ডিজিটেল ডেস্ক : হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতি যেন স্বাভাৱিক নহ'বই। পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্যখন। ৰাজ্যখনৰ ট্ৰংলাবৈত ৭এপ্রিলত বোমা বিস্ফোৰণেৰে দুটি শিশুৰ হত্যাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ বিভিন্ন স্থানত প্রতিবাদ অব্যাহত আছে। হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত দেওবাৰে সন্ধিয়া ৰাজ্যখনৰ ইম্ফল পূব, ইম্ফল পশ্চিম, কাকচিং আদি জিলাত হাজাৰ হাজাৰ প্ৰতিবাদী জনতা ৰাজপথলৈ ওলাই আহে।
তদুপৰি, প্ৰতিবাদী জনতাই আগন্তুক লোকপিয়লৰ পূৰ্বে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) ৰূপায়ণৰো দাবী জনায়। ইফালে, প্রতিবাদে ক্ৰমাৎ উত্তপ্ত ৰূপ ধাৰণ কৰাৰ সময়তে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ প্রয়োগ কৰি প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ চেষ্টা কৰে। বহু স্থানত প্রতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীৰ লোকৰ সৈতে হতাহতিত লিপ্ত হয়, যাৰ ফলত বহু প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হয়।
জনতাৰ হিংসাত্মক প্ৰতিবাদৰ ফলত ৰাজ্যখনৰ বহু স্থানত সান্ধ্য আইন বাহাল ৰখা হৈছে। ইফালে, ৰাজ্যখনত প্রতিবাদ ৰোধৰ বাবে বৃহৎ সংখ্যক নিৰাপত্তা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।