ডিজিটেল ডেস্ক : চৰকাৰ গঠন কৰিয়েই প্রতি মাহে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা আৰম্ভ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। যোৱা জুন মাহত ২০০০ কোটি টকাৰ ঋণ লোৱাৰ পাছত ৰাজ্য চৰকাৰখনে এতিয়া পুনৰ ১০০০ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে।
অহা ১৭ জুলাইত ল'বলগীয়া এই ঋণৰ বাবে ইতিমধ্যে বিত্ত বিভাগে ৰিজার্ভবেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। চৰকাৰী ছিকিউৰিটি নিলাম কৰি দহ বছৰৰ বাবে চৰকাৰখনে ল'ব এই ধন। উল্লেখযোগ্য যে চলিত বিধানসভাত ৰাজ্যৰ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২০২৫ চনৰ ৩১ মাৰ্চলৈ ৰাজ্য চৰকাৰৰ মুঠ ঋণ ১,৬১,৭৬১ কোটি টকালৈ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰিছে। কিন্তু ৰিজার্ভ বেংকৰ শেহতীয়া তথ্য মতে, অসমৰ ঋণৰ পৰিমাণ ২,০৬১,৬০৮ কোটি টকা হৈছেগৈ।
ইফালে ঋণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্য চৰকাৰখনে প্রতি মাহে বৃহৎ অংকৰ ধনো সুদৰ নামত ব্যয় কৰিবলগীয়া হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষতে সুত পৰিশোধৰ বাবে প্রায় ৯,৪৬৭.৪৫ কোটি টকা ব্যয় হৈছে। অথচ ২০১৬-১৭ বিত্তীয় বর্ষত এই ব্যয় আছিল মাত্র ২,৯৬৩.৭৫ কোটি টকা। অর্থাৎ প্রায় দহ বছৰত সুত পৰিশোধৰ ব্যয় তিনিগুণতকৈ অধিক বৃদ্ধি পাইছে। তথ্য অনুসৰি, ২০১৭-১৮ত সুতত ব্যয় হৈছিল ৩,২০৫.৩২ কোটি টকা, ২০১৮-১৯৩ ৩,৮৪৪.৩৭ কোটি টকা, ২০১৯-২০৩ ৪,৪৩৮.৮৭ কোটি টকা, ২০২০-২১ত ৫,১৯৯.১৮ কোটি টকা, ২০২১-২২৩ ৬,০৫১.৪৭ কোটি টকা, ২০২২-২৩৩ ৬,৮৭৪.৯৭ কোটি টকা, ২০২৩-২৪৩ ৮,১৩৯.১৭ কোটি টকা, ২০২৪-২৫ত ৯,৪৬৭.৪৫ কোটি টকা।
আনহাতে, শেহতীয়াকৈ চৰকাৰে দাখিল কৰা বাজেটত চলিত বিত্তীয় বৰ্ষত ৩০ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তাৱ দিছে। এই ধন লোৱাৰ পাছত অনাগত দিনত সুতৰ পৰিমাণো অভাৱনীয়ভাৱে বৃদ্ধি পাব। সকলোতকৈ ডাঙৰ কথা যে ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আগলৈকে ঋণৰ পৰিমাণো আছিল যথেষ্ট কম। ২০১৬ চনৰ ৩১ মাৰ্চলৈ ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ আছিল মাত্র ৩৫,৬৯০ কোটি টকা। তাৰ পাছত ঋণৰ পৰিমাণ দ্রুতগতিত বৃদ্ধি পায়। বিশেষকৈ ড° হিমন্ত বিশ্ব শর্মাই মুখমন্ত্রী হিচাপে শপত লোৱাৰ পাছত ঋণে ডিঙি চুইছেগৈ।
ইফালে বিৰোধী পক্ষই ঋণৰ ধনেৰে ইখনৰ পাছত সিখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও চৰকাৰে এই অভিযোগ মানি ল'ব বিচৰা নাই। চৰকাৰৰ মতে, নির্দিষ্ট নিয়ম মতেই ঋণ লোৱা হৈছে। ইফালে অহা আগষ্ট মাহৰ পৰা চৰকাৰে বন্ধ হৈ থকা অৰুণোদয়কে ধৰি আন কেইবাখনো আঁচনি পুনৰ ৰূপায়ণ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি অহা তিনি আগষ্টত অৰুণোদয়ৰ অধীনত ৰাজ্যৰ লাখ লাখ মহিলাই বেংকযোগে ধন লাভ কৰিব। যাৰ বাবে ৰাজ্য চৰকাৰখনে ঋণ ল'বলৈ বাধ্য হৈ পৰিছে।