সমাগত অসম বিধানসভাৰ নিৰ্বাচন; কটকটীয়া নিৰাপত্তা বেষ্টনী প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ 

Rashmi April 02, 2026

ডিজিটেল ডেস্কঃ সমাগত বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনৰ আগত বা পিছত কোনো লোকে যাতে নিৰ্বাচন বিধি উলংঘা কৰিব নোৱাৰে তাৰ বাবে মহানগৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।

বিশেষকৈ প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে নাৰেংগী-চন্দ্ৰপুৰ ঘাইপথত অস্থায়ী তালাচী চকী স্থাপন কৰি ঘাইপথটোত চলাচল কৰা উজনি-নামনিৰ প্ৰতিখন যান বাহন তন্নতন্নকৈ তালাচী চলাইছে।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোনো কূটাঘাতকাৰীয়ে যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া তালাচী অভিযান চলাই আছে আৰক্ষীয়ে। বিশেষকৈ আগন্তুক নিৰ্বাচনত কোনো ভোটাৰ যাতে ভীতিগ্ৰস্ত হৈ থাকিব নালাগে তাৰ বাবে ফুট পেট্ৰলিং , নাকা চেকিং চলাইছে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে। 

তদুপৰি কোনো লোকে অবৈধভাৱে বৃহৎ পৰিমাণৰ ধন লৈ ঘূৰি ফুৰিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে।







উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This