ডিজিটেল ডেস্ক : ভৰ বাৰিষাৰ পূৰ্বে দিচাংমুখত ব্ৰহ্মপুত্ৰৰ খহনীয়া আৰম্ভ হৈছে। ইতিপূৰ্বে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি ব্ৰহ্মপুত্ৰ আৰু দিচাং নৈৰ খহনীয়াত জাহ যোৱাৰ ফলত দিচাংমুখৰ কেইবাখনো নৈপৰীয়া গাঁও এতিয়া অস্তিত্বৰ সংকটত ভুগিছে। কৃষিৰ জৰিয়তে জীৱনৰ সপোন ৰচা নৈপৰীয়া সেই কৃষকসকলৰ কৃষিভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাত এতিয়া তেওঁলোকৰ পাছৰ প্ৰজন্মৰ অধিকাংশই কৃষি কৰ্মৰ পৰিৱৰ্তে দিন-হাজিৰা কৰি জীৱন নির্বাহ কৰিবলৈ বাধ্য হৈ পৰিছে। দিচাংমুখৰ অধিকাংশ লোক এতিয়া ভূমিহীন।
ব্ৰহ্মপুত্ৰ আৰু দিচাং নৈৰ নেৰানেপেৰা বান আৰু গৰাখহনীয়াৰ কবলত পৰি সর্বস্বান্ত হোৱা লোকসকলে লাহে লাহে নিৰাপদ স্থান হিচাপে ব্ৰহ্মপুত্ৰৰ কাষেৰে যোৱা মথাউৰিটোৰ কাষতে অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰি আহিছে। যি দুই- এটা পৰিয়াল আর্থিকভাবে সচ্ছল, তেওঁলোকে বান আৰু গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ শিৱসাগৰ নগৰৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত এডোখৰকৈ ভূমি ক্ৰয় কৰি নিজকে স্থানান্তৰিত কৰিছে। কিন্তু যিসকল লোক আর্থিকভাবে দুৰ্বল, তেওঁলোকৰ বাবে বান আৰু গৰাখহনীয়াৰ সৈতে সংগ্ৰাম এক সংস্কৃতি হৈ পৰিছে।
৮০ দশকৰ আৰম্ভণিৰ পৰা ব্ৰহ্মপুত্ৰই আৰম্ভ কৰা ধাৰাবাহিক খহনীয়াৰ বাবে তাহানিৰ দিচাংমুখৰ অধিকাংশ ভূমি ব্রহ্মপুত্রত জাহ যোৱাৰ ফলত এতিয়া দিচাংমুখৰ অৱশিষ্ট অংশটোতহে দিচাংমুখবাসীয়ে বসবাস কৰি আহিছে। ব্ৰহ্মপুত্ৰৰ সমান্তৰালভাৱে দিচাং নৈৰ প্রকোপো সমানেই। দুয়োখন নৈৰ দ্বাৰা প্ৰতি বছৰে হোৱা বান আৰু গৰাখহনীয়াত সর্বাধিক ক্ষতিগ্রস্ত হোৱা দিচাংমুখৰ অঞ্চলসমূহ হ'ল ক্রমে মামল গড়ভগা, গড়ভগা, চৰাইপৰা, অফলা মাজৰবাৰী, বাহিৰ লিগিৰী বাৰী, আলিছিগা আদিৰ সহিতে দিচাংমুখৰ গাতে লাগি থকা স'ৰাগুৰি। প্ৰতি বছৰে খহনীয়াৰ সন্মুখীন হৈ অহা নৈপৰীয়া লোকসকল এতিয়া মথাউৰি কাষৰ বাসিন্দা। শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৩ কিল'মিটাৰ দূৰত্বৰ জিলাখনত পশ্চিম প্রান্তত অৱস্থিত দিচাংমুখ হ'ল ৯৬নং শিৱসাগৰ সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্র। ইয়াত আছে দুটাকৈ চৰকাৰে আবণ্টন দিয়া ফেৰী ঘাট। ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত সংযোগ স্থাপন কৰা অভ্যন্তৰীণ জল পৰিবহণ বিভাগ (আই ডব্লিউ টি)ৰ দুটা জলপথ হ'ল দিচাংমুখ-টেকেলিফুটা আৰু দিচাংমুখ-মাতমৰা। বগীবিল দলং সম্পূৰ্ণ হোৱাৰ পাছত দিচাংমুখৰ এই দুয়োটা জলপথত যাতায়াতৰ সংখ্যা যথেষ্ট হ্রাস পালে। তথাপিও ফেৰী চলাচল অব্যাহত আছে। কিন্তু খহনীয়া প্রতি বছৰে অব্যাহত থকাৰ বাবে এতিয়া উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত চলাচল কৰা ফেৰীকেইখন দিচাংমুখৰ পৰিৱৰ্তে অফলা অঞ্চলৰ শেষ মূৰত ৰখোৱা হয়। যদি বিগত ১০-১২ বছৰলৈ লক্ষ্য কৰা যায় তেন্তে দিচাংমুখক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ ভূমিকা অতিকৈ পুতৌজনক।
চৰকাৰ অথবা সংশ্লিষ্ট বিভাগটোৰ দ্বাৰা খহনীয়া ৰোধৰ যি বিজ্ঞানসন্মত আঁচনিক কাৰ্যকৰী কৰিব লাগিছিল সেয়া আজিও সম্পূর্ণ হৈ নুঠিল। ৫/১০ কোটি টকা চৰকাৰে খহনীয়া ৰোধৰ নামত আবণ্টন দিলে দিচাংমুখক খহনীয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰে। দিচাংমুখৰ গৰাখহনীয়া ৰোধ কৰাৰ সন্দৰ্ভত দিচাংমুখৰ বিশিষ্ট ব্যক্তি ডেম্বিৰাম পাংগিঙে সংবাদ মাধ্যমৰ আগত কয় যে দিচাংমুখৰ এই খহনীয়া ৰোধ কৰা ব্যৱস্থাটোক চৰকাৰে এক ৰাষ্ট্ৰীয় প্রকল্প, এক মিছন হিচাপে লৈ আগবাঢ়িব লাগিব। যদি অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিলেহেঁতেন তেন্তে দিচাংমুখৰ গৰাখহনীয়া সমস্যাই ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি পালেহেঁতেন। কিন্তু এয়া সম্ভৱ হৈ উঠা নাই। ৰাজ্য চৰকাৰৰ পুঁজিৰে দিচাংমুখৰ গৰাখহনীয়া সমস্যাক প্ৰতিৰোধ কৰাটো তেনেদৰে সম্ভৱ নহয়। অসম চৰকাৰে দায়িত্ব সহকাৰে দিচাংমুখৰ দৰে আন আন ঠাইৰ গৰাখহনীয়া সমস্যাটোক সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বলিষ্ঠভাৱে দাঙি ধৰিব লাগিব। উন্নত প্ৰযুক্তিৰ দ্বাৰা দিচাংমুখৰ গৰাখহনীয়া সমস্যাৰ সমাধান হ'ব। ইয়াৰ পৰিকল্পনা অসম চৰকাৰে সদিচ্ছাৰে কৰিব লাগিব। অসম চৰকাৰে যদি সদিচ্ছাৰে এই কাম কৰে অন্ততঃ দিচাংমুখৰ নৈপৰীয়া ৰাইজে বাচি থকা ভূমিখণ্ডক লৈ জীৱন যাপন কৰাৰ এক নতুন পৰিকল্পনা কৰিব পাৰিব বুলি ডেম্বিৰাম পাংগিঙে কয়। উল্লেখ কৰাৰ প্ৰয়োজন যে বৰ্তমান ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে তিনিটা কাৰ্যকালত ভৰি দিলে।
পূৰ্বৰ দুটা কাৰ্যকালৰ জলসম্পদ মন্ত্রী দুজনে দিচাংমুখৰ গৰাখহনীয়া ৰোধ কৰাৰ কেনে আঁচনি গ্রহণ কৰিছিল ইয়াক এবাৰ ওচৰৰ পৰা চালে ওলাই পৰিব। যোৱা পাঁচটা বছৰত শিৱসাগৰৰ অভিভাৱক মন্ত্রী ড° ৰণোজ পেগুৱে দিচাংমুখৰ এই গৰাখহনীয়া ৰোধৰ বাবে তেনে কোনো গুৰুত্বপূৰ্ণ প্ৰস্তাৱ চৰকাৰৰ সন্মুখত ৰখাটো দিচাংমুখীয়া ৰাইজ জ্ঞাত নহয়। এতিয়া জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিমল বৰাক দিয়া হৈছে। নতুন অভিভাৱক মন্ত্ৰীগৰাকীৰ ওপৰত এতিয়া দিচাংমুখীয়া ৰাইজে কিছু আশা কৰিছে। আনহাতে, মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত শিৱসাগৰ জিলাৰ দিচাংমুখৰ এই গৰাখহনীয়া ৰোধ কৰাৰ কেনে পদক্ষেপ গ্রহণ কৰিব সেয়াও আগন্তুক সময়ত ৰাইজে প্রত্যক্ষ কৰিব।