তিনিচুকীয়া আই টি আইত মৃত্যুঘণ্টা

dainik janambhumi April 07, 2025

ডিজিটেল ডেস্ক :  তিনিচুকীয়াত কাৰিকৰী শিক্ষা প্রতিষ্ঠান স্থাপন কৰাৰ বাবে আছুকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ ছাত্র সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। তিনিচুকীয়াৰ দৰে এখন বাণিজ্যিক চহৰত সংস্থাপনৰ বাবে কাৰিকৰী শিক্ষাৰ খুবেই প্রয়োজন। ছাত্র সংগঠনসমূহে চৰকাৰৰ ওচৰত দাবী কৰি আহিছে ঠিকেই, কিন্তু তিনিচুকীয়াত ইতিমধ্যেই থকা কাৰিকৰী শিক্ষা প্রতিষ্ঠান আই টি আইত প্রকৃততে কি হৈ আছে তাৰ খবৰ যে ছাত্র সংগঠনসমূহে ৰাখিছে সেয়া মনে নধৰে। বৰ্তমান সময়ত তিনিচুকীয়াৰ আই টি আইখনত নামভৰ্তি কৰিবলৈ হেতা-ওপৰা হয়।

বহু ভাল নম্বৰ পাই উত্তীর্ণ হোৱা ছাত্রয়ো নামভৰ্তি কৰিবলৈ সুবিধা নাপায়। ইমান গুৰুত্বপূৰ্ণ এখন কাৰিকৰী শিক্ষা প্রতিষ্ঠান বর্তমান কর্তৃপক্ষৰ অৱহেলাৰ বাবে দিনে দিনে ধ্বংসৰ দিশে গতি কৰিছে। বহু আশা লৈ ছাত্রই ইয়াত নামভৰ্তি কৰি কাৰিকৰী শিক্ষা ল'বলৈ আহে। কিন্তু নামভৰ্তি কৰাৰ পাছত হতাশাত ভোগে। আচৰিত লাগিলেও সঁচা যে চলিত বিদ্যাবৰ্ষত যোৱা ৩টা মাহে আই টি আইত এটাও প্রেকটিকেল ক্লাছ হোৱা নাই। ইয়াৰ কাৰণ প্রেকটিকেলৰ বাবে যাৱতীয় সামগ্ৰীৰ অভাৱ। ২০০৬ চনত কেন্দ্ৰীয় চৰকাৰৰ ডিৰেক্টৰ জেনেৰেল অব্ ট্রেইনিঙে প্রায় প্রধান প্রধান আই টি আইতে ইনষ্টিটিউট মেনেজমেন্ট কমিটী (আই এম চি)ৰ জৰিয়তে কেতবোৰ ট্রেডত আই টি আইৰ মাচুলতকৈ বেছি কিছু ধন লৈ নামভৰ্তি কৰে। ইয়াৰ উদ্দেশ্য হ'ল আই টি আইত থকা আসনৰ সংখ্যা বৃদ্ধি কৰা।

 

তিনিচুকীয়া আই টি আইতো ২০০৮ চনৰ পৰা আই এম চিৰ অধীনত নামভর্তি হৈ আছে আৰু সমান্তৰালভাৱে পাঠদান চলি আছে। ইয়াৰ বাবে ঠিকাভিত্তিক ইনস্ট্রাক্টৰ নিযুক্তি দিয়া হয়। তিনিচুকীয়া আই টি আইত থকা আই এম চিত ফিটাৰ, ইলেক্ট্রিচিয়ান, ডিজেল মেকানিক, ৱেল্ডাৰ, এম এম ভি, আই অ' টি, মেচিনিষ্ট আদি ট্রেড আছে। প্রতিটো ট্রেডতে দুটাকৈ শাখাও আছে। ইয়াৰে ইলেক্ট্রিচিয়ান ট্রেডত ৩টা শাখা আছে। এটা শাখাত ২৪জনকৈ ছাত্ৰৰ আসন থাকে। সেই হিচাপত আই এম চিত ৩৬০গৰাকী প্রশিক্ষার্থী আছে। এবছৰীয়া ক'ৰ্চ হ'লে নামভৰ্তিৰ মাচুল ১৬,৫০০ টকা আৰু দুবছৰীয়া ক'ৰ্চ হ'লে ৩৩,০০০ টকা হয়। নামভৰ্তিৰ টকাৰে ইনস্ট্রাক্টৰৰ দৰমহা দিয়া হয়। এই বৃহৎ পৰিমাণৰ টকা দি নামভৰ্তি কৰাৰ পাছতো প্রশিক্ষার্থীসকলে যোৱা তিনি মাহে প্রেকটিকেলৰ ক্লাছ কৰিব পৰা নাই। আনহাতে যোৱা বৰ্ষৰ আগষ্ট মাহত নামভর্তি হোৱাৰ পাছত বহু কেইটা ট্রেডত ইনস্ট্রাক্টৰ নাছিল, যাৰ বাবে মাহ মাহ ধৰি প্রেকটিকেল বাদেই, থিয়ৰি ক্লাছো হোৱা নাছিল। প্ৰশিক্ষাৰ্থীসকলে ইনস্ট্রাক্টৰৰ অভাৱত ক্লাছ কৰিব নোৱাৰি অধ্যক্ষ ৰাজু গোপালক অৱগত কৰি কৰি কাম নোহোৱাত অৱশেষত জিলা আয়ুক্তৰ কাষ চাপে। জিলা আযুক্তক অভিযোগ দিয়াত জিলা আযুক্তই অধ্যক্ষক মাতি নি ধমক দি শীঘ্ৰে ইনস্ট্রাক্টৰ নিযুক্তি দিবলৈ নির্দেশ দিয়ে। জিলা আযুক্তৰ ধমকৰ পাছত খৰধৰকৈ ইনস্ট্রাক্টৰ নিযুক্তি দিয়ে। কিন্তু প্রেকটিকেলৰ বাবে যাৱতীয় সামগ্রী নোহোৱাৰ বাবে প্রেকটিকেল কৰিব নোৱৰাৰ কথা তল পেলাই ৰাখিছে অধ্যক্ষগৰাকীয়ে।

 

কাৰিকৰী প্ৰতিষ্ঠানত প্রেকটিকেল নকৰাকৈ কেনেকৈ প্রশিক্ষার্থীয়ে শিক্ষা লাভ কৰিব সেয়া নক'লেও বুজিব পাৰি। আই টি আইখনত বর্তমান ফিটাৰ, ইলেক্ট্রিচিয়ান, ডিজেল মেকানিক, ৱেল্ডাৰ, এম এম ভি, আই চি টি এছ এম, মেচিনিষ্ট, আৰ এ চি, ইনস্ট্রুমেন্ট মেকানিক, ৱায়াৰমেন, কপা, ষ্টেন'গ্ৰাফাৰ আদি ট্রেড আছে। ইয়াৰে ৱেল্ডাৰত দুটাকৈ শাখা আছে। বিভিন্ন উদ্যোগত প্রয়োজন হোৱা কাৰিকৰী জ্ঞান থকা প্রশিক্ষার্থী এই আই টি আইৰ পৰা শিক্ষা লৈ চাকৰি কৰি আছে। তেনে ক্ষেত্ৰত আই টি আই খনে প্রশিক্ষার্থীসকলক প্রেকটিকেলৰ ক্লাছ কৰাব নোৱৰাটো অতি দুখৰ বিষয়। আনহাতে কেইবাটাও ট্রেডৰ ইনস্ট্রাক্টৰে অৱসৰ লোৱাত সেই ট্রেডত একোটাকৈ শাখা বন্ধ কৰি দিছে নতুবা ট্রেডটোত নতুনকৈ নামভর্তিয়ে বন্ধ কৰি দিছে। উদাহৰণস্বৰূপে টানাৰ আৰু ড্রাফ্টমেন মেকানিকেলৰ ইনস্ট্রাক্টৰৰ অৱসৰ হোৱাত ভালেমান বছৰ ধৰি ট্রেড দুটাৰ বিলুপ্ত ঘটাই দিছে। আই এম চিৰ ইনস্ট্রাক্টৰসকলে যিহেতু ঠিকাভিত্তিকভাৱে কাম কৰি আছে, তেওঁলোকৰ ১১ মহীয়া ঠিকাৰ 'কন্ট্রেক্ট এগ্রিমেন্ট' প্রতিবছৰে নৱীকৰণ হ'ব লাগে। কিন্তু যোৱা বৰ্ষত ম্যাদ ওকলাৰ পাছতো আজিলৈকে ইনস্ট্রাক্টৰসকলৰ 'কন্ট্রেক্ট এগ্রিমেন্ট' নৱীকৰণ কৰা নাই অধ্যক্ষগৰাকীয়ে।

Share This