ডিজিটেল ডেস্ক: বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত কালি তিনিগৰাকী কংগ্রেছ বিধায়কে বিজেপিত যোগদান কৰে। মহানগৰীৰ বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ অন্যান্য শীর্ষ নেতাসকলৰ উপস্থিতিত ৰহাৰ বিধায়ক শশীকান্ত দাস, মঙলদৈৰ বিধায়ক বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই বিজেপিত যোগদান কৰে।
উল্লেখযোগ্য যে কেইদিনমানৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিছিল। ইয়াৰ পাছতেই কালি তিনিগৰাকীকৈ বিধায়কে হাত এৰি গেৰুৱা বসন পিন্ধা কার্য লক্ষণীয় হৈ পৰিছে। অৱশ্যে, বিজেপিৰ প্ৰতি সমর্থন আগবঢ়াই এই তিনিগৰাকী বিধায়ক কংগ্ৰেছৰ পৰা দীর্ঘ দিন ধৰি নিলম্বিত হৈ আছিল।
কালি বিজেপিত যোগদান কৰাৰ পাছত বিধায়ক কেইগৰাকীয়ে স্পষ্টভাৱে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হৈয়ে তেওঁলোকে বিজেপিত যোগদান কৰিছে। অনাগত দিনত কংগ্ৰেছৰ আৰু বহু লোকেও দলটোত যোগদান কৰিব বুলি কয় নেতাকেইগৰাকীয়ে। ইফালে, বিজেপিত যোগদান কৰা এই তিনিওগৰাকী বিধায়কক বিজেপিয়ে বিধানসভাৰ নিৰ্বাচনত প্রার্থিত্ব প্রদান কৰিব নে নকৰে তাক লৈ এতিয়া চৰ্চা আৰম্ভ কৰিছে।
মুখ্যমন্ত্ৰীৰ সৈতে সু-সম্পর্ক ৰক্ষা কৰি চলা বিধায়ককেইগৰাকীক প্রার্থিত্ব প্রদান কৰিলে বিজেপিৰ ভিতৰচ'ৰাত যে আন এক বিদ্রোহে দেখা দিব সেয়া নিশ্চিত। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মাথোঁ কয়- 'দলৰ টিকট দিয়াৰ কিছু নিয়ম আছে। অৱশ্যে, যোৱা এটা-দুটা বছৰৰ পৰা বিধায়ক তিনিজনে বিজেপিক সমর্থন কৰি আহিছিল।' এনে পৰিস্থিতিত নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰা এই তিনিগৰাকী বিধায়কৰ ভৱিষ্যৎ কি হ'ব সেয়া সময়েহে ক'ব।
ইফালে, কালি এই তিনিগৰাকী বিধায়কৰ উপৰি কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্র পর্শ বব কলিতা আৰু কমলপুৰৰ টি এম চিৰ প্রার্থিত্ব প্রত্যাশী কংকন নাথেও বিজেপিত যোগদান কৰে।