ডিজিটেল ডেস্ক : পশ্চিমবংগত বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী দলক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা তৃণমূল কংগ্ৰেছৰ (টি এম চি) মুৰব্বী মমতা বেনার্জীয়ে। কলকাতাৰ বিৰলা প্লেনেটৰিয়ামৰ কাষত অনুষ্ঠিত শ্বহীদ দিৱসৰ অনুষ্ঠানত ভাগ লৈ মমতাই কয় যে বিৰোধী ৰাজনৈতিক দলসমূহে নিজৰ মাজৰ বাদ-বিবাদ, পার্থক্যসমূহ একাষৰীয়া কৰি বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ সময় আহি পৰিছে।
ৰাজ্যখনৰ শাসকীয় বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সকলো বিৰোধী দলকে 'ইণ্ডিয়া' মৰ্চাৰ বেনাৰৰ তলত একত্রিত হ'বলৈ তেওঁ আহবান জনায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ, এন চি পিৰ সৈতে তৃণমূল কংগ্ৰেছ 'ইণ্ডিয়া' মৰ্চাৰ বেনাৰত ঐক্যবদ্ধ হৈ আছে যদিও পশ্চিম বংগত দলকেইটাৰ মাজত বিভিন্ন বিষয়ত বিৰোধ আছে। এতিয়া এই বিৰোধ-অনৈক্যক একাষৰীয়া কৰি হাতত হাত ধৰি আগবঢ়াৰ বাবে মমতা বেনাৰ্জীয়ে সকলো বিৰোধীলৈ আহ্বান জনাইছে।
ইফালে, তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী গোটক 'বিশ্বাসঘাতক' আখ্যা দিয়ে মমতাই। তেওঁলোকক কোনোপধ্যেই দললৈ ঘূৰি অহাৰ অনুমতি দিয়া নহ'ব বুলিও ক্ষোভেৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিৰলা প্লেনেটৰিয়ামৰ সন্মুখত টি এম চিয়ে আয়োজন কৰা শ্বহীদ দিবস অনুষ্ঠানৰ মঞ্চখন সোমবাৰে নিশা অচিনাক্ত দুর্বৃত্তই ভাঙি লণ্ডভণ্ড কৰে।
দুর্বৃত্তই বেনাৰ, হর্ডিংসমূহ ফালি পেলোৱাৰ লগতে মঞ্চখনো ভাঙি দিয়ে। পৰৱৰ্তী সময়ত মমতা বেনাৰ্জীকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা উক্ত স্থানত উপস্থিত হৈ নিশাটো তাতে থাকে। মঙলবাৰে পুৱা মঞ্চখন পুনৰ নিৰ্মাণ কৰি শ্বহীদ দিৱস পালন কৰা হয়।