জোনাইত অমৃত বৃক্ষ আন্দোলনৰ নামত  নষ্ট চৰকাৰে যোগান ধৰা হাজাৰ হাজাৰ গছপুলি

Jyoti Borah September 19, 2023

ডিজিটেল ডেস্কঃ গছ পুলি ৰোপণৰ নামত অসমে অভিলেখৰ পিছত অভিলেখ গঢ়িলে।কিন্তু যি উদ্দেশ্য লৈ গছ পুলি ৰোপন কৰা হৈছিল সেই উদ্দেশ্য যেন জোনাইত সম্পূৰ্ণ সফল নহ’ল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিনটোতে সর্বাধিক গছপুলি ৰোপণেৰে অসমে গঢ়িলে অভিলেখ যদিও জোনাইত বহু গছ পুলি মাৰিও পেলোৱা হ’ল। ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানতো দেওবাৰে ৰোপণ কৰা হয় চৰকাৰে যোগান ধৰা  গছপুলি।কিন্তু অভিলেখ সৃষ্টিৰ বাবে গছপুলি ৰোপণৰ নামত নষ্ট কৰা হ’ল হাজাৰ হাজাৰ গছপুলি।  বহু গছ পুলি অনাদৃতভাবে  পৰি ৰল জোনাইৰ কেমি জেলম গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত।ফলত পুলিবোৰ শুকাই গ’ল।
 অকল জোনাইতে  নহয়, বিভিন্ন ঠাইত চৰকাৰে যোগান ধৰা হাজাৰ হাজাৰ গছপুলি ৰোপণৰ পূৰ্বেই শুকাই মৰহি যোৱাৰ খবৰ পোৱা গৈছে।
কেমি জেলম গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰাংগনত শুকাই যোৱা গছ পুলিবোৰ দেখি প্ৰকৃতিপ্ৰেমীসকলৰ অন্তৰ এতিয়া ভাৰাক্ৰান্ত হৈ পৰিছে। 

এনেদৰে ৰাজ্য চৰকাৰে অকল অভিলেখ সৃষ্টিৰ বাবেই জীয়াই থকা গছপুলি তুলি আনি  শুকাই মৰিবলৈ দিয়া কাৰ্যক কঠোৰ ভাষাৰে গৰিহনা দিছে অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই।
উল্লেখ্য যে গছপুলি ৰোপণ কৰি অভিলেখ সৃষ্টি কৰাটোৱে চৰকাৰৰ দায়িত্ব শেষ নহয়, ইয়াৰ প্রতিপালন কৰি পুলিটো ঠন ধৰি উঠিলেহে সফল  হ’ব চৰকাৰৰ উদ্দেশ্য ।
অৱশ্যে চৰকাৰৰ লগতে গছপুলি প্ৰতিপালনৰ দায়িত্ব ল’ব লাগিব ৰাইজেও।

Share This