যোৰহাটৰ কদমণি পথাৰত হাজাৰ বিঘা কৃষিভূমিত নহয় ধান খেতি

dainik janambhumi June 12, 2026

ডিজিটেল ডেস্ক : মানৱসৃষ্ট উপসৰ্গৰ বাবেই যোৰহাটত হাজাৰ বিঘা কৃষিভূমিত খেতিয়কে কৃষি কাৰ্য কৰিব নোৱাৰাত আবাদী ভূমি হিচাপে পৰিগণিত হৈছে। দীর্ঘসময় ধৰি শালিধানৰ খেতি কৰি যোৰহাটৰ কুৰিখন গাঁৱৰ কৃষকে ধানৰ উৎপাদন কৰি অহা বৃহত্তৰ হাজাৰোধিক বিঘা খেতি মাটিত এতিয়া কৃষিকাৰ্যৰ পৰা বিৰত আছে জনতা। কাৰণটো জানিলে আচৰিত নোহোৱাকৈ নাথাকে আপুনিও। যোৰহাট জিলাৰ উত্তৰ প্ৰান্তৰ নিমাতী পথৰ দুয়োপাৰে ৰংদৈ-নিমাতীৰ মধ্যম স্থলতে আছে কদমণি পথাৰ। যুগ যুগৰ পৰা ধানখেতি কৰি অহা কদমণি পথাৰৰ বিশাল পানীধাৰা ওলাই যায় নিমাতীৰ গৰিয়াভগা জানেৰে। কদমণি পথাৰৰ পশ্চিম অংশৰ পৰা উৎপত্তি হোৱা গৰিয়াভগা জানটো বৰআলি-ৰংদৈ গাঁও হৈ পটিয়াচৰলাত পৰিছে। পটিয়াচৰলাৰ পৰা উৎপত্তি হোৱা বেজীজানেৰে এই পানীধাৰা গেলাবিলত পৰিছে। উত্তৰ যোৰহাটৰ নিমাতী অঞ্চলৰ বৃহৎ জলৰাশি এই গৰিয়াভগা জানেৰে ওলাই গৈ জনসাধাৰণক বাঢ়নী পানীৰ পৰা ৰক্ষা কৰি আহিছিল। কিন্তু ৰাইজে জানি আচৰিত হ'ব যে পূৰ্বৰ সেই গৰিয়াভগা জানটো এতিয়া একাংশ দানৱৰূপী মানৱৰ কৃতকৰ্মৰ বাবে মৃত্যু হোৱাৰ দিশে ধাৱমান হৈছে। কিছু কিছু ঠাইত জানখনৰ অৱশিষ্ট নাইকিয়া হৈছে। একাংশ লোকে জানখনৰ মাটি বেদখল কৰাত সৰু খাল এটাৰ দৰে হৈ পৰিছে। আনহাতে, কিছু অংশত হাবি-জংঘলেৰে আৱৰি থকা পানী নিষ্কাশন ক্ষমতা হেৰুৱাই পেলাইছে। উত্তৰ যোৰহাটৰ নিমাতী পথৰ পৰা কদমণি পথাৰৰ মাজেৰে গৰিয়াভগা হৈ বৰআলি ৰংদৈ গাঁৱৰ মাজেৰে বৰআলিৰ কাষেৰে পটিয়াচৰলাত পৰিছে। জানটো উৎপত্তিস্থলতে চৰকাৰী নথিমতে যিমান বহল হ'ব লাগে, সিমান বর্তমান নাই বুলি জানিব পৰা গৈছে।

মৎস্য ব্যৱসায়ৰ লগত জড়িত একাংশ লোকে বৃহৎ বৃহৎ ফিচাৰী নিৰ্মাণ কৰি গৰিয়াভগা জানখনলৈ মৃত্যুৰ অৱকাশ কঢ়িয়াই আনিছে। সেইদৰে গৰিয়াভগা অংশতো জানটোৰ চিন-মোকাম নাইকিয়া হৈ গৈছে। বিশেষকৈ বৰআলি ৰংদৈ গাঁৱত বহু অংশত বেদখল হোৱাত পানী ওলাই যাব নোৱাৰা হৈছে। যুগ যুগ ধৰি পানী প্ৰৱহণত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা জানখনক এনেদৰে মৃত্যুমুখলৈ ঠেলি দিয়াৰ ফলত অঞ্চলটোৰ সামাজিক তথা অর্থনৈতিক অৱস্থাতো আঘাত হানিছে। যিহেতুকে গৰিয়াভগা জানটো মৃতপ্রায় হোৱাত পানী ওলাই যোৱা ক্ষমতা সম্পূৰ্ণৰূপে নাইকিয়া হৈ পৰাত বৃহত্তৰ নিমাতী অঞ্চলত বাৰিষা বাঢ়নী পানী সোমাই জনসাধাৰণৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাতৰ সৃষ্টি হৈ আহিছে। অঞ্চলটোৰ মাকৰিখুটি, গৰিয়াভগা, ভগনীয়া, কুমাৰ গাঁও, ভিতৰ ককিলা কৈৱৰ্ত গাঁও, ককিলা, দগাঁও, যোগনীয়া, ডাঁহিখোৰ, বাহনা, চাৰিগাঁও আদি কুৰিখনৰো অধিক গাঁৱৰ হাজাৰোধিক বিঘা কৃষিভূমি থকা কদমণি পথাৰৰ পানী ওলাই যাব নোৱাৰি আবদ্ধ হৈ থকাত ককিলা, কুমাৰ গাঁও, মাকৰিখুটি আদি গাঁৱৰ একাংশ মানুহৰ ঘৰত পানী সোমায়। বাৰিষা আহিলেই এইসমূহ গাঁৱৰ জনতাৰ অৱস্থা অতি দুর্বিষহ হৈ পৰে। আনহাতে, জানখনৰ পানী ওলাই যাব নোৱাৰাৰ বাবে বিগত ১০-১৫ বছৰৰ ভিতৰত কদমণি পথাৰখন আবদ্ধ পানীয়ে ভৰি খেতিপথাৰৰ অনুপযোগী হৈ পৰে। এফালে হাজাৰ বিঘা খেতিভূমি অনিষ্ট হৈ কৃষকসকলে হুমুনিয়াহ কাঢ়িব লগীয়া হয়, আনফালে বাঢ়নী পানীৰ কৱলত পৰি কেইবাখনো গাঁৱৰ একাংশ জনতাই বছৰ বছৰে দুর্বিষহ জীৱন কটাব লগীয়া হৈছে। এনে এক অৱস্থাত যোৰহাট জিলা প্রশাসনৰ দায়িত্ব নাইনে?

কদমণি পথাৰখনৰ পানী উলিয়াই নিবলৈ বিজ্ঞানসন্মতভাৱে আঁচনি গ্রহণ কৰাটো অতি জৰুৰী হৈ পৰিছে। গৰিয়াভগা জানটোৰ অবৈধ বেদখল উচ্ছেদ কৰি বিজ্ঞানসন্মতভাৱে খান্দি চৰকাৰী নথি মতে বহল কৰি পটিয়াচৰলা বিলত পেলাব পাৰিলেহে দীর্ঘদিনীয়া সমস্যাটো সমাধান হ'ব। এই ক্ষেত্ৰত যোৰহাট জিলা প্রশাসনে বিভাগসমূহৰ যোগেদি পদক্ষেপ ল'ব লাগিব। যোৰহাটৰ আয়ুক্তগৰাকীয়ে এইক্ষেত্ৰত ব্যৱস্থা গ্রহণ কৰিলে কৃষক ৰাইজৰ দীর্ঘদিনীয়া অভাৱ নাইকিয়া হ'ব।

Share This