুৱাই গুড়ি কৰি বায়ু বন্ধ পাত্ৰত সংগ্ৰহ কৰি ৰাখিব পাৰি। এই গুড়ি দৈনিক একাপ চামুচ সতেজ ফলৰ ৰস বা পানীৰ সৈতেও খাব পাৰে। লগতে নয়নতৰা ফুল লৈ একাপ পানীত উতলাই ঠাণ্ডা হ’লে চেকি প্ৰতিদিনে পুৱা খালী পেটত সেৱন কৰিলেও ডায়বেটিছ নিয়ন্ত্ৰণ থাকে।

Share This