তালাপ-ধূলিজান-কৰ্দৈগুৰি পথ বিধ্বস্ত

dainik janambhumi May 27, 2026

ডিজিটেল ডেস্ক : অসমত বিধানসভাৰ নিৰ্বাচন আহিল আৰু গ'ল। নির্বাচনী প্ৰচাৰ সভাত ৰাজ্যৰ উন্নয়নৰ শ্ল'গান দি এন ডি এ মিত্রজোঁট দলে ভোটাৰ ৰাইজৰ সমৰ্থন লাভকৰি বিপুল ভোটত জয়যুক্ত হৈ চৰকাৰ গঠন কৰিলে। কিন্তু ৰাইজেহে উন্নয়নৰ নামত প্ৰকৃতাৰ্থত কি দেখিলে সেয়াহে লক্ষণীয় বিষয়। তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ খোবাং-গাখীৰভেটি আৰু মাকুম সমষ্টিৰ কৰ্দৈগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত 'তালাপ-ধূলিজান-কৰ্দৈগুৰি' সংযোগী পথটোৰ বিধ্বস্ত ৰূপে ৰাইজক জ্বলা-কলা খুৱাই আহিছে। 

পথটোৰ জৰাজীৰ্ণ ৰূপে সাধাৰণ ৰাইজৰ লগতে নিতৌ বিদ্যালয়লৈ আহ-যাহ কৰা কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰো মহা সমস্যাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ২০১৮-১৯ বর্ষতে উক্ত পথটো পকীকৰণ কৰা হৈছিল। তাৰ পাছত মেৰামতিৰ নামত কণাহাঁহক পতান ধান দিয়াৰ দৰে পথ নিৰ্মাণকাৰী ঠিকাদাৰে কেৱল প্ৰতাৰণাহে কৰিলে বুলি ৰাইজে অভিযোগ তুলিছে। প্রায় এক কোটি আঠাইশ লাখ টকাৰে ৯ কিল'মিটাৰ দৈৰ্ঘ্যৰ পথৰ কামৰ আবণ্টন পোৱা পথটোৰ পাঁচ বছৰৰ মেৰামতিৰ বাবে পঞ্চলিছ লাখ টকা আবণ্টন দিছিল। 

নিৰ্ধাৰিত টকাৰে পথটোৰ মেৰামতিৰ ম্যাদো ইতিমধ্যে উকলি গৈছে। তাৰ পাছৰ পৰা পথটো নিৰ্মাণকাৰী ঠিকাদাৰ নাইবা চৰকাৰৰ গড়কাপ্টানী বিভাগেও কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি ৰাজহুৱা অভিযোগ উঠিছে। পথটো মেৰামতি কৰি দিবলৈ নিৰ্বাচনৰ প্ৰাক্ষণত শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াক ৰাইজে আহ্বান জনোৱাত বিধায়কজনে নির্বাচনী বিধি বলবৎ হৈ থকাৰ বাবে সম্প্রতি মেৰামতি কৰিব পৰা নহ'ব, নির্বাচনী ফলাফলৰ পাছত জয়ী হ'লে বাৰিষাৰ পূৰ্বে মেৰামতি কৰি দিয়াৰ আশ্বাস প্রদান কৰিছিল। নির্বাচনী যুঁজত বলিন চেতিয়াই বিপুল ভোেটত জয়যুক্ত হ'ল। সেয়েহে ৰাইজে বিধায়কজনে ৰাইজক দিয়া আশ্বাস (পথটো মেৰামতি কৰি দিয়া) অতি শীঘ্ৰে পালন কৰিবলৈ আহ্বান জনাইছে।

Share This