ডিজিটেল ডেস্ক : নামৰূপ দিল্লীঘাট চাৰি নম্বৰত চলিছে অবাধ শিল খনন। শিল খননৰ সকলো অধিনিয়ম ভৰিৰে মোহাৰি দিলিহ নদীৰ এই অংশত হৈছে খনন। উল্লেখযোগ্য যে নামৰূপ সাৰ কাৰখানাৰ নতুন গোট অসম ভেলী ফার্টিলাইজাৰ কেমিকেল কোম্পানী লিমিটেডৰ প্ৰস্তাৱিত এলেকাৰ কাষতেই এই অবাধ খনন হোৱাৰ পৰিপ্ৰেক্ষিতত উদ্যোগটো নিৰ্মাণৰ ক্ষেত্ৰতো সমস্যা দেখা দিব। এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নামৰূপ আঞ্চলিক সমিতিয়ে আজি প্রতিক্রিয়া প্রকাশ কৰে।
সংগঠনৰ সভাপতি সঞ্জীৱ গগৈৰ ভাষ্য অনুসৰি নামৰূপৰ আঞ্চলিক বন বিষয়াক উক্ত অবাধ শিল খননৰ কথা অৱগত কৰিছিল যদিও বন বিভাগৰ কোনো পদক্ষেপ পৰিলক্ষিত নহ'ল।
বি আৰ চি নামৰ এটা কোম্পানীৰ নামত খননৰ অনুজ্ঞা-পত্ৰ থকা উক্ত অঞ্চলত সিং উপাধিৰ এজন শিল ব্যৱসায়ীয়ে সকলো চৰকাৰী অধিনিয়ম ভংগ কৰি শিল খনন কৰি আছে। আৰু এই সিং উপাধিৰ ব্যৱসায়ীজনেই বন বিভাগক মেনেজ কৰি নদীখনৰ ধ্বংস যজ্ঞ কৰাৰ উপৰি সাৰ কাৰখানাৰ নতুন গোটলৈ শংকাৰ কাৰণ হৈ পৰিছে। যুৱ-ছাত্ৰ পৰিষদে স্থানীয় বিধায়ক তৰংগ গগৈক উক্ত অবাধ খননৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়।