শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পাবলৈ তেওঁক আগবঢ়াওক এই ফুল! দূৰ হব সকলো অশান্তি

Kakali Deka September 06, 2023

ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত আমি বহুতো দেৱ-দেৱী পূজা-আৰ্চনা কৰো। পূজাত আমি ভগৱানৰ ওচৰত ফুল আগবঢ়োৱাটো আমাৰ নিয়ম। সকলো ভগৱানৰে এটা প্ৰিয় ফুল থাকে। আজি কৃষ্ণৰ জন্মাষ্টমী সেয়েহে আমি আজি আপোনালোকক জনাম  শ্ৰী কৃষ্ণৰ প্ৰিয় ফুলৰ কথা। শ্ৰীকৃষ্ণৰ আশীৰ্বাদ লাভ কৰিবলৈ এই ফুলকেইপাহ অৰ্পণ কৰি আপুনি নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। যদি আপুনি শ্ৰীকৃষ্ণৰ প্ৰিয় ফুলৰ কথা নাজানে তেনেহ'লে এই প্ৰতিবেদন পঢ়ি জানি লওঁক।


ভগৱান শ্ৰীকৃষ্ণ যেতিয়া বৃন্দাবনত আছিল তেতিয়া তেওঁ কদম গছত উঠি নানান ধৰণৰ খেলা-ধূলা কৰিছিল। ভগৱান শিৱই যেনেকৈ বেল গছ ভাল পায়, ঠিক তেনেদৰে শ্ৰীকৃষ্ণও কদম গছ ভাল পায়। সেয়েহে জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পাবলৈ কদম ফুল আগবঢ়াব পাৰে।
অপৰাজিতা ফুল শনি দেৱ আৰু শ্ৰীকৃষ্ণৰ বৰ মৰমৰ। গতিকে শ্ৰীকৃষ্ণকো এই ফুলটো আগবঢ়াব পাৰে। অপৰাজিতা ফুল দুটা ৰঙৰ হয়, এটা বগা আৰু আনটো নীলা। দুয়ো পাহ ফুলেই আপুনি আগবঢ়াব পাৰে। 
ভগৱান শ্ৰীকৃষ্ণই পাৰিজাত ফুল স্বৰ্গৰ পৰা পৃথিৱীলৈ আনিছিল। শ্ৰীকৃষ্ণৰ পাৰিজাত ফুল প্ৰিয়। সেয়েহে আপুনি শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পাবলৈ  এই ফুল আগবঢ়াব পাৰে। 
ভগৱান শ্ৰী কৃষ্ণই পলাশ ফুলটো বৰ ভাল পায়, সেয়েহে আপুনি এই ফুলটো ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত আগবঢ়াব পাৰে। কমলা ৰঙৰ এই ফুলটো শ্ৰীকৃষ্ণক অৰ্পন কৰি আপুনি ভগৱানৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰে।

Share This