চকুৰ ফ্লুৰ পৰা হাত সাৰিবলৈ ঘৰতে ঔষধ  তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰিব, জানি লওক  কেনেকৈ !

Jyoti Borah August 16, 2023

 ডিজিটেল ডেস্কঃ   বাৰিষাৰ সময়ত মানুহৰ বহু প্ৰকাৰৰ সংক্ৰামক ৰোগ বিয়পি পৰাৰ আশংকা থাকে। ইয়াৰ ভিতৰত ডেংগু, মেলেৰিয়া প্ৰথম। কিন্তু এইবাৰ বেছিভাগ মানুহেই চকুৰ ফ্লুৰ বলি হৈছে। চকুৰ ফ্লু মানে চকুৰ সংক্ৰমণ, কনজাংটিভাইটিছ, চকু ৰঙা পৰা, চকুত বিষ, চকু শুকান হোৱা আৰু খজুৱতিৰ দৰে সমস্যা।
সমগ্ৰ দেশতে দ্ৰুতগতিত বৃদ্ধি পাইছে চকুৰ ফ্লুৰ ৰোগী। এনে পৰিস্থিতিত মানুহে চিকিৎসকৰ সৈতে যোগাযোগ কৰি ঔষধ সেৱন কৰি আছে, লগতে কিছুমান চিকিৎসালয়লৈও গৈছে। কিন্তু ইংৰাজী ঔষধ আৰু চিকিৎসাৰ বাহিৰেও যদি আমি এই সমস্যাৰ পৰা হাত সাৰিব বিচাৰো তেন্তে আয়ুৰ্বেদৰ সহায়ো ল’ব পাৰি। একাংশ বিশেষজ্ঞই কয় যে আয়ুৰ্বেদিক পদ্ধতিৰে চকুৰ ফ্লুৰ চিকিৎসা কৰিব পাৰি। এই নিশ্চিত প্ৰতিকাৰৰ দ্বাৰা চকুত বিয়পি পৰা সংক্ৰমণ শিপাৰ পৰা নিৰ্মূল কৰিব পৰা যায়। কেনেকৈ জানো আহক...
        যদি চকুৰ ফ্লু হৈছে, তেন্তে ডাক্তৰৰ ওচৰলৈ দৌৰি যোৱাৰ প্ৰয়োজন নাই। ঘৰতে চিকিৎসা কৰি নিৰাময় কৰিব পাৰে। ইয়াৰ বাবে এগিলাচ পানীত এচামুচ ত্ৰিফলা চূৰ্না গুড়ি দি উতলাই লওক। তাৰ পিছত কম জুইত অলপ সময় উতলিবলৈ দিব।  পানীখিনি  শুকাই যোৱাৰ লগে লগে গেছৰ পৰা উলিয়াই ঠাণ্ডা হ’বলৈ দিব। এতিয়া এই পানী পৰিষ্কাৰ কাপোৰেৰে ফিল্টাৰ কৰি দিনটোত দুবাৰৰ পৰা তিনিবাৰ চকু ধুব। এই বিধ ঘৰুৱা পদ্ধতিৰ পৰা আপুনি বহুত সকাহ পাব। চকুৰ ফ্লু নিৰাময়ৰ বাবে এইটো এটা অতি ফলপ্ৰসূ উপায়।
চকুৰ ফ্লু কেনেকৈ বিয়পে জানেনে?
        প্ৰায়ে মানুহে বিশ্বাস কৰে যে চকুৰ ফ্লু হোৱা ব্যক্তিৰ চকুলৈ চালে আন এজন ব্যক্তিৰ চকুৰ ফ্লু হ’ব পাৰে। কিন্তু এই কথা সঁচা নহয়। বিশেষজ্ঞসকলে কয় যে এয়া কেৱল ভুল ধাৰণা। আক্ৰান্তৰ চকুলৈ চালে চকুৰ ফ্লু কেতিয়াও বিয়পি নাযায়। বৰঞ্চ তেওঁৰ হাতৰ সংস্পৰ্শলৈ আহিলেই হ’ব পাৰে।
 

Share This