ডিজিটেল ডেস্ক : চীনে বাংলাদেশৰ সৈতে মিলি এনে এক কূট-কৌশল ৰচনা কৰিছে, যাৰ জৰিয়তে দেশখনে ভাৰতৰ সমগ্ৰ উত্তৰ-পূব সীমান্তৰ লগতে বংগোপসাগৰলৈকে নিজৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাটো সহজ হৈ পৰিব। কেৱল সিমানেই নহয়, চীনৰ এই পৰিকল্পনাই নিৰাপত্তাৰ দিশৰ পৰা ভাৰতৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে।
কিয়নো ইয়াৰ জৰিয়তে চীনে সামৰিক বাহন, যুদ্ধ টেংক আদি অতি সহজে উত্তৰ-পূব সীমান্তলৈ প্ৰেৰণ কৰিব পাৰিব। পাকিস্তানত চীন-পাকিস্তান অর্থনৈতিক কৰিডৰ (চি পি ই চি) প্ৰকল্পৰ দৰেই চীনে এতিয়া ম্যানমাৰৰ মাজেৰে বাংলাদেশক সংযোজিত কৰা এক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। চীনে চি পি ই চিৰ জৰিয়তে আৰব সাগৰলৈকে নিজৰ উপস্থিতি সহজ কৰি তুলিবলৈ লোৱাৰ সময়তে দেশখনে এতিয়া বংগোপসাগৰতো চকু দিবলৈ লৈছে। দেশৰ আগশাৰীৰ সংবাদ মাধ্যমত প্রকাশ পোৱা এটা বাতৰিত কোৱা হৈছে যে চীনে ট্রেন্সনেশ্যনেল ইক 'নমিক কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে চীন ভ্ৰমণ কৰাৰ সময়ত তেওঁৰ ওচৰত এই প্ৰস্তাৱটো উত্থাপন কৰা হৈছিল। চীনৰ নেতাসকলে ৰহমানৰ সৈতে এই প্ৰস্তাৱটোৰ প্ৰসংগত বিস্তাৰিতভাৱে আলোচনা কৰে। বাতৰিটোত উল্লেখ কৰা মতে, এই প্রস্তাৱটোক লৈ বাংলাদেশ যথেষ্ট উৎসাহিত হৈ পৰে। চীনে এই প্ৰস্তাৱিত কৰিডৰত চামিল হোৱা দেশবোৰৰ বাবে উন্নতমানৰ যোগাযোগ ব্যৱস্থা, বাণিজ্য আৰু মাল্টিমডেল পৰিবহণৰ সুবিধা দিব বুলি প্রতিশ্রুতি দিয়ে। বাংলাদেশে এই প্রস্তাৱটোত সমর্থন জনোৱা বুলিও প্রকাশ পাইছে। প্ৰস্তাৱিত কৰিডৰটোৰ জৰিয়তে চীনৰ কুনমিং মহানগৰক ম্যানমাৰৰ মাজেৰে বাংলাদেশৰ আগশাৰীৰ বন্দৰসমূহ, বিশেষকৈ মোংলা বন্দৰক সংযোজিত কৰা হ'ব। এই কৰিডৰৰ জৰিয়তে সামগ্ৰীৰ পৰিবহণৰ লগতে বংগোপসাগৰলৈকে চীনৰ সামৰিক উপস্থিতি অধিক শক্তিশালী হৈ পৰিব। এই কৰিডৰ চি পি ই চিৰ দৰেই নিৰ্মাণ কৰা হ'ব। চিপি ই চিয়ে গোৱাডৰ বন্দৰৰ জৰিয়তে আৰব সাগৰলৈকে চীনৰ উপস্থিতিক সহজ কৰি তোলাৰ দৰেই এই কৰিডৰে বংগোপসাগৰলৈ চীনক এটা নতুন পথৰ সুযোগ দিব। ইফালে, বাংলাদেশৰ বিষয়াসকলে প্রকাশ কৰা মতে, প্রস্তাৱিত কৰিডৰে দেশখনক বাণিজ্যত সহায় কৰিব। বাংলাদেশৰ বন্দৰসমূহৰ আধুনিকীকৰণ হ'ব আৰু বাংলাদেশত উৎপাদিত সামগ্ৰী চীনৰ বজাৰলৈ যোৱাত সহায় কৰিব।
উল্লেখযোগ্য যে চিপিই চি ভাৰতৰ সীমাৰ কাষেৰে পাৰ হৈছে। এতিয়া এই নতুন কৰিডৰটোৰ কিছুমান পথ ভাৰতৰ পূব সীমান্তৰ একেবাৰে কাষেৰে নিৰ্মাণ কৰিবলৈ বিচাৰিছে চীনে। ইয়াৰ জৰিয়তে চীনে বংগোপসাগৰ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত নিজৰ সামৰিক উপস্থিতি শক্তিশালী কৰিবলৈ প্ৰচেষ্টা চলাইছে। চীনৰ এই চীন-ম্যানমাৰ-বাংলাদেশ কৰিডৰ প্ৰস্তাৱটো উত্থাপন কৰা হয় মূলতঃ বাংলাদেশ-চীন-ভাৰত-ম্যানমাৰ (বি চি আই এম) কৰিডৰ নিৰ্মাণৰ প্ৰস্তাৱটোত বছৰো ধৰি কোনো ধৰণৰ অগ্রগতি নোহোৱাৰ পাছত।
উল্লেখযোগ্য যে বি চি আই এমৰ অধীনত চীন, ভাৰত, বাংলাদেশ আৰু ম্যানমাৰক সংযোজিত কৰা পথ, ৰে'ল তথা পৰিবহণ সংযোজনৰ এক পৰিকল্পনা আছিল। চীনৰ শেহতীয়া প্রস্তাৱটোৱে চীনৰ ইউনান প্রদেশক ম্যানমাৰৰ জৰিয়তে বাংলাদেশৰ সৈতে সংযোজিত কৰাৰ প্ৰস্তাৱটোক পুনৰুজ্জীৱিত কৰিলে। চীনে ইয়াৰ জৰিয়তে বংগোপসাগৰলৈ যোৱাৰ ক্ষেত্ৰত মালাক্কা প্রণালী হাত সৰাৰ প্ৰচেষ্টা বুলিও কোৱা হৈছে। এই কৰিডৰ চীনৰ কুনমিঙৰ পৰা আৰম্ভ হ'ব আৰু ম্যানমাৰৰ মান্দালয়ৰ মাজেৰে য়াংগুন আৰু কিয়াকফুলৈক নিৰ্মাণ কৰা হ'ব। তাৰ পৰা পথ আৰু ৰে'ল পথেৰে বাংলাদেশৰ চট্টগ্রাম আৰু কক্স বজাৰক সংযোজিত কৰা হ'ব। বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে, প্ৰস্তাৱিত কৰিডৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে দেশখনৰ পথ, ৰে'লপথ, বন্দৰসমূহ আৰু বিশেষ অর্থনৈতিক মণ্ডলত চীনৰ বিনিয়োগ বৃদ্ধি পাব।
বাংলাদেশৰ সামগ্ৰী চীন আৰু দক্ষিণ-পূব এছিয়াৰ বজাৰলৈ যোৱাতো সহজ হৈ পৰিব। ইয়াৰ ফলত দেশখনৰ অৰ্থনীতি প্রাণোচ্ছল হৈ পৰিব। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, যিকোনো ধৰণৰ অত্যাধুনিক পথ, ৰে'ল পৰিবহণ ব্যৱস্থা তথা বন্দৰ নেটৱৰ্কৰ শান্তিৰ সময়ত বেপাৰ-বাণিজ্যৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু যুদ্ধ বা দুখন দেশৰ মাজত উত্তেজনাৰ সৃষ্টি হ'লে সৈনিক, সামৰিক অস্ত্র-শস্ত্র তথা ৰচদ-পাতি আদিৰ সুচল পৰিবহণত ব্যৱহাৰ কৰা হ'ব পাৰে। ঢাকাত থকা চীনৰ ৰাষ্ট্ৰদূত য়াও বেনে কয় যে বাংলাদেশ আৰু চীনৰ মাজত আৰম্ভ হোৱা সহযোগিতা ইমানতে শেষ নহয়। ইয়াত ইচ্ছা কৰিলে আন দেশেও সহযোগ কৰিব পাৰে। এইক্ষেত্ৰত দেশবোৰে নিজাকৈ সিদ্ধান্ত ল'ব পাৰে। প্ৰতিৰক্ষাৰ দিশৰ পৰা এই কৰিডৰ ভাৰতৰ বাবে প্রধান চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। এই কৰিডৰে বংগোপসাগৰ আৰু ইয়াৰ দাঁতি-কাষৰত থকা বন্দৰসমূহ, উদ্যোগিক মণ্ডল, পৰিবণ আন্তঃগাঁথনিৰ জৰিয়তে ভাৰতৰ-পূব আৰু উত্তৰ-পূব সীমান্তত চীনৰ উপস্থিতি অধিক শক্তিশালী কৰিব। ইয়াৰ লগতে এই কৰিডৰৰ জৰিয়তে চীনে ভাৰত মহাসাগৰৰ এটা বৃহৎ অংশত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব।
উল্লেখযোগ্য যে বাংলাদেশত শ্বেখ হাছিনাৰ চৰকাৰৰ পতন ঘটাৰ পাছৰে পৰা দেশখনৰ চীনৰ সৈতে সম্পর্ক অধিক ঘনিষ্ঠ হ'বলৈ লৈছে। হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা বাংলাদেশে চীনৰ সৈতে ভাৰতৰ বাবে উদ্বেগৰ সৃষ্টি কৰা কেইবাখনো চুক্তি কৰিছে। ইয়াৰ ভিতৰত তিস্তা নদী প্রকল্প, পূব সীমান্তৰ কাষতে থকা লাৱমনিৰহাট বিমান ঘাটিৰ উন্নয়ন, যুঁজাৰু বিমানৰ বিক্ৰী তথা ঢাকাত ড্র'ন নির্মাণ আৰু প্ৰযুক্তি হস্তান্তৰ গোট স্থাপন কৰা তথা মংগলা বন্দৰৰ কাষৰ অৰ্থনৈতিক অঞ্চলৰ বিকাশৰ ঠিকা চীনক দিয়াও আছে।