ডিজিটেল ডেস্ক : প্রলয়ংকৰী বানৰ কবলত পৰা শিৱসাগৰৰ বৃহত্তৰ ৰংপুৰ-ৰুদ্ৰসাগৰ, বেতবাৰী অঞ্চলত যেন থমকি ৰৈছে জীৱন। ক'ৰবাত পানী অলপ হ্রাস পাইছে যদিও সেই পানীয়ে এৰি যোৱা বোকা, ধ্বংসস্তূপ আৰু অনিশ্চয়তাৰ মাজেৰে ঘৰলৈ উভতি যোৱাৰ সাহস এতিয়াও লাভ কৰিব পৰা নাই অগণন বন্যাক্রান্তই। আনফালে সাহায্যৰ অপেক্ষাত দিন কটাই থকা অসংখ্য লোকৰ অভিযোগ-যি সহায় সময়মতে পোৱাৰ কথা আছিল, সেয়া আজিও বহু ঠাইত আহি নাপালেহি। এই ভয়ংকৰ দুৰ্যোগৰ মাজতে অঞ্চলকেইটাত কেইবাজনো লোকৰ কৰুণ মৃত্যুৱে ৰাইজক অধিক শোকাহত কৰি তুলিছে। সুদীর্ঘ বাৰ বছৰ ধৰি বেতবাৰী শংকৰদেৱ শিশু নিকেতনত কৰ্মৰত টিয়া মূৰাৰী বানত অসুস্থ হৈ সময়মতে চিকিৎসা নোপোৱাত কালি পুৱা শেষ নিশ্বাস ত্যাগ কৰে।
আনহাতে, বাঢ়নী পানী চাবলৈ গৈ মেছাগড় কোঁৱৰগাঁৱত ডুবি মৃত্যুক সাবটি লয় সদ্য উচ্চতৰ মাধ্যমিক উত্তীর্ণ যুৱক অম্লান বৰগোহাঁয়ে (২০)। জিলাখনৰ খনামুখৰ কৃষ্ণ বাইলুং (১৩) আৰু শিৱসাগৰ ৰে'লৱে কলনিৰ জয় বিশ্বকর্মা (২৫)-য়ো পৃথক পৃথক ঘটনাত বানপানীৰ কবলত পৰি প্ৰাণ হেৰুৱায়। এই চাৰিটা মৃত্যুৱে বানৰ বিভীষিকাক আৰু অধিক বেদনাদায়ক কৰি তুলিছে। ধিতাইপুখুৰী, কোঁৱৰপুৰ, ডিমুৱাল, বকলগাঁও আদি অঞ্চলত পানী কিছু হ্রাস পালেও বৃহত্তৰ বেতবাৰী, ৰংপুৰ, ৰুদ্রসাগৰ, জয়সাগৰ, শেনচোৱা, হাতীখোঁক, মেটেকা, পানীচুকি, সিংহদুৱাৰকে ধৰি বহু অঞ্চল আজিও পানীৰ কবলত। বহু ঘৰৰ চৌহদ এতিয়াও জলমগ্ন। ক'ৰবাত কেৱল চালৰ অংশহে দেখা গৈছে, আন ক'ৰবাত ঘৰবোৰ যেন পানীৰ মাজত নীৰৱে থিয় দি আছে। বৃহত্তৰ ৰংপুৰ আৰু ৰুদ্রসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহো এই বানৰ ৰোষৰ পৰা ৰেহাই নাপালে। আহোম যুগৰ ঐতিহ্য বহন কৰা তলাতল ঘৰৰ ন-দুৱাৰ আৰু পানী দুৱাৰ সম্পূৰ্ণ পানীৰ তলত, খাৰ-বাৰুদ সংৰক্ষণ কৰা ঐতিহাসিক গোলাঘৰ চাৰিওফালৰ পৰা পানীয়ে আগুৰি ধৰিছে। ইতিহাসৰ সাক্ষী এই কীৰ্তিচিহ্নসমূহৰ এনে দৃশ্যই সকলোকে ব্যথিত কৰি তুলিছে। জয়সাগৰ অঞ্চলত ডিমৌ নদীৰ বাঢ়নী পানীয়ে ৰূপহী, জেৰেঙা পথাৰ, চিপাহীগাঁও, আমগুৰি, মেটেকা, বগীদল, জয়ানগৰ, জোনাকীনগৰ, ৰুদ্রসাগৰকে ধৰি বিস্তৃত অঞ্চল প্লাৱিত কৰিছে। শ শ পৰিয়ালৰ লক্ষাধিক টকাৰ সা-সম্পত্তি এতিয়াও পানীৰ তলত। আনহাতে, চেপন-চূণপোৰা পথত একঁকাল পানী থকাৰ বাবে যোগাযোগ সম্পূর্ণ বিচ্ছিন্ন হৈ আছে। খাদ্য, বিশুদ্ধ খোৱাপানী আৰু নিত্যপ্রয়োজনীয় সামগ্ৰীৰ তীব্র সংকটত দিন পাৰ কৰিছে বহু পৰিয়ালে। বিভিন্ন অঞ্চলৰ বন্যাক্রান্তই অভিযোগ কৰিছে যে চৰকাৰী সাহায্য এতিয়াও পর্যাপ্তভাৱে পোৱা নাই। ক'ৰবাত চাৰি দিনৰ পাছত মাত্ৰ কেইটামান পানীৰ বটল আৰু সামান্য খাদ্যসামগ্রী বিতৰণ কৰা হৈছে। সাহায্য বিতৰণৰ ক্ষেত্ৰতো বহু ঠাইত বৈষম্যৰ অভিযোগ উঠিছে। বহু লোকৰ ভাষ্য- 'যিমানখিনি সাহায্যৰ প্রয়োজন, সেয়া এপাচি শাকত এটা জালুকৰ নিচিনা।' এনে কঠিন সময়ত বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, সামাজিক অনুষ্ঠান আৰু স্থানীয় যুৱকসকলে মানৱীয় দায়িত্ব পালন কৰি বন্যাক্রান্তৰ কাষত থিয় দিছে।
শিৱসাগৰ জিলা ছাত্ৰ সন্থা, অসম জাতীয় পৰিষদ, সংগ্রামী সেনা অসম, জাতীয় সংগ্রামী সেনা অসম, ৰংঘৰ চাৰিআলি মছজিদ কমিটী, আমগুৰি গাঁৱৰ যুৱ সমাজ, 'প্রয়াস'কে ধৰি বহু সংগঠনে খাদ্য, বিশুদ্ধ পানী, কাপোৰ আৰু অত্যাৱশ্যকীয় সামগ্রী বিতৰণ অব্যাহত ৰাখিছে। দুৰ্যোগৰ এই কঠিন ক্ষণত মানুহে শেষ আশ্রয় বিচাৰিছে সৃষ্টিকৰ্তাৰ ওচৰত। ৰংঘৰ চাৰিআলিৰ বৰ মছজিদ, আমগুৰি গাঁও বৰ মছজিদ, হাতীখোঁক, জয়সাগৰ, ন-আলি, পি-দিন নগৰ আদিকে ধৰি বিভিন্ন মছজিদত বানৰ পৰা পৰিত্ৰাণ বিচাৰি সমূহীয়া দোৱা-প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। ইফালে, বানৰ পানীয়ে শিৱসাগৰ নগৰৰ দৰিকাপাৰ, খাটপথাৰ, পশ্চিম যমুনা ৰ'ড, জেঙনীকটীয়া, বাবুপট্টি, ধাইআলি, ফুকননগৰ, দ'লমুখ চাৰিআলি আদি বিস্তৃত এলেকা জলমগ্ন কৰি ৰাখিছে। অ' এন জি চিৰ কেন্দ্ৰীয় কাৰখানাকে ধৰি বহু কার্যালয় বন্ধ কৰিবলগীয়া হৈছে। বিদ্যালয়, নামঘৰ, গুৰুদ্বাৰ, চৰকাৰী কাৰ্যালয় এতিয়াও পানীৰ মাজত। নগৰীয়া জনজীৱন প্রায় সম্পূর্ণ স্তব্ধ। দিখৌ, দিচাং, ডিমৌ, জাঁজী আৰু দৰিকা নদীৰ একেলগীয়া তাণ্ডবে শিৱসাগৰ জিলাক অভূতপূর্ব সংকটৰ মুখলৈ ঠেলি দিছে। সীমিত উদ্ধাৰ সঁজুলিৰ বাবে এতিয়াও বহু লোক পানীত আবদ্ধ হৈ আছে। সম্প্রতি দিখৌ নদীৰ জলস্তৰ পুনৰ বৃদ্ধি পোৱাৰ খবৰে নৈপৰীয়া অঞ্চলসমূহত নতুনকৈ শংকাৰ সৃষ্টি কৰিছে। দিখৌ নদীৰ মেটেকা আৰু মেছাগড় কোঁৱৰ গাঁৱত মথাউৰি কিছু দুৰ্বল হৈ পৰাত আজি বিভাগীয় কর্তৃপক্ষই মেৰামতি কৰা পৰিলক্ষিত হৈছে।