ডিজিটেল ডেস্ক : বাৰিষা সমাগত। বাৰিষা আৰম্ভ হোৱাৰ লগে লগে সোৱণশিৰি নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এতিয়া চপৰা চপৰে খহিছে সোৱণশিৰিৰ গৰা। বিশেষকৈ সোৱণশিৰি খৰস্রোতা নদীয়ে ডিপাই অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰি খহনীয়াৰ সৃষ্টি কৰিছে। গোগামুখৰ ডিৰপাইত সৰ্বভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ লগতে সমগ্ৰ অঞ্চলটোলৈ তীব্র ভাবুকি কঢ়িয়াই আনিছে।
উল্লেখ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে নামনিবাসী ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰি অহা বুলি সততে দম্ভালি মাৰি আহিছে যদিও নামনিবাসী জনতাৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি তিলমানো গুৰুত্ব আৰোপ নকৰাত ক্ষোভ বৃদ্ধি পাইছে।
এনেদৰে যদি খহনীয়াৰ সৃষ্টি হয় অনাগত দিনত ভংয়কৰ ৰূপ ধাৰণ কৰাটো নিশ্চিত। সোৱণশিৰি নদীৰ ডিৰপাইত এন এইচ পি চিয়ে পার্কিউপাইন স্থাপন কৰিছিল যদিও পানীৰ প্ৰবল সোঁতে বর্তমান প্রায়বিলাক পার্কিউপাইন উটুৱাই নিয়ে।